নাৰীৰ পৰিধি ক'ত

©Admin
0
নাৰীৰ পৰিধি হয়তো অপৰিসীম কিন্তু বৈসমতা  নাই। নাৰীক উদাহৰণৰ প্ৰাধান্যাতা নালাগে স্বীকৃতি  লাগে। ধাৰ্মিক তত্বৰ পৰা আমি শুনি আহিছোঁ ভগবান কৃষ্ণই সঁচা প্ৰেম ৰাধাক গ্ৰহণ কৰিব নোৱাৰিছিল কিন্তু তেওঁ বেলেগৰ লগত বিবাহ পাশত বান্ধ খাইছিল।কিন্তু ৰাধাই তেওঁৰ প্ৰেমক স্বীকৃত দিছিল আৰু আজীৱন বৰাগ্য হৈ থাকিল। সেইদৰে ভগবান মহাদেৱে সতীক পিতাকৰ ঘৰত হোৱা যজ্ঞলৈ বিনা নিমন্ত্ৰণত পত্নীক যাবলৈ মানা কৰিছিল, কিন্তু সতীয়েই নিজৰ ঘৰ ভাবি গুচি গৈছিল আৰু তাত নিজ স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি যজ্ঞতেই আত্মদাহ হৈছিল। সেইদৰে ভগবান ৰামচন্দ্ৰই সীতা দেৱীক লঙ্কাৰ পৰা উদ্ধাৰ কৰি অগ্নি পৰীক্ষা লৈছিল সীতাৰ চৰিত্ৰক সন্দেহ কৰি। বাৰ বছৰ বনবাসত কটাইছিল অকলশৰে। যাৰ বাবে তেওঁ নিজৰ আত্মসন্মানক প্ৰাধান্য দি সকলো ত্যাগ কৰিছিল। সেইদৰে গতানুগতিক ভাবে সতী জয়মতীয়ে স্বামী গদাপানীৰ বাবে জেৰেঙাত জীয়াই জীয়াই প্ৰাণ আহুতি দিছিল কিন্তু গদাপনিয়ে সেইসময়ত ডালিমীক মনত স্থান দিছিল। এই বৈসমতা কিয় ? পুৰুষৰ ভাৰসাম্যতাত নাৰীৰ মানসিকতা তুচ্ছ হৈ কিয় ? সকলো একে তেজ মঙহৰ মানুহ। ত্যাগ কৰিবলৈ, ভালপাবলৈ, সংসাৰ সমাজ ধৰি ৰাখিবলৈ নাৰীয়েই বলিদান দিব লাগে কিয়? নাৰী সদায় নদী, ধীৰ স্থিৰ গতিত বৈ থাকে কিন্তু নদীক ভেটা দি বান্ধিব বিচাৰিলে মহাপলয়ৰ সৃষ্টি হয়। সংজ্ঞা এটাই নাৰীৰ পৰিধি অপৰিসীম, বাসস্থান এখন হৃদয়।

🖋️ববিতা শইকীয়া,দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)