অসম সুষমা শস্য শ্যামলা নিৰুপমা প্রকৃতিৰ জীয়াৰী আমাৰ জন্মভূমি অসমী আইৰ প্রকৃতি , ভাষা , কৃষ্টি--সংস্কৃতি প্রভৃতিৰ তুলনা বিহীন নানা জাতি উপজাতি , নানা ভাষাভাষি ভিন্ ভিন্ বাৰেৰহনীয়া কৃষ্টি--সংস্কৃতিৰে ভৰপুৰ আমাৰ এই অসম ভূমি | সেই আৱহমান কালৰে পৰা এই কৃষ্টি--সংস্কৃতিবোৰে স্বকীয় ৰূপত নিজ নিজ বৈশিষ্ট্য প্রকাশ কৰি আহিছে | নিজ নিজ সংস্কৃতিৰ মাধ্যমেৰে জাতীয় বা গোষ্ঠীয় বৈশিষ্ট্য তথা আত্ম স্বৰূপ বিকাশ কৰি আহিছে | নদ--নদীয়ে ফেনে ফোটোকাৰে ভিন্ ভিন্ ঠাইৰ পৰা বৈ আহি বৰলুইতত একত্রিত হৈ সমুদ্রমুখী হোৱাৰ নিচিনাকৈ লুইতৰ সুবিশাল উৰ্বৰা উপত্যকাত আৰু শাৰী শাৰী পৰ্বত পাহাৰৰ ভিন্ ভিন ঠাইত বসবাস কৰা লোক সকলৰ মাজত থকা কলা কৃষ্টিয়েও অনৈক্যৰ মাজত ঐক্য বজাই ৰাখি অসমৰ জাতীয় জীৱনৰ মুল সুঁতিৰ লগত একেলগে প্রবাহিত হৈ আহিছে | অসম কৃষ্টি সংস্কৃতিৰ যাদুঘৰ | বৃহতাকায় যাদুঘৰত প্রৱেশ কৰি এফালৰ পৰা গৈ গৈ ইয়াৰ কৃষ্টি --সংস্কৃতি উপভোগ কৰিব পাৰি , হৃদয়ঙ্গম কৰিব পাৰি | ইয়াৰ আঁত ধৰিব পাৰিলেই জাতীয় সংহতি আৰু সমন্বয়ৰ এনাজৰীৰে আৱদ্ধ হৈ থকা অসমৰ স্বকীয় বৈশিষ্ট অনুধাৱন কৰিব পাৰি |
অসমৰ পৰ্বত পাহাৰ আৰু ভৈয়ামৰ বিভিন্ন প্রান্তৰত ভূমিপুত্র জনজাতীয় লোকসকল তাহানি কালৰে পৰা বসবাস কৰি আহিছে | এইসকল লোকৰ মাজতো অলেখ কৃষ্টি --সংস্কৃতি থুপ খাই আছে | অসমৰ অন্যান্য জনজাতিৰ দৰে সকলো বৃহত অসমীয়া সমাজৰ অৱিচ্ছেদ্য অঙ্গ | এইসকল লোকেও অসমৰ সভ্যতা সংস্কৃতিত এক বুজন পৰিমাণৰ বৰঙণি আগবঢ়াই আহিছে | এওঁলোকৰ মাজত বহুতো লেকগীত , লোকসাহিত্য , লোক-কলা সংস্কৃতি আছে | এই সকলোবোৰ অসমৰ বহুৰঙী লোক সংস্কৃতিৰ পৰিচায়ক | আগলৈ...
🖋️হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ