সময়ৰ আহ্বান

Rinku Rajowar
0
এটি দুখৰ আবেলিত

আছিলো মই দিচাং মুখৰ
সহোদৰৰ পিৰালিত বহি
সন্মূখত আছিল ৰংবিৰঙৰ এখন ফুলনিবাৰী
দুখৰ আবেলিটোত সুখবোৰ অসৰহ
নামি আহিছিল এধানি এধানি কৈ ।

এতিয়া নাই তাত ফুলনি বাৰীখন
সময়ৰ সোঁতে নিলে উৰুৱাই
সময়ৰ আহ্বান এতিয়া যেন তাত
মৰিশালী সদৃশ নিজান , নিস্তব্ধ
আমিবোৰ হেৰাই গৈছোঁ সময়ৰ সোঁতত ।

এতিয়া পৃথিৱীয়ে টুকিছে চকুলো
যেন হৈ পৰিছে ধৰিত্ৰী আই সহায়হীন ।

🖋️ৰমেন চাংমাই ( চাচনী )


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)