মোৰ নিশাৰ টোপনি হৰিল
কেতিয়াবা গভীৰ ৰাতি হঠাতে
সাৰ পাই উঠো...।
তুমি নাই নহ বায় সেইবাবে
তুমি বিহিন এই পৃথিৱীখন...
বৰ উকা উকা লাগে অ'...
আমি দেখোন জীৱনৰ প্ৰতিটো ক্ষণত এক হৈ থকাৰ প্ৰতিশ্ৰুতি দিছিলো
কিন্তু তুমি মোক জীৱন ৰূপী মাজ সাগৰত অকল সৰে থৈ গুচি গ'লা।
তোমাৰ পৰশবোৰ, তোমাৰ কথা বোৰ, তোমাৰ হাহি, তোমাৰ ধেমালি...
সকলোবোৰে যেন
মোৰ বুকুত খুন্দিয়াই ছে...
মই আৰু
পাৰা নাই আহ্...
কি যন্ত্ৰণা ....
পৰা নাই মই সহ্য কৰিব
নভৱাকৈয়ে আকি থৈ গ'লা
আমাৰ প্ৰেমৰ ছবি
হৃদয় নামৰ কেনভাচত।
উতি গ'লা সোঁতত ...
সময়ৰ আগতে।
তুমি বিহিন জীৱন বৰ উকা অ'
আজি কালি মোৰ আগৰদৰে
হাঁহি মাতিব ভাল নালাগে জানা...
তুমি নাই নহয় সেইবাবে।
আৰু জানা... কোনো কামতেই মন নবহে
তুমি নাই নহয় সেইবাবে।
তুমি চিন্তা নকৰিবা প্ৰিয়ে,
মই আহি আছোঁ তোমাৰ কাষলৈ।
তুমি মোৰ কাষত আহিব নোৱাৰা তাতেনো কি হ'ল?
মই আহি আছোঁ।
তুমি বিহিন জীৱন বৰ উকা অ'
এই পৃথিৱীখন ত তুমি বিহিন জীৱন মই নোৱাৰোঁ কল্পনা কৰিবলৈ ।
তুমি নাই নহয় সেইবাবে।
এনেদৰে এজন কবিয়ে জীৱনৰ অন্তিম নিশ্বাস ত্যাগ কৰিলে প্ৰেয়সী পত্নীৰ বিয়োগত।
🖋️মমতা মন্ডল
বিভাগ: অসমীয়া
জিলা: হোজাই অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ