এপোৱা খাচী মাংস

Rinku Rajowar
0
মালতীয়ে ৰাতিপুৱাৰ পৰা নমহীয়া গাটোৱে এপদ দুপদকৈ লাগতিয়াল বস্তুবোৰ গোটাই আছে। এখন বিলেদ,গুলী এটা, আৰু লাগতিয়াল বস্তু দুটামান গাঁৱৰে ধাই অনিমা পেহীক লৈ আনিবলৈ তাই হাহঁ দুটা বেছি পোৱা টকাৰ পৰা দুশটকা আগদিনাই দি থৈছিল। গিৰিয়েকক চাৰিশ টকা দি এপোৱা খাচী মাংস আৰু লাগতিয়াল সামগ্ৰীৰ এখন তালিকা দি মালতীয়ে গোঁহালীৰ গাইজনীক খেৰ এবোজা দি আহিলগৈ। ডাৰৰ কাপোৰ কেইটা চপাই আনোতেই হঠাতে তাইৰ তেলপেটটো আৰু  ককাঁলটো প্ৰচণ্ড বিষালে,তাইৰ চিঞৰ শুনি ওচৰৰ মহিলা দুগৰাকী ততালিকে আহিলে। খেনোৱে গৈ অনিমা পেহীক মাতি আনিলেগৈ। কাহঁৰ কাঁহী বজাই চুবুৰীয়াক জনাই দিয়া হʼল যে মালতীয়ে বংশধৰ এটা জনম দিলে। চাইকেল খন চোতালতে পেলাই খৰধৰকৈ গিৰিয়েক ৰমেন সিহঁতৰ শোৱাকোঠাত সুমায়েই মালতীক মাতিলে,"চা অই, মই তই কোৱা মতে খাচী মাংস আনিছোঁ! সোনকালে চকু মেল অ মোৰ মানুহজনী। আজি নমাহে  খাচী মাংস খাৱলৈ তোৰ মন গৈ আছিল বাবেই চাগে তই ইমান কষ্ট কৰি  হাঁহ পোৱালি কেইটা পুহিলি আৰু আজি চা তই এনেকৈ নুখুৱাকৈ যাবি নেকি! অই অনিমা পেহী তই কিয় নামাত? তাইৰ কি হৈছে অʼ।" অনিমা পেহীয়ে মিচিকিয়া হাঁহি মাৰি কʼলে অই অকৰা তাইৰ একো হোৱা নাই মাথোঁ ঘৰতে খালাচ কৰিবলগীয়া হোৱা বাবে তাই অলপ অবশ হৈ টোপনি গৈছে। হো ল পোনাকনক ল,তাক অলপসময় নিচুকাই থাক বুলি পেহীটিয়ে এইবাৰ মালতীক জগাই দিলে।
__________________________________________
🖋️অজন্তা তামুলী ফুকন।
লংকা, হোজাই জিলা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)