ক্ৰমশঃ

সিদিনা হঠাৎ…
বুকুৰ বৰঘৰত পাৰি দিলো বৰপীৰা
হৃদয় খুলি উদঙালো আনক নোকোৱা
হেঁপাহৰ অনেক বাখৰুৱা কথা।

এদিন অজানিতে…
নিজলৈ নৰখাকৈয়ে যাঁচিলো
ভাৱনাৰ ভঁৰালৰ
য'তমানে সাঁচতীয়া সম্ভাৰ।

কিয় জানো……
নুবুজিলি আকুলতাৰে ভৰা 
মোৰ মনৰ কথা,
নপঢ়িলি দুচকুৰ বৰ্ণহীন ভাষা।

এতিয়া যে………
বিষাদৰ অন্তহীন নিশা
আৱেগৰ বিষাক্ত কীটে
কুটি খাই মোৰ কলিজা।

ক্ৰমশঃ……
বিশ্বাস-অবিশ্বাসৰ দোমোজাত 
মই হেৰুৱাই পেলাইছো 
মোৰ পুৰাতন ঠিকনা।
                          
🖋️ প্ৰবীণ দত্ত/ শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send