জনজাতীয় ৰাভাসকলৰ গীত মাত বগেজাৰী-০৮

Rinku Rajowar
0
যোৱা সংখ্যাৰ পিছৰ পৰা....
     ভালপোৱাৰ বিনিময়ত ডেকাই গাভৰুক মৰমৰ চিন স্বৰূপে বা উপঢৌকন স্বৰূপে আগবঢ়াব খোজে মৰমৰ বস্তু | বুকুৰ মৰম জনাই ডেকাই গায়
     গাছ কাটং টুং টাং
      মাৰ্ কী নদীৰ পাৰত
      চকুত লগা খাৰু দিম
       ধুপধৰীয়া হাটত  |
  বিনিময়ত গাভৰুৱেও ডেকাৰ মৰমত সঁহাৰি জনাই মনৰ মৰম যাচে আৰু গীতৰ মাজেৰেই দুয়োৱে বিবাহত সন্মতি দিয়ে |
    একো শাক নাপাই নথাই
        ৰান্ধি থৈ-চুং জিম্
     কাৰো আগত নকবি 
        ৰাঙা ফালি দিম  |
     কাকাৰাৰে গাৰাতে 
     চেং বাহা লয়
     তুই নিলে মই যাম 
      দাদাক নকৰং ভয়  |
  ডেকা গাভৰুৱে পৰস্পৰক পলুৱাই নি বিবাহ পাশত আৱদ্ধ হোৱা প্রথা ৰাভা সমাজত আছে | ডেকাই কোনোপধ্যে গাভৰুক মান্তি কৰাব নোৱাৰিলে আগৰ কালত আহুদি খুৱাই বা মন্ত্রপুত কৰি নিয়াৰ প্রবাদো আছে | 
    ৰাভাসমাজত ঘৰজোঁৱাই ৰখা প্রথাৰ উমান পোৱা যায় বগেজাৰীৰ এফাঁকি গীতত | অকল ৰাভা সমাজতে নহয় , অন্য উচ্চ হিন্দু নাইবা অন্য জাতিতো এই প্রথা আছে | বগেজাৰী গীতত পোৱা হয়...
     ভীম কলৰ পাত পাচলি
     মালভোগ কলৰ পুলি
     বাটে পথে বেৰাই ফুৰোং
     জাঙয় ৰাখক বুলি  |
  ঢোকা ৰখা প্রথা ৰাভা সমাজত বিৰাজমান | বগেজাৰী গীতত তাৰেই আভাস দিছে এইদৰে....
    শাল পাতৰ কাচেৰাং 
     নলবাঁহৰ হোকা
    আমাৰ ফালে নাহিবি
     ৰাখি পেলাম ঢোকা  |
আগলৈ....

     🖋️ হেমেন হাজৰিকা  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)