সপোন

©Admin
0
এই চহৰত নৈশ জীৱন বৰ কঠিন
ভোকাতুৰ নৰ পিশাচৰ,
ভুকভুকনিয়ে নিদ্ৰাহীন কৰে
স্বপ্নৰে পৰিপূৰ্ণ দুচকুৰ।
মন যায় পিতায়ে কঢ়িয়াই ফুৰা
কষ্টৰ ভাগিদাৰ হ'বলে',
আতঁৰ কৰিবলে' সামাজিক কু-সংস্কাৰ।
মন যায় সমাজে লজ্জিত কৰা পিতাইৰ অস্থিৰতাৰ সমভাগী হ'বলে',
পথাৰৰ কেঁচা আলি আৰু নাঙলৰ খুঁটিত ধৰি সোণোৱালী সপোনবোৰ চপাই আনিবলে'।
মানৱসৃষ্ট ৰীতি-নীতিৰ বান্ধোনৰ পৰা মুক্ত মনে উৰি ফুৰিবলে',
সম্প্ৰীতিৰে গঢ়িব খোজোঁ
বিচাৰোঁ জীৱনৰ বিমূৰ্ত মুহূৰ্ত্তবোৰ।

  📝জয়া বড়ি
বোকাখাত/ৰজাবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)