কামিহাঢ়ৰ ফাকেদি সৰকি যায়
দোষৰ একুৰিমান অনুভৱ মোৰ বৃদ্ধাশ্ৰমৰ
দুৱাৰ ডলিত কোনোবা মাতৃৰ ক্ৰন্দন,
বুকুৰ দোমোজাত ভাহি আহিলে
পুৰনি গীতৰ মায়াময়ী সুৰৰ লহৰ হৈ
অপৰাধী সাইলাস ছবিখন মনলৈ
ভেজা দি জোৰ কৰি উজাই আহে,,,,
বহুত দেখিলো পুত্ৰপ্ৰেমৰ ব্যাকুলতা
আৰু বহু পিতৃক পুত্ৰ প্ৰেমত মগ্ন হৈ
শেষৰ দফাত নিজক বৃদ্ধাশ্ৰমত
পাহৰি পেলোৱা নিৰাশাবোৰো
সময়ৰ গতিবেগৰ প্ৰতিফলনত
ভটিয়াই যোৱা দেখিলো শ্মশানৰ দিশত,
মাতৃ সপোনবোৰৰ বিদায় বেলিকাটি
পুত্ৰচেনেহৰ দুহাতৰ পৰশ বিছাৰি
মৰিশালিৰ চিতাৰ কাষত ক্ৰন্দন কৰে,
আৰু জুইকুৰাই আশাবোৰৰ অস্তি
পুত্ৰৰ পৰিবৰ্তে নিয়ম ভাগিদাৰীৰ ৰূপত
কৰ্মবীৰৰ চৰিত্ৰত আত্মাৰ মুক্তি দুৱাৰ
মুকলি কৰে পুত্ৰৰ অনুপস্থিতিত স্বৰ্গযাত্ৰাৰ ।।
📝মৃণাল ৰাজবংশী
ডিমৌ আঠাবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ