বৰষুণৰ ৰাগী-০৩

©Admin
0
কথাবোৰ ভাবি ভাবি তাইৰ ৰুমৰ ফালে যাব ধৰে ৷ তেনেতে তাইৰ ফোনটো বাজি উঠে ৷ চাই দেখে তাইৰ ৰুমমেট ৰাণুৱে ফোন কৰিছে ৷ তাই লাহেকৈ ফোনটো ৰিচিভ কৰিলে ৷ ইফালৰ পৰা গালিৰ বৰ্ষন আৰম্ভ হয়
 তোক মই ইমান ফোন কৰি আছো..কি কৰি থৈচ’ ফোনটো..কিমান চিন্তা হৈছে মোৰ তই জান’নে..কাণ্ডজ্ঞান বোলা বস্তুটো তোৰ নাই  অকণমানো ৷ ক’ত আছ’ তই ?
ৰাণু;  মীনাক্ষীৰ ৰুমমেট, বয়সত তাইতকৈ দুইবছৰমান ডাঙৰ হ’ব ৷ ওচৰৰ বেংক এটাত চাকৰি কৰে ৷ তাইক  বায়েকৰ দৰেই মৰম কৰে,শাসনো  কৰে ৷ তাই বেয়া পোৱা কাম কৰিলে গালিও খাই ৷ আজি যে ৰুমত আৰু গালি খাব তাই খাতাং হ’ল ৷
লাহেকৈ গৈ আছো , ৰুম পামগৈ বুলি কৈ ফোনটো কাটি দিলে ৷
ৰুমত সোমাইয়ে ৰাণু ৰ মুখামুখি
হয় ৷ তাই কিবা কোৱাৰ আগতে মীনাক্ষী বাথৰুমলৈ লৰ মাৰে ৷ মুখ হাত ভালকৈ ধুই কাপোৰযোৰ সলাই লয় ৷ তাই বাথৰুমৰ পৰা ওলাই অহালৈ ৰাণুৱে চাহ কৰে ৷ দুয়োজনীয়ে নিজৰ কামৰ পৰা আহি একেলগে চাহ খোৱাটো এক প্ৰকাৰ অভ্যাসত পৰিণত হৈছে ৷ মীনাক্ষী আহি ৰাণুৰ ওচৰত বহি লৈ ৰাস্তাত ঘটা কাহিনী এটা এটাকৈ কৈ চাহত চুমুক দিয়ে ৷ কথাবোৰ শুনি ৰাণুৱে মৃদু ধমকি এটা
দিয়ে ৷ অফিচৰ পৰা ওলাই ফোন এটা নকৰাৰ বাবে কাণচেপা এটাও খায় ৷ তাই হাঁহি হাঁহি ৰাণুক সাবটি ধৰে ৷

ৰাতি শুব লৈ ও মীনাক্ষীয়ে মানুহজনৰ কথাকে ভাবি থাকে ৷ নিশ্চয় মানুহজন বহুত ভাল হ’ব ৷ অকলশৰীয়া ছোৱালীক এনেকৈ সহায় কৰা মানুহ বহুত কমেই
থাকে ৷  ন’হলেতো আজিকালি প্ৰায়বোৰচোন সুযোগৰ সন্ধানতে থাকে ৷ অনামী আবেগ এটাই কোবাই যায় তাইক ৷ পিছে  মানুহজনৰ বিষয়ে একো নোসোধা কথাটোৱেহে মনটো বেয়া লগাই দিয়ে ৷ কিয় যে একো নুসুধিলে ৷ মানুহজনৰ কথা ভাবি ভাবিয়ে তাই টোপনি যায় ৷

ৰাতিপুৱা শুই উঠিয়ে লাগতিয়াল কামবোৰ কৰি অফিচ যাবলৈ সাজু হয় ৷ অকমাণো যদি দেৰী হয় বছৰ গালি আৰম্ভ ৷ সেই কাৰণে তাই সময়ত পোৱাকৈয়ে সাজু হয় সদায় ৷ অফিচলৈ ওলাই আহি গাড়ীলৈ বুলি ৰৈ থাকোতে আকৌ মানুহজনলৈ মনত পৰিল তাইৰ ৷ কিয় জানো মানুহজনৰ লগত ভালদৰে চিনাকি হ’বলৈ তাইৰ মন গৈছে ৷ কিবা কিবি ভাবি থাকোতেই মেজিক এখন আহিলত তাই উঠি ল’লে ৷ অফিচৰ কামৰ মাজতো তাই কালি ৰাতিৰ কথাবোৰ  মনত পৰি থাকিল ৷

অফিচৰ পৰা আহি সন্ধিয়া ৰাণু ক কথাবোৰ ক’লে ৷ ৰাণুৱে প্ৰথমে জোকালে অলপ ৷ লগত আহোতে ইমান ভয়; এতিয়া আক’ লগ পাব মন ৷ আৰু কিবা ক’লে যে ৰাণুৱে জোকাব খাতাং ৷ একো নোকোৱা হ’ল আৰু তাই ৷ অফিচ যাওঁতে , আহোতে বাটলৈ চকু যায় কেনেবাকৈ দেখে নেকি মানুহজনক ৷
এদিন হঠাৎ অফিচৰ পৰা আহোতে মানুহজনক ৰাস্তাৰ কাষত কাৰোবাৰ লগত কথা পাতি থকা দেখিলে ৷ তাই গৈ পাই মানে মানুহজন তাৰ পৰা গুচি গ’ল ৷ অকমাণত লগ নোপোৱাকৈ থাকিল তাই ৷ বেয়া লাগি গ’ল তাইৰ মনটো ৷  সদায় তাই সেই ঠাইকণলৈ চাই মানুহজনক দেখে নেকি ৷ নাই, কোনোদিন দেখা নাপালে।

✍️ দশমী শইকীয়া
      গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)