ৰাতিপুৱাৰ পৰা দি থকা বৰষুণজাক দেখি মীনাই অশান্তি অনুভৱ কৰিছিল ! বাৰে বাৰে বাৰান্দালৈ আহি বাহিৰৰ আকাশখন চাই গৈছিল , যেন এখন ক'লা ছাদৰৰ আঁচলে আকাশখন ঢাকি ধৰিছে " নাই বৰষুণ নেৰিব , তাৰ মানে মোৰ গীতাৰ বাৰ্ড ডে লৈ যোৱা নহব " মুখৰ ভিতৰতে ভোৰভোৰাই তাই ঘৰৰ ভিতৰত সোমাল !তাৰ পিছত নিজৰ শোৱনি কোঠাত সোমাই ভিতৰৰ পৰা দুৱাৰখন জপাই দি বিচনাত বাগৰিল, এনেতে তাইৰ মনলৈ আহিল' মইটো বহুদিনৰ পৰা কবিতা এটা লিখিম বুলি ভাবি আছিলো ,আজি সময় পাইছো লিখো ! দিনৰ দিনটো কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগত ,ঘৰলৈ আহি ঘৰুৱা কামত সময়ে বা ক'ত ! গতিকে আজি যিহেতু বৰষুণৰ বাবে বিশেষ কাম নাই তেনেহলে লিখো । এইবুলি ভাবি তাই খিৰিকীৰ কাষত থকা পঢ়া মেজৰ ওচৰত গৈ কাগজ -কলম লৈ উপস্থিত হ'ল ! আৰু খিৰিকীৰে বাহিৰত এৰিব নিবিচৰা অভিমানী বৰষুণজাকক চাই আৰম্ভ কৰিলে এটি সুন্দৰ কবিতা !
📝ৰিংকী মণি নাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ