শিক্ষকঃ সুপ্ৰভাত মৰমৰ ছাত্ৰছাত্ৰী সকল
ছাত্ৰছাত্ৰীঃ সুপ্ৰভাত মহোদয় ৷
শিক্ষকঃ কি হ'ল মোৰ শ্ৰেণী কোঠাত প্ৰৱেশ কৰা মাত্ৰে তোমালোক নিঃশব্দ হৈ পৰিলা যে হুলস্থূল কৰা আগৰদৰে ৷
শিক্ষকৰ কথা শুনি সকলো ছাত্ৰ-ছাত্ৰী মূৰ তল কৰি মৌন হৈ ৰ'ল ৷
শিক্ষকঃ তোমালোকে এটা কথা কোৱাচোন বাৰু ৷
ছাত্ৰঃ মহোদয় কি কথা ?
শিক্ষকঃ ( খঙত ) অনিল তোমাৰ অতপালি বেছি হৈছে ৷ মই কথা কৈ থাকোতে মাজতে কথা কটাৰ সাহস নকৰিবা নহলে জানাই নহয় মই যেতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰোঁ তেতিয়া তোমালোকৰ পিঠিত কিদৰে ডবা কোৱাও ৷
অনিলঃ মহোদয় আজি লাভ নাই ৷
শিক্ষকঃ কিয় ?
অনিলঃ মহোদয় আপোনাৰ বেতডাল সৌৱা ভাঙি চুৰমাৰ কৰি ডাজবিনত পেলাই থৈছে
অনিলৰ কথা শুনি গোটেই শ্ৰেণীকোঠাটোত হাঁহিৰ খলকনি তুলিল ৷
শিক্ষকঃ ( খঙত ) মৌন হোৱা আৰু যিমান পাৰা মোৰপৰা নিজকে বচাই ৰাখা , ( অনিললৈ চাই ) অনিল তুমি মোৰ মূৰটো খাই পেলালা ৷
অনিলঃ ( বহাৰপৰা উঠি উৎকণ্ঠাৰে ) নাই নাই মহোদয় খোৱা নাই আছে ৷
শিক্ষকঃ ( খঙত ) কি খোৱা নাই আছে , মই বুজা নাই খুলি কোৱা ৷
অনিলঃ মহোদয় তাৰমানে মহোদয় আমাৰ বাৰীত থকা ভীম কলটোৰ কথা কৈছো , মই ৰাতিপুৱাই চাই আহিছো ভালকৈ পকাই নাই , তেনহলে আপুনি কেনেকৈ কৈছে খাই পেলালা বুলি ৷
অনিলৰ কথা শুনি গোটেই শ্ৰেণীকোঠাত আকৌ হাঁহি গুঞ্জৰি উঠিল ৷
শিক্ষকঃ ( অনিলৰ ওচৰত গৈ একেৰাহে কোৱাই কোৱাই ) দুষ্ট ল'ৰা অতপালি সেইয়াও কৰ্ণধৰৰ আগত অতপালি লোৱা মাৰ খোৱা এতিয়া আৰু কৰা অতপালি ৷
শিক্ষককে অনিলক কোৱাই কোৱাই শেষত ভাগৰি পৰি নিজৰ চকীখনত গৈ বহি ৷
শিক্ষকঃ ( ফোপাই জোপাই ) কেনেকুৱা অনুভৱ অনিল আৰু অতপালি কৰিবা ?
অনিলঃ ( সাহসী বীৰদৰ্পে ) নাই মহোদয় আপোনাৰ বেতৰ কোৱন পৰুৱা কামোৰাৰ দৰে লাগিল ৷
শিক্ষকঃ ( কৌতূহলেৰে ) কিয় তোমাৰ দেহাটো কি লোহাৰে নিৰ্মিত , ইমান মাৰ খোৱাৰ পাছতো যে দুখ নাইপোৱা বুলি কৈছা ৷
অনিলঃ ( বুকু দেখােৱাই ) মহোদয় চাওক মোলৈ ৷
শিক্ষকঃ আগ্ৰহেৰে অনিলৰ দেহাটোলৈ ভালদৰে চাই ) ক’ত কি আছে ? কংকালৰ দেহা যেনহে লাগিছে ৷
শিক্ষকৰ কথা শুনি ছাত্ৰছাত্ৰী আকৌ খিলখিলাই হাঁহিবলৈ ধৰিলে ৷
শিক্ষকঃ ( ছাত্ৰছাত্ৰীলৈ চকু দেখোৱাই ) তোমালোককো বেতন লাগে নেকি ?
অনিলঃ ( নম্ৰতাৰে ) মহোদয় ইহঁতক নামাৰিব ৷
কিয় ? তোমাক সিহঁতৰ ভাগৰটো লাগে নেকি?
অনিলঃ মহোদয় ইহঁতক মাৰিলে দুখ পাব কিন্তু মোক দুখ নালাগে ৷
শিক্ষকঃ মোৰ অনুভৱ তুমি মানসিক ৰোগত গ্ৰস্ত হৈছা , অহাকালিলৈ তোমাৰ অবিভাৱকক মাতি আনিবা ৷
অনিলঃ নাই মহোদয় মোৰ গাত কোনো ৰোগেই লম্ভিব নোৱাৰে কাৰণ মই নিতৌ পুৱাগধূলি পাৰ্লেজি বিস্কুট আৰু এগিলাচ গাখীৰ খাওঁ ৷
শিক্ষকঃ ( লাহকৈ ওচৰ চাপি ) হয় নেকি বাহুবলি ৷
অনিলঃ ( উৎসাহেৰে ) হয় মহোদয় ,গতিকে মোক যিমান পাৰে মাৰক কিন্তু ইহঁতক নামাৰিব ৷
শিক্ষকঃ ( সৰ্বশক্তি প্ৰয়োগ কৰি মাৰি ) দুখ নোপোৱা নহয় লোৱা আৰু লোৱা এওঁ হেনো পাৰ্লেজি খাই , গাখীৰ খাই এতিয়া কেনে লাগিছে , পৰুৱাই কামোৰাৰ দৰে লাগিছেনে ?
অনিলঃ( আঃ আঃ কৰি কেঁকাই কেঁকাই )
হব হব মহোদয় এতিয়া দুখ পাইছো , মোক ক্ষমা কৰি দিয়ক ৷
শিক্ষকে বেতডাল ভাঙি নোযোৱালৈকে কোৱাই থাকিল ৷
📝দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ