জীৱনৰ কেঁকুৰিত এবোজা বিষাদ সিঁচি
তৃপ্ত হৈছিল তোমাৰ হৃদয়;
পূৰ্ণ হৈছিল পূৰ্ণতাৰ অভিনয়।।
এতিয়া তুমিবিহীনতাত,
দিঠকৰ ঠিকনা বিচাৰি
সপোনে লুকা-ভাকু খেলিছে
জীৱনৰ উপত্যকাত,
যাযাবৰ অভিমান সামৰি মেলি দিছো
বিষাদৰ পানছৈ,
অপূৰ্ণ বাসনাৰ বিষাদত উটাই দিছো
বিষাক্ত বীজবোৰ,
আশা আৰু সপোন,
আৰু
ইহঁতৰ চিতাৰ ধূলিবোৰ.....।
কুৰুকি কুৰুকি
শব্দৰ মাজত সোমাই থকা
স্মৃতিবোৰ মচি পেলাইছো।
সপোনৰ সমাধিত
যন্ত্ৰণাৰ চিৎকাৰ
তথাপি,
ধূলিময় ধ্বংসস্তূপৰ নিষ্ঠুৰ অহংকাৰ কাঢ়ি ,
সজাব খুজিছো পুনৰ ভৱিষ্যতৰ আধাৰশিলা।।
অনুভৱ জড়িত সময়বোৰ পাহৰি
সুখৰ বেলিৰ অপেক্ষাত
অপেক্ষাৰত হৃদয়.....
মাথোঁ তোমাৰ অপেক্ষাত......
✍️প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ