যন্ত্ৰণা

©Admin
0
কিমান যন্ত্ৰণা পালে 
বস্তুবোৰ স্থায়ী হৈ বাৰু...

প্ৰায় তিনি বছৰ ধৰি  গৰ্ভত থিতাপি লৈছা যন্ত্ৰণা
বুকুৰ কেঁচা তেজ, মাংসৰে তোমাক লালন-পালন কৰিছোঁ

গৰ্ভত ভুমুকি মাৰি চাওঁ
তুমি আমাৰ আদৰত পৰিপূৰ্ণ হৈ উঠিছানে...
আকৌ লাগে তুমি পুষ্টিহীনতাত ভুগিছা
ভাগৰৰ চিন নোহোৱা  ভৰি দুখন
আকৌ নামি পৰে পথাৰলৈ

তুমি আমাৰ গৰ্ভস্থ সন্তান
এই যেন আহি আমাক পৰিপূৰ্ণ কৰিবা 
কষ্টৰ ঘাবোৰ যাদুময় স্পৰ্শৰে ফুলি ইতৰৰ দৰে উৰিব

 সময়ৰ ভেটাত তুমি, আমি বান্ধ খাই পৰিছো
এবাৰ দুবাৰ নহয়  বাৰ বাৰ 
প্ৰকৃতিৰ কি যে মায়াজাল ...

তুমি আমাৰ গৰ্ভৰ অলংকাৰ
প্ৰসৱৰ দুৱাৰডলিত বহি 
চাই আছো পোহৰলৈ বাট 

পিয়াহত আতুৰ আমাৰ চকুহাল
তুমি ক'লা -- আন্ধাৰৰ সিপাৰেইতো পোহৰৰ ঘৰ
প্ৰসৱ যন্ত্ৰণাৰ স্বৰ্গীয় অনুভূতিত
এই যেন  বুকুডৰাত এমুঠি সৰিয়হ ফুলি উঠিব...

📝ৰীতা গোৱালা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)