সেই সময়ত গাৱেঁ-ভূঁয়ে, পথাৰে-বাৰীয়ে, হাবিয়ে বননিয়ে ভূত-প্ৰেত আদিৰ বিচৰণ আছিল বুলি সেই দিনৰ লোকসকলৰ মুখে - মুখে বাগৰি আহিছে ।
তেনে এটি কাহিনীকেই লিপিবদ্ধ কৰিলোঁ ।
💀সন্ধ্যা ভাগি ৰাতি - এনেতে
এন্ধাৰ হবলৈ আৰম্ভ কৰিছে ।
বৰালিমৰা গাঁৱৰ পৰা ফুৰি অহা এজন বুঢ়া মানুহে পাথৰিচুক নিজৰ গাৱঁলৈ উভতিবলৈ লৈছিল আৰু ঘৰলৈ বুলি বাট লৈছিল ।
মাজতে এখন বৰ ডাঙৰ পথাৰ পাৰ হৈ যাব লাগে । বুঢ়াই বৰালিমৰা গাঁৱৰ পৰা বাটলৈ ওলাল । এনেতে, নিজৰ গাৱঁৰে কােনােবা এজনকো বাটলৈ আহি লগ পালে । বুঢ়াই ভাবিলে ঠিকেই আছে কথা-পতা লগ এটা হব । দুজন হ'লে ভালেই লাগিব ।
বুঢ়া আক' শৰণ লােৱা 'ভকত' ।
মানুহে কয় ,"ভকত সকলক হেনাে ভূতে ভয় কৰে "।
বুঢ়াই বাটত যাওঁতে কথা কৈ কৈ গৈ আছিল আৰু
লগত যােৱাজনে অঁ অঁ বুলি কৈ মাজে হয়ভৰ দি গৈ আছিল !!
কিছু পৰৰ পিছত বুঢ়াই মন কৰিলে
মানুহজনে দেখুন য'ত অঁ বুলি ক'ব লাগে - তাত কােৱা নাই
এনেয়ে হােৱাই নােহােৱাই অঁ অঁ কৰি কথাৰ মাজে-মাজে কৈ থাকে ।
বুঢ়াই তাৰ মাজতে পিছলৈ এনেয়ে এবাৰ ঘূৰি চাই দেখিলে যে তাৰ ভৰিৰ পতাখন
ওলােটা ৷
তাৰ আগতে বুঢ়াই মানুহ বুলিয়েই ভাৱি আছিল !! তাৰ পিছতহে বুজিলে - অঁ, ই মানুহ নহয় !!!!!
তেতিয়া আৰু বুঢ়াৰ বুজিবলৈ বাকী নাথাকিল !! এওঁ নৰ-মনিচ নহয় !!
বুঢ়াই তেতিয়া এটা ডাঙৰ চিঞৰ মাৰিলত
উলােটা ভৰিৰ ভূতটােৱে বিজুলী বেগেৰে হাবিৰ ফালে প্ৰচণ্ড শব্দ কৰি পথাৰৰ ফালৰ নল খাগৰিবােৰ গছকি খিৰিপ-খাৰাপ শব্দ কৰি গুচি গ'ল !!!
তথ্যমতে, সেই শৰণ লোৱা বুঢ়াক ভূতে একো অপকাৰ কৰিব নোৱাৰিলে ।
বুঢ়াই ঘৰ পাই সকলোকে সেই ঘটনাবােৰ বিৱৰি কৈছিল ।
মানুহে কয়- বুঢ়াই ভয় কৰা হ'লে ঠাইতে ভূতে মাৰি পেলালে হয় !!
কিন্তু, বুঢ়া অলপ সাহসী আছিল !!
সেইবাবে অকলশৰীয়াকৈ হ'লেওঁ বাচি আহিল ।
সেই দিনবােৰত ভূত-প্ৰেতৰ বিচৰণ আছিল আৰু বহুতে লগ পাইছিল বুলি গাঁৱৰ মানুহে জানিছিল আৰু মুখে-মুখে কাহিনীবােৰ প্ৰচলিত ॥
( সেই বুঢ়াজনে নিজ মুখেৰে গাৱঁৰ মানুহক কাহিনীটি কৈছিল)
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ