ভোক (অণুগল্প)

©Admin
0


সদায় ৰাতিপুৱা ৱালৰ ওপৰত উঠি চুৰকৈ ফুল চিঙি নিয়া  ল’ৰাটো আজি হাতে-লোটে ধৰিব পৰিলত সুৰঞ্জিতাই ভালকৈ কাণখনত চেপা এটা দি ভিতৰলৈ চোঁচৰাই আনিলত ল’ৰাটোৱে কান্দি-কান্দি ক’বলৈ ধৰিলে -“দেউতাই হাজিৰা কৰিবলৈ যাব পাৰিলেই মই ফুল চুৰ কৰা কামটো এৰি দিম বাইদেউ ৷ফুলখিনি ৰাতিপুৱাই বিক্ৰি কৰি গাখীৰ অকণমান আনি ভণ্টিক খাবলৈ নিদিলে তাইও মাৰ দৰে ভোকতে খাবলৈ নাপায় মৰি থাকিব ৷ মোক এৰি দিয়ক বাইদেউ ৷" ল’ৰাটোৰ কথা শুনি নিঃসন্তান  সুৰঞ্জিতাৰ ল’ৰাটোৰ কাণত চেপা দি থকা হাতখন আপোনা-আপুনি শিথিল হৈ পৰিল ৷

✍️পূৰৱী তামুলী বড়া 
        শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)