দাপোন খনৰ সন্মুখত ঠিয় হৈ মিলিয়ে চাওঁ নাচাওঁ কৈ চকুজুৰি কোনোমতে ওপৰলৈ উঠালে ,
হঠাৎ হৈ যোৱা ঘটনাটো তাই বিশ্বাস কৰিব পৰা নাছিল। ভয় আৰু শঙ্কা দুয়োটাই মিলিক খামুচি ধৰিলে। কিজানিবা নেদেখিব লগিয়া কিবা দেখি পাই।
চিনাকী মনৰ অচিনাকী সপোন বোৰে পোখা মেলিছিলহে তাইৰ মনত । জীৱনৰ সপোনবোৰ ৰচিব শিকিছিল মিলিয়ে। ন' ৰ'দালীয়ে দেখা দিছিল তাইৰ হৃদয়ৰ চোতাল খনত।কিন্তু... সকলো যেন এতিয়া থমকি ৰ'ল।
এতিয়া দেখোন সকলোবোৰ উকা আৰু শূন্যতা.... তাইৰ কপালৰ ৰঙা সেন্দুৰকণ এতিয়া নাই, মিলিয়ে পিন্ধি ভাল পোৱা ৰঙা,নীলা, গোলপিয়া চাদৰখন এতিয়া বগা হৈ পৰিল ।
নতুন জীৱনৰ পাতনি মেলিবলৈকে নাপালে...ক্লান্ত সকলো!
মিলিয়ে অনুভৱ কৰিলে মাথোঁ শূন্যতা আৰু স্তব্ধতা।
📝জাচিংফা গগৈ
জিলা- তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ