অনুতাপ-০৪ (ধাৰাবাহিক উপন্যাস)

Rinku Rajowar
0
লাহে লাহে দ্ধীপৰ দেউতাক সুস্থ হবলৈ ধৰিলে।ঘৰখনলৈ নামি আহিল সুখৰ বন্যা। কিন্তু অভাৱ নামৰ লম্পটটো তেতিয়াও সিঁহতৰ জীৱনৰ পৰা আঁতৰাই নাছিল। দ্বীপে কোনো লাজ নকৰাকৈ বজাৰত শাক-পাচলি বিক্ৰী কৰিছিল।তাৰে পোৱা টকাৰে ভনীয়েকদুজনী আৰু তাৰ পঢ়াৰ খৰচ কোনোমতে জোৰাবলৈ চেষ্টা কৰে। এইবাৰ সি কচু বেছি কেইবাটকাও পালে।সি বোলে পইচা অলপ সাঁচিও ৰাখিছে।সি ভনীয়েকহঁতলৈ দুটা ধুনীয়া ফ্ৰক,মাকলৈ এখন ধুনীয়া চাদৰ আৰু দেউতাকলৈ এটা ধুনীয়া চাৰ্ট আনিলে। ঘৰখনত বিৰাট ফুৰ্টি। ভনীয়েকহঁতে লগৰবোৰক দেখুৱাইছে নতুন কাপোৰ দাদাই আনিলে। সকলোৱে সুখী।তাৰো বহুত ভাল লাগিছিল সকলোৰে মুখত হাঁহি বিৰিঙা দেখি। কিন্তু এই সকলো কথা মাকে জানে,সকলো বুজে।দ্বীপক কৈছিল বাবা তই কিয় কলেজৰ চাৰ্ট এটা নললি,কলেজ খুলিলে তোক লাগিব নহয়।তোৰ আগৰ চাৰ্টটো দেখোন কলা পৰিল। তাৰ বুকুখন চিৰিং কৰি উঠিল।মাকে ইমান খবৰ কেনেকৈ ৰাখে। পুৱাৰে পৰা গধূলিলৈকে হাজাৰটা চিন্তাৰ মাজেৰে পাৰ কৰা মাজনী সঁচাই ভগৱান।মা এনে এটি শব্দ যাক শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি।মা তুমি কুশলে থাকা সদায়।
           দ্বীপে আজি-কালি সৰু সৰু ল'ৰা-ছোৱালীক টিউচন কৰে।লাহে লাহে তাৰ ল'ৰা-ছোৱালীৰে কয় দ্বীপ দা তুমি আমাৰ স্কুলত ছাৰ হবানা। তুমি পঢ়ালে আমাৰ ভাল লাগে।এক অজান আনন্দত সি আবেগিক হৈ পৰিছিল হঠাৎ।সি কৈছিল তোমালোকে ডাঙৰ হোৱা তাৰ পাছত মই তোমালোকৰ ডাঙৰ ছাৰ হ'ম দেই। এতিয়া ভালদৰে পঢ়া। ডাঙৰ মানুহ হবা। এনেকৈয়ে দ্বীপ আগৱাঢ়ি গৈছিল হাজাৰটা সপোন চকুত আঁকি। নিজৰ দায়িত্বত থকা সকলো কাম কৰাৰ ওপৰিও সি ঘৰখনৰ বাবে সকলো কামেই কৰি গৈছিল। তাৰোপৰি সি আজৰি পালেই কবিতা লিখিছিল।জানমুখ চহৰত দ্ধীপ মৰাণ কবি হিচাপে পৰিচিত হৈ পৰিছিল। বিদ্যালয় মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীত তাৰ কবিতা প্ৰকাশ পোৱাটো যেন বাধ্যতামূলক।দ্ধীপে উচ্চ স্তৰত হাৰ্দিক শব্দেৰে যি কবিতা লিখে সেই কবিতাই পাঠকৰ মন চুই যায়।সি আজিলৈকে কেইবাটাও প্ৰতিযোগিতাত পুৰস্কাৰ পাইছে।সেইবোৰ সি মাক-দেউতাকৰ আশীৰ্বাদ বুলি ভাবে। তাৰ বাবে মাক-দেউতাক আৰু ভনীয়েক দুজনীয়েই সকলো। জীৱনৰ অমূল্য সম্পদ।যাৰ অবিহনে সি মৃত বুলি ভাবে।
            সচাকৈয়ে জীৱনটো বৰ আশ্বৰ্যকৰ।নানান সুখ-দুখ, হাঁহি-কান্দোনে ভৰা এটি মেটমৰা। নিজৰ সপোন, লক্ষ্য, পৰিয়ালৰ সপোন,ঘৰৰ দায়িত্ব,বিষাদ-বেদনা,প্ৰাপ্তিভৰা সুখৰ জীৱন এক কবিতা। দ্ধীপে সদায় নিজকে আগুৱাই নিব বিচাৰে। নিজৰ পৰিয়ালটোৰ লগতে সমাজখন,জাতিটো,ভাষাটো। দ্ধীপে এনেকৈয়ে জীৱনৰ প্ৰতিটো দিশতেই আগুৱাই গ'ল।

🖍️পংখী মৰাণ
  তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)