সাম্প্ৰতিক সময়ত এই কাল্পনিক ছবিৰ কাহিনী কিদৰে জীয়া বাস্তৱৰূপে দেখা দিছে সেয়া সহজেই অনুমেয়। ছবিখনৰ কাহিনী এতিয়া আমাৰ চিৰ পৰিচিত। মৰ্মস্পৰ্শী চিনেমাৰ কাহিনী এতিয়া জী উঠিছে, সপোন সপোন যেন লগা এটি দিঠক হৈ। বিষাদৰ ছাঁত বুৰ গৈছে সকলো। নিমাত ৰতিবোৰ জয়াল হৈ সোঁৱৰাই যায় মাথোঁ জীৱনৰ অনিশ্চয়তা।
জীৱনৰ ৰংবোৰ নিয়াৰিকৈ সজাই লোৱাৰ খাতিৰত, সুখৰ বেলি উদয় হোৱাৰ অপেক্ষাত অপেক্ষাৰত প্ৰতিজন শ্ৰমিক। দুঃস্বপ্ন যেন হৈ ধৰা দিয়া কঠিন বাস্তৱক অতিক্ৰম কৰাৰ আশা। অকল্পনীয় বহু ঘটনা হৈ ৰয় তেওঁলোকৰ সুপ্ত জীৱনৰ সাক্ষী হৈ। স্মৃতিৰ ভাঁজে-ভাঁজে হয়তো জিলিকি ৰয় জীৱনৰ সঠিক ঠিকনা বিচাৰি ফুৰা এক যাযাবৰী সংগ্ৰাম। আমাৰ হুমুনিয়াহৰ উত্তাপে দিব নোৱাৰে তেওঁলোকক এমুঠি ভাত, এটা উৰুখা পঁজা, দিব নোৱাৰে তেওঁলোকক আনন্দৰ অনুভৱ। আমি হয়তো অক্ষম তেওঁলোকৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ আৰু তেওঁলোকৰ জীৱনৰ প্ৰতিশ্ৰুতিবোৰ সফল কৰি তুলিবলৈ.....। সেয়ে এতিয়াও আমাৰ সমাজৰ Antonio ৰ কাহিনীৰ প্ৰতিফলন।
সময় সোঁৱৰণিৰ এখিলা পাত। সময়ৰ ইতিহাসত খোদিত হৈ ৰয় জীৱনৰ পুৱাবোৰ, যৌৱনৰ ভৰ দুপৰীয়া আৰু বাৰ্ধক্যৰ আবেলিবোৰ। আধৰুৱা সপোন পূৰণ কৰাৰ বাবেই প্ৰতিক্ষাৰত প্ৰতিখন হৃদয়। হয়তো হজাৰজন Antonio ৰ কাহিনী অদৃশ্য হৈ ৰৈ গৈছে। দুখৰ কৱচ গাত মেৰিয়াই কোনোজন হয়তো গুচি গৈছে চিৰদিনৰ বাবে। Antonio ৰ দৰেই সকলোৱে পুৰণি হাঁহিৰ সন্ধানত জীৱন পণ দি সংগ্ৰাম কৰি গৈছে। তাৰেই প্ৰতিফলন *The Bicycle Thief* ৰ শেষ নোহোৱা কাহিনীবোৰ.....।
(বিষাদ যন্ত্ৰণাত কোনো বুৰ নাজাওক। নিষ্ঠুৰ জীৱনৰ বলি নহওক কোনো। এপিয়লা নিচাত বিক্ৰী নহওক কোনো।জীৱনৰ আজন্ম প্ৰেমিক হৈ জীৱনক মাথোঁ ভাল পাই যাওক সকলোৱে.....)
✍️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ