তুমি এই জীৱনত,
মােৰ শৰীৰত কিয় (?) বগা কাপােৰ ঢাকি
দিলা ।
আৰু, তুমি আজি কিহৰ প্ৰস্তুতি কৰিছা
-কিহৰ চিতা সাজিছা (?)
মােৰ "জীয়া শৰীৰতো" কিয়
চিতাৰ ওপৰত তুলি দি
মুখাগ্নি কৰিলা ?
মােৰ শয়ন কক্ষৰ
ছবিখনত কিয় (?) পিন্ধালা
"ফুলৰ মালা" ,
মই -বুজি পালাে আৰু বুজি নাপালো
সন্দেহৰ আবৰ্তত।
তােমাৰ নিভৃত কােণৰ অন্তৰ - আত্মাৰ
লগত কথা পাতি - কােৱা মােক
" সেই কাৰণ " - মােৰ বাবে তুমি কিয় জীৱন্ত চিতা সাজিলা ?
তেতিয়াও সুখ পাম কিজানি-
"যেতিয়া সঁচাকৈয়ে মােৰ শ্বাসৰূদ্ধ হ'ব"
তেতিয়াহে মােৰ আত্মাই শান্তি পাব ।
মােৰ আত্মাৰ শান্তিৰ বাবে
তোমাৰ নিভৃত কােণৰ প্ৰকৃত কথাতো
কোৱা - কিয় তুমি অসন্তুষ্ট মােৰ ওপৰত ।
তেতিয়া, মই এই মায়া এৰি গুচি যাম,
তোমাক আৰু আমনি নকৰো ।
কিন্ত,
"এনেদৰে
নাসাজিৱা মােৰ বাবে জীৱন্ত চিতা" ।
নাসাজিবা মােৰ বাবে জীৱন্ত চিতা ।
🖋️মীনা পামে গাম
মােৰ শৰীৰত কিয় (?) বগা কাপােৰ ঢাকি
দিলা ।
আৰু, তুমি আজি কিহৰ প্ৰস্তুতি কৰিছা
-কিহৰ চিতা সাজিছা (?)
মােৰ "জীয়া শৰীৰতো" কিয়
চিতাৰ ওপৰত তুলি দি
মুখাগ্নি কৰিলা ?
মােৰ শয়ন কক্ষৰ
ছবিখনত কিয় (?) পিন্ধালা
"ফুলৰ মালা" ,
মই -বুজি পালাে আৰু বুজি নাপালো
সন্দেহৰ আবৰ্তত।
তােমাৰ নিভৃত কােণৰ অন্তৰ - আত্মাৰ
লগত কথা পাতি - কােৱা মােক
" সেই কাৰণ " - মােৰ বাবে তুমি কিয় জীৱন্ত চিতা সাজিলা ?
তেতিয়াও সুখ পাম কিজানি-
"যেতিয়া সঁচাকৈয়ে মােৰ শ্বাসৰূদ্ধ হ'ব"
তেতিয়াহে মােৰ আত্মাই শান্তি পাব ।
মােৰ আত্মাৰ শান্তিৰ বাবে
তোমাৰ নিভৃত কােণৰ প্ৰকৃত কথাতো
কোৱা - কিয় তুমি অসন্তুষ্ট মােৰ ওপৰত ।
তেতিয়া, মই এই মায়া এৰি গুচি যাম,
তোমাক আৰু আমনি নকৰো ।
কিন্ত,
"এনেদৰে
নাসাজিৱা মােৰ বাবে জীৱন্ত চিতা" ।
নাসাজিবা মােৰ বাবে জীৱন্ত চিতা ।
🖋️মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ