কোনো কাৰো নহয়

 তুমি কৈছা
    মই তোমাৰ আপোন
    এটা সপোন  |
     একেলগে থাকো ,
    খাওঁ
    শোওঁ
      ফুৰো
      খং কৰো
       হাঁহো   |
     তোমাৰ তেজত
    মোৰ নাম লিখা নাই জানো 
    তুমি ক'লেই
     অথবা মই নক'লেও
    আমি
     আপোন হ'ব নোৱাৰো 
    প্রত্যকেই নিজা
    তেন্তে কোৱাচোন
  তুমি মোৰ কেনেকৈ আপোন
    অৰুণিমা
    আচলতে ইয়াত
    কোনো কাৰো
    আপোন নহয় |

  📝হেমেন হাজৰিকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send