সৰু কালেই ভাল


 বিহু  আহিলেই মনলৈ ঘূৰি আহে এটি জীৱন্ত  স্মৃতি। মনত ভুমুকি  মাৰেহি  এটি ঘটনা । দীপাংকই অনুভৱ কৰে  ঘটনাটো অতীতত নহয়  ; যেন বৰ্তমানতে চকুৰ আগত ঘটি আছে । বিহুৰ  দ্বিতীয় দিন । অসমীয়াৰ বাপতি সাহোন বিহুৰ দ্বিতীয় দিনটোক মানুহ বিহু বুলি কোৱা হয়। সৰুৱে ডাঙৰক সেৱা কৰা , পত্নীয়ে পুৱাই গা-পা ধুই পতিক সেৱা জনোৱা , ভকতসকলে নামঘৰলৈ গৈ গাঁৱৰ সকলো বিষয় তথা নীতি- নিয়মৰ সম্পৰ্কে  আলোচনা কৰা , ভকতসবে গোঁসাইলৈ  নামঘৰতে সেৱা নাম লোৱা  আদিৰ লগতে শিষ্যই গুৰুৰ ঘৰলৈ গৈ সেৱা কৰা ইত্যাদি ইত্যাদি পৰম্পৰাসমূহ এই দিনটোতে কৰা হয়। দীপাংক দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । ছাত্ৰ দিশত মধ্যমীয়া । কিন্তু  জ্যেষ্ঠ তথা গুৰুক কেনেদৰে শ্ৰদ্ধা কৰিব লাগে, তেনে গুণৰ এশ শতাংশই অধিকাৰী ।
                    দীপাংক  যৌৱনত ভৰি দিছে । তেওঁৰ  হাতৰ  সময়কণত  তেওঁ এজন চম্ফল ডেকা । তথাপিও  সৰু কালৰেপৰা শিক্ষাগুৰুক  প্ৰতি বছৰেই সেৱা কৰাৰ দৰেই  এই বছৰো তাৰ বন্ধু চুমন আৰু উৎপলৰ স'তে গৰু বিহু  দিনাই টিউচনৰ শিক্ষাগুৰু গৰাকীক সেৱা জনাই  আহিল গৈ । বিহু বতৰ  মন খলি-ধলি লাগেই ঢে
ডেকা-গাভৰুৰ  মাজত । তাতে থাকে যৌৱনৰ  উন্মাদনা । বিহু ক'লেই গাঁৱৰ  ঘৰত সাঁজৰ কলহ প্ৰত্যেকৰ ঘৰতে  থাকেই । সেয়ে চম্ফল ডেকাবোৰেও এটুপি এটুপি মুখত  দিয়ে । কিন্তু  দীপাংকৰ হ'লে এনে অভ্যাস পূৰ্বতে নাছিল । এইবছৰহে লম্ভিছে এই অভ্যাসটো । তাকো অভ্যাস গঢ়াত গাঁৱৰ সমনীয়াসকলে কোনো  সেনাপতি, কোনো ৰাজমন্ত্ৰী আৰু কোনো  ৰাজগুৰু  হৈ  সৈন্য-সামন্তৰ লগত লৈ দীপাংকৰক  তেওঁলোকৰ ৰজা পদত অধিষ্ঠিত কৰালে। দীপাংকৰ  হাজু নহ'লে  সিহঁতৰ  পৰিকল্পনাই যুগুত নহয় , কাৰ্য সম্পাদন হোৱাতো বাদেই । মানে দীপাংক নহ'লে তেওঁলোকে  মদেই নাখাই , দীপাংকৰক লগত নিবই । কিন্তু দীপাংকৰ জেপৰ ধন খুটকণো হ'লে খৰচ নকৰায়। মদৰ নিচাৰ আদ্দা ব'হে তিনি আলিৰ কালভাৰৰ ওপৰত বহি । হাতত থাকে  ফ'ৰ জি ইণ্টাৰনেটৰ জগতত সোমাব পৰা মবাইল। হাজাৰ-বিজাৰ আদ্দাত আসন পায়  যৌৱনৰ  মনে বিচৰা কথাবোৰো । আদ্দা চলে নিশা এঘাৰ-বাৰ বজালৈকে । 
            দীপাংকই বোলে প্ৰেমত পৰিল । প্ৰেম আক' এলাপেছা নহয় । হাঢ়ে-সিমজুৱে , সিৰাই-উপসিৰাই  প্ৰতি ক্ষণে ক্ষণে প্ৰৱাহিত হৈ থকা প্ৰেম । সি এৰিব নোৱাৰে , এৰিলে হেনো তাৰে প্ৰেম শেষ। দিনটোত এটুপি নিগিলিলে যেন তাৰ প্ৰেম বিফল। মদৰ প্ৰতি থকা এই প্ৰেমেই দীপাংকৰক এদিন দিলে তেজ-মঙহ থকা ৰমণীৰ  প্ৰতি প্ৰেম। ৰমণীৰ প্ৰেমত পৰিল । দিনে-নিশাই জীৱনৰ স্বপ্ন  দেখে। দিনে দিনে কমি আহিল অধ্যয়নৰ স্পৃহা । আনফালে পিতৃ-মাতৃৰ প্ৰতি থকা মৰম-চেনেহ আৰু শ্ৰদ্ধা । গাঁৱৰ বয়োজ্যেষ্ঠসকলেও তাৰ ৰূপান্তৰিত আচৰণক লৈ বুবু-বাবা কৰিবলৈ ধৰিলে । অহুকাণে-পহুকাণে  গৈ  টিউচনৰ শিক্ষক গৰাকীৰ কাণত পৰিল গৈ । তেখেতে সত্যৰ অন্বেষণ কৰি চাবলৈ ঘৰলৈ খা-খবৰ লোৱা উদ্দেশ্যৰে ফোনকল কৰিল । কিন্তু  ফলাফলত  প্ৰকৃত  ফল নাপালে । পিতৃ-মাতৃয়ে  গোপণে ৰাখিল । মাথোঁ  ক'লে পৰীক্ষা শেষ হোৱাৰ পৰা অলপ ওলাই যায় ।আগৰ দৰে বৰকৈ পঢ়া-শুনা কৰা নকৰে ।
                 বিহু বতৰ  । অলপ মনটো ভাল লগাবলৈ বুলি সমনীয়াৰ সতে বিহু বুলি এটুপি দুটুপিকৈ  ঘৰে ঘৰে মদ  পাণ কৰি গ'ল । বেলি ডুবিবলৈ ধৰিছে । মনত  ভাবিলে প্ৰেয়সীৰ ঘৰলৈ বিহু বুলি ফুৰিলৈ যাব । ভবা মতেই কাম হ'ল । লগৰবোৰেও  লগ ধৰি নথকা নহয়  ।যি নহওক সকলোবোৰৰ লগতে তালত তাল মিলাই  লগৰবোৰৰ স'তে বাইকেৰে ফুৰিবলৈ গ'ল। পাৰ্টি চলিল প্ৰায় সাত মান বজাত তিনি আলি মূৰৰ পাৰ্টিটোৱে ৰাখিছিল টেনচন দূৰ । হাতে হাতে এটা এটা মদৰ বটল । সেয়াই পাৰ্টিৰ আইটেম । পাৰ্টি  শেষ হ'ল । ফুৰিবলৈ  গ'ল নিকটৱৰ্ত্তী এখন গাঁৱত । তাতো চলিল টামাম পাৰ্টি  মদৰ ।
                 নিমন্ত্ৰণ ৰক্ষাৰ্থে  টিউচনৰ শিক্ষক গৰাকী গৈ  দীপাংকৰ ঘৰত বেলি  ডুবাৰ পৰত উপস্থিত হ'লগৈ । অতিথি আপ্যায়ন কৰা হ'ল । শিক্ষকগৰাকীয়ে দীপাংকৰ ঘৰলৈ উভতি অহালৈকে ৰৈ থাকিল । দীপাংকৰ পিতৃ-মাতৃয়ে নিশা ভোজনৰ যা-যোগাৰ কৰিল । কিন্তু নৈশ ভোজন গ্ৰহণ কৰা মূহুৰ্তলৈকে দীপাংকই ঘৰত উপস্থিত নহ'ল ।  শিক্ষকগৰাকীয়ে  যাবলৈ বিদায় লওঁতে  ওলালহি দীপাংকৰ । দুটি ৰঙা চকু  , খোজ বহাত ল'ৰি থকা দুজোপা তামোল গছ সদৃশ । ছাৰক দেখি ক'লে- অ , ছাৰ নমস্কাৰ । কেতিয়া পালেহি ? ।" 
        "যাবলৈয়ে ওলালো  খাই বৈ। তোমালৈ ৰৈ ৰৈ  আমনি পালোঁ । সেয়ে  তোমাক আজি এৰি ভাতকেইটা খাবলগীয়া হ'ল। কি কৰিবা  । আজি  তোমাৰ লগত একেলগে খোৱা ভাগ্য কপালত নাছিল । যোৱা  ভৰি-হাত ধুই  খাই লোৱা গৈ ।" ----গহীন স্বৰেৰে ছাৰে  কথাবোৰ বতাহত এৰি দিছিল ।
        " ছাৰ, বহক আপুনি । মই  ভৰি হাত ধুই আঁহো ।" ---দীপাংকই লাহেকৈ ছাৰৰ ফালে চাই দুখৰে ক'লে।
 " যোৱা, ভৰি-হাত ধুই ভাত খাই শুই থাকা ।ময়ো  জয়দীপৰ ঘৰত এক সোমাই গুচি যাওঁ । নহ'লে বেয়া পাব ।  ৯:৩০ বাজিল । সোমাব বুলি ৰৈ আছে । নোসোলে বেয়া পাব । তোমাৰ  মা-দেউতাই মোক এৰিয়ে নিদিলে নহয় সোনকালে । তাতে  তোমাকো এবাৰ লগ কৰি যাওঁ বুলিয়েই  ৰৈ আছিলোঁ । এতিয়া  তোমাকো লগ পালোঁ , খাই বৈও উঠিলোঁ। সকলো কাম হ'লেই যেতিয়া যাবও পাৰোঁ । মই  যাওঁ  । তুমি  যোৱা  পৰিষ্কাৰ হৈ লোৱা গৈ।"
" ছাৰ, ৰ'ব নাযাব । মই  আহিছোঁৱেই ।"
 " হ'ব , যোৱা  । মই  আছোঁ বাৰোঁ । "
    ছাৰে  দীপাংকৰ  মনত শান্তনা দিয়া উদ্দেশ্যে কিছুপৰ ৰৈ দিলে । দীপাংকই ভৰি -হাত ধুই আহি । ভিতৰত কাপোৰ সলাই আহি ছাৰৰ ওচৰত বহেহি । 
   " এতিয়া মই  যাওঁ । আৰু ৰ'ব নোৱাৰোঁ   । বহুত  নিশা হ'ল। " -ছাৰে দীপাংকৰ চকুলৈ চায় কয়। দীপাংকৰ অৱস্থা দেখি ছাৰ আচৰিত হৈছিল ।দীপাংকই ইমান তললৈ যাব বুলি কেতিয়াও কল্পনা কৰা নাছিল । এদিনৰ চিনাকী এজনেও বিশ্বাস নকৰিব। ছাৰৰ মনে মনে খং উঠিছিল । কিন্তু  খঙৰ প্ৰভাৱ পৰিস্ফুত কৰা নাছিল ।
 "ছাৰ , নহ'লে থাকি যাওঁক আজি ।"
" নাথাকো, ঘৰত চিন্তা কৰিব । তুমি  ঘৰত থকাহেঁতেন ইমান  পলম নহ'লহেঁতেন ।"
" ছাৰে আজি আহিব বুলি জনা নাছিলোঁ। চ'ৰি ছাৰ।" 
" হয় , ময়ো ভবা নাছিলোঁ । সময়কণ  পালোঁ,  ভাবিলোঁ  সময় ওলাইতে গৈ আহোঁ। বাৰু  এতিয়া যাওঁ ।" 
           কথাবোৰ কৈ শেষ হোৱা পাছতে  ছাৰে  আসনৰপৰা উঠে । দীপাংকই উঠি নমস্কাৰ প্ৰেৰণ কৰে । লগতে  ছাৰক আগবঢ়াবলৈ ছাৰৰ লগত ওলাই আহে । ছাৰৰ লগে লগে আহি সিহঁতৰ ঘৰৰ ওচৰৰ পুলটোৰ ওচৰ পালেহি । ছাৰে ক'লে আৰু নালাগে আহিবলৈ তুমি যোৱা ।
  " ছাৰ , ক্ষমা কৰি দিব। আপুনি মোক বেয়া পাইছে। "
    ছাৰৰ মনটোৱে এনেয়েও কিবা কওঁ কওঁ কৰি আছিল । তাতে  সুবিধা কণ পাই ভাবিলে ইচ্ছা কৰিছে যেতিয়া নিচা থাকিলেও ক'ব পাৰি । হয়তো কাইলৈ ই সঁচা কথাবোৰ নক'ব , আজি নিচাৰ জালত  নিশ্চয় ক'ব । ইয়াক  ইয়াৰ কাৰণ সোধাই ভাল হ'ব । কিয়   ইমানকৈ মদ  মদ খাবলৈ ধৰিছে । ছাৰে লাহেকৈ মৰমেৰে   দীপাংকৰৰ পিঠিত  হাতখন দি কয় ----" বেটা, তোমাক  জানোঁ কোনোবা দিন বেয়া পাইছোঁ ।  তুমিও জানো  মোক বেয়া পাইছা । তুমিও নাই পোৱা , ময়ো পোৱা নাই  । আৰু  মই  কেতিয়াও  নাপাওঁ । তুমি  মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ  । তোমাক  খুব ভাল  পাওঁ ।সেইবাবে এই বিহু বতৰ  বাকীবোৰ  ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ  নগৈ  তোমাৰ ঘৰলৈ আহিছোঁ । তোমাক  লগ কৰি যোৱা আশাৰে নিশা এইখিনিলৈ ইয়ালৈ  আহিছোঁ  । তোমাক  অন্য ছাত্ৰ-ছাত্ৰীতকৈ বেছি ভাল পাওঁ ; কাৰণ  তুমি  মোৰ সকলো কথা  শুনা । তোমাৰ  জীৱনৰ  একো কথাই  লুকুৱাই নোথোৱা । সকলো  কথাই  মোক  খুলি কোৱা । মোক  নোসোধাকৈ  ক'লেও  নোযোৱা , একো কামো নকৰা । চোৱা  , তোমাৰ  মোৰ  মাজত  কিমান  বিশ্বাস আছে । হয় নে নহয়  কোৱা ?  আজিলৈকে  জানো  তুমি  মোৰ পৰা  কিবা কথা লুকুওৱাইছা । নাই  লুকুৱা বুলিয়ে মই  ভাবিছোঁ আৰু  ভৱিষ্যতেও লুকুৱাবা বুলি  আশা কৰা  নাই । মই  তোমাক মোৰ সকলো বুলি ভাবোঁ । যদি  তুমি মোক পিতৃ-মাতৃ চক্ষুৰে চোৱা তুমি মোৰ  সন্তান , দাদা হিচাপে  ভাবা তুমি মোৰ প্ৰিয়  ভাইটি , বন্ধু হিচাপে নিভাঁজ হৃদয়ত লোৱা তেন্তে  তোমাৰ ভাল বন্ধু  আৰু  শিক্ষা গুৰু  হিচাপে অন্তৰত ভাবা তুমি মোৰ প্ৰিয়  ছাত্ৰ । মই  তোমাক এই সকলোবোৰ  বুলি ভাবোঁ । কাৰণ তুমি ভাল ল'ৰা । "
        দীপাংকই  দুখ কৰি  কঁপা কঁপা মাতেৰে ক'লে  ---" ছাৰ ,  আপুনি ভাবা দৰে মই ভাল ল'ৰা নহয় । মোক  ক্ষমা কৰি দিব ।"
" কিয় ? আহা এই পুলটোত বহোঁ অলপ ।"
   দুয়ো পুলটোৰ ওপৰত বহিল । ফৰকাল বতৰ । জোনে ৰূপালি জ্যোতি বিলাই  বহু দূৰৰ পৰাই বস্তবোৰ  চিনিব পৰা এটি নিশা কৰি তুলিছে। বতাহ জাকো মধুৰ ভাবে বলি আছে ।
" চোৱা বেটা । তুমি  নিজকে বেয়া বুলি কৈছা , মই  কেনেকৈ মানি ল'ম । তুমি  ভাল ল'ৰা বাবেই  ইয়াত  বহোঁ আহা বুলি  মই  কওঁতে  না নকৰিলা । আন দিনাৰ দৰে আজিও কথা শুনিছা । তুমি  মোক  ভাল পোৱা , বিশ্বাস  কৰা বাবেই   নিশা হোৱা  বাবে তোমাৰ ঘৰত মোক  থাকি যাবলৈ কৈছা । মই  থাকিবলৈ নিবিচৰা বাবেইতো তুমি মনত দুখ পাইছা । এয়া কি  তোমাৰ  মোৰ প্ৰতি থকা মৰম-চেনেহ আৰু  আন্তৰিকতা নহয়  জানো । মোৰ প্ৰতি তোমাৰ   অত্যন্ত বিশ্বাস  আৰু শ্ৰদ্ধা আছে  বাবেই আজি তুমি মোক ক'লা তুমি বেয়া ল'ৰা বুলি । কাৰণ তুমি উপলব্ধি কৰিছা ,  নিশ্চয় তুমি কিবা ভুল কৰিছা  বুলি । ভুলৰ অনুশোচনা কোনে কৰে -  ভাল ল'ৰাইহে কৰে । তুমি মোক  তোমাৰ  সকলো কথাই খুলি কোৱা এজন খাচ বন্ধুক কোৱা দৰে । চোৱা , তোমাৰ কাষত মই  তোমাৰ  বন্ধুহঁতে থকা দৰেই এই নিশা আছোঁ । এই ক্ষণত মই  তোমাৰ  বন্ধু  । তুমি  মোক সদায় কোৱা দৰে  মনৰ দুখবোৰ  খুলি ক'ব পাৰা । ভুল  মানুহৰ  হৈয়ে  দিয়া চোন। ভুলবোৰ অনুশোচনা  হ'লে শুধৰাবলৈ প্ৰয়াস নকৰাতো জানো উচিত । মই  সদায় তোমাৰ লগত  আছোঁ । তুমি  ভয়  নকৰিবা । মোক খুলি ক'বা । দুয়ো মিলি  সমস্যাৰ  সমাধানৰ উপায়  উলিয়াম । বাৰু দুখ নকৰিবা । কোৱাচোন তুমি  ককমাইনা বেটা হৈ  কিয়  নো নিজকে বেয়া ল'ৰা  বুলি ক'লা। মোক কাৰণবোৰ নোকোৱাকৈ  জানো তুমি  টোপনি যাবা।  আজিৰ দৰে  ইমান সুন্দৰ  ঠাই আৰু  বতৰ জনো পাবা ।   কোৱা  --মই  শুনো ।"
" ছাৰ, কিনো কম । আজি  আপুনি  গ'ম পালেই । তথাপিও  কৈছোঁ । মই  আপোনাৰ পৰা কোনো দিনেই  একো কথা লুকোৱা নাই  নুলোকোৱাওঁ । ছাৰ , পৰীক্ষা  শেষ হোৱাৰ  পাছত ঘৰত সোমাই  সোমাই  আমনি লাগে । সেয়ে  লগৰবোৰৰ লগত  অলপ অলপকৈ  ওলায় যাওঁতে যাওঁতে  অভ্যাসত পৰিণত  হ'ল সদায় ওলায় যোৱাতো । লগৰবোৰেও লগ এৰি নিদিয়া হ'ল। নাযাওঁ  ক'লেও যোৰ কৰি  লৈ যায় ।  আপোনাক কথাবোৰ কম বুলি  ভাবোঁ; দিনে দিনে পাহৰি সিহঁতৰ ফালে ঢাল ল'লোঁ। খাবলৈ শিকিলোঁ মদ , ভাং, চিগাৰেট, বিড়ি  আদি । নাখাওঁ ক'লেও ঠাট্টা মাৰে । এনেদৰে ছাৰ খাবলৈ শিকিলোঁ । ছাৰ, আজিও  খাই  আছোঁ । আজি সিহঁতৰ  মোক  তপনৰ গাৰ্ল ফ্ৰেণ্ডজনীৰ ঘৰলৈ  লৈ  গৈছিল । তাতো দিলে খালোঁ । ছাৰ,  মোক বেয়া নাপাব । কথা এটা কওঁ  ; কিন্তু  মোক  নামাৰিব । ছাৰ ; নামাৰো  বুলি  কওঁক ।  "
" বেটা ; এতিয়া  তুমি  মই  বন্ধু হিচাপে  কথা পাতি  আছোঁ । তোমাক  কিয়  বেয়া পাম। আৰু ভাল  বন্ধু  হ'লে  সদায়  ভাল কথাহে  কয় । বেয়া  কথা  নকয় নহয়  । যদি  বেয়া কাম  নজনাকৈ কৰি  পায় , তেন্তে  তাৰ  সমাধানৰ  উপায় বিচাৰিটো ক'বই লাগিব , নহ'লে  সমাধান হ'ব কেনেকৈ । কোৱা-----।"
" ছাৰ, মোক  ক্ষমা কৰি দিব । আজি কালি  মোৰ   বৰ্ণালীক  খুউব ভাল লাগে । মই  তাইক  খুব ভাল পাওঁ । আজি  সিহঁতৰ ঘৰলৈও  যাম বুলি  কৈছিলোঁ । কিন্তু  নগ'লোঁ। ফোনত  সেইদিনা তাই মোক  ভাল নাপাওঁ  ক'লে । সেইবাবে মই  অলপ বেছিকৈ খাই  দিওঁ, ছাৰ -----। ছাৰ  , কিন্তু  মোৰ  লগৰবোৰে  তাক  দেখোৱাই  দিব  কৈছে বেলেগ এগৰাকীক  ভাল পায় । আমাৰ  গাঁৱত  বিয়া খাবলৈ আহা ছোৱালী এগৰাকীয়ে  মোলৈ  সদায়  ফোন মাৰি  থাকে । প্ৰথমে  মই  কথা পতা  নাছিলো ।লগৰবোৰে  কৈ কৈ  মোক  কথা  পতালে ।ভাল লাগে  তাইকো । বৰ্ণালী  নহ'লেও তাইকে  বিয়া পাতিম ।বহুত ভাল পাওঁ । লগবোৰে কৈছে  কালৈ আনিবলৈ যাম বুলি । দুজন মানে  আজিয়ে  যাওঁ কৈছিল । তপনে বোলে পাঁচ হাজাৰ দিব আৰু লগৰবোৰেও মিলাই মেলি দিব।ওচৰৰ বৌ এজনীয়ে মেখেলা চাদৰ এজোৰ দিম বুলি কৈছে ।ময়ো আজি তাইক আনিমগৈ বুলি ফোন কৰিলোঁ । মনতো আছিল আনিবলৈ । কিন্তু পুৱাই  আপোনাৰ কথা মনত পৰিল । আপুন প্ৰথম বহাগত বেলেগৰ ঘৰলৈ ফুৰিবলৈ নাযাবা বুলি কোৱা কথাষাৰ । মনতে ভাবিলোঁ আপোনালৈ মনত পৰিছে যেতিয়া আজি নাযাওঁ ।সেয়ে তাইক আজি নাযাওঁ কাইলৈ যাম বুলি । তাই  মোক ক'লে আজি নাহিলে মোক নোপোৱা বুলি । মই  তাইক  মিছাকৈ  ক'লোঁ  আজি  আপুনি   আহিব বুলি । আপোনাক যে মই খুব ভাল পাওঁ তাকো ক'লোঁ । আপোনাৰ সকলো কথা বিৱৰি ক'লোঁ । প্ৰায়  ৬ ঘণ্টা ধৰি একেৰাহে কথা পাতিলোঁ । তাই শেষত মান্তি হ'ল।কাইলৈ আনিবলৈ যোৱা কথা আছিল । ছাৰ  মোক তপনে বাৰে বাৰে লগ ধৰি আছিল । কিন্তু  মই  সিহঁতক আপুনি  আহিব বুলি মিছা কথা কৈছিলোঁ ।মোৰ মনটোত কিন্তু খুবে ধিৰধিৰাই আছিল আপুনি আহিব বুলি । সেয়ে দিনটো ঘৰতে আছিলোঁ । পাছবেলা প্ৰায়  ৪:৩০ মান বজাত খবৰ পালোঁ তাইয়ো  বেলেগ এজনলৈ গুচি গ'ল। দুখতে আপোনাৰ কথা পাহৰি গ'লোঁ । লগৰবোৰে  খুব ঠাট্টা কৰি  ক'লে। সিহঁতি 
ক'লে আজি বেলেগ এজনি চাই দিব আৰু  দুয়ো জনীকে দেখোৱাই  কাইলৈ ভিতৰতে  মোক বিয়া পতাই  দিব। ময়ো জিদ লাগিছোঁ ছাৰ। ছাৰ , আচৰিত মোৰ অনুভৱ সঁচা হ'ল । সঁচাকৈয়ে আপুনি   আহিল ছাৰ । ছাৰ,আপোনাক কথাবোৰ কৈ বৰ পাতল লাগিছে ছাৰ ।"
" চোৱা বেটা । তুমি বেয়া ল'ৰা নহয় । তুমি  বেয়া হোৱাহেঁতেন--ইমানবোৰ কথা আজি নকলাহেঁতেন । বাৰু  শুনা গুচি যোৱা আত্মাক  যেনেদৰে দেহত ভৰাই দিব নোৱাৰি ।ঠিক তেনেদৰে  যোৱা সময়কো ওভতাই আনিব নোৱাৰি । জীৱনত  ভাল  পোৱা থাকেই । ভাল  এক পক্ষ হ'লে মিলন নহয় ।দুই  পক্ষতে  থাকিব লাগিব । চোৱা, তুমি  মোক ভাল পোৱা, মই  তোমাক  ভাল পাওঁ । সেয়ে  ইমান নিশালৈকে  দুয়োৱে ইজনৰ সিজনৰ কথাবোৰ  গুৰুত্ব দিছোঁ । তাই  তোমাক  গুৰুত্ব ই দিয়া নাছিল । সেইবাবে তাই তোমাক এৰি গুচি  গ'ল। তাত দুখ কৰি লাভ নাই । ধৰা তুমি বিয়া পাতিলা ।এদিন তাই ঢুকাল ,তেতিয়াতো তুমি অকলেই কটাবলগীয়া হ'লহেঁতেন । এতিয়া ধৰি লোৱা তাই  আৰু নাই । তুমিতো জীয়াই থাকিবই লাগিব । তাইৰ কথা এৰিলোঁ । এতিয়া বৰ্ণালীৰ কথা আঁহো ।তাই  তোমাক ভাল নাপাওঁ বুলি ক'লে বাৰু,কি জানি  অন্তৰৰ সৈতে তোমাকে ভাল পায় । তোমাৰ  পঢ়া -শুনা বেয়া হ'ব বুলি কোৱা নাই । তুমি  ভাবা চোন টিউচনৰ তোমাৰ লগৰ কোনজনে তোমাক ভাল বেয়া পায়।  ঠিক আছে বাৰু  মানিলো--বৰ্ণালীয়ে তোমাক ভাল পাওঁ বুলি ক'লে । তাৰপাছত  কি কৰিবা? বিয়া পাতিবা  ? মানিলো  বিয়া পাতিবা । কিন্তু  খোৱাবা কি  ? তোমাৰ জানোঁ খেতি কৰা মাটি আছে  খেতি কৰি  খাবলৈ ? নে চাকৰি আছে  ? দিন হাজিৰা কৰি খাবা মানিছোঁ । কিন্তু; বৰ্তমানৰ প্ৰযুক্তিবিদ্যাই ক্ৰমান্বয়ে দৈনিক মজুৰি কমাই নিছে । প্ৰতি   দিনে  জানোঁ  দৈনিক কাম পাবা । কাম নাপালে ঘৰ চলাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ টকা ক'ত পাবা বেটা ? ঠিক এসাঁজ  খাই এসাঁজ  নোখোৱাকৈ  থাকিবা । কিন্তু  সন্তানকেইটিক  কেনেকৈ  লঘোণত থ'বা । সেই সময়ত তোমাৰ চকুলো নিগৰিলেও জানো মূল্য থাকিব । আজি তুমি  বিচৰা বস্তুটো নাপালে মনত কিমান বেজাৰ লাগে,তুমি  নিশ্চয়  বুজিছা । ভাবিলোঁ, ভাত-পানী যোগাৰ কৰি  দিব পাৰিবা । কিন্তু  পঢ়া-শুনাত খৰছ কৰিলৈ টকাবোৰ যোগাৰ কৰি দিব পাৰিবা জানো । তোমাৰ এইটো বয়স তোমাৰ  সম্পদ ঘটা বয়স । সেয়ে  সম্পদবোৰ ঘটি লোৱা জীৱনত সুখী হ'বা । পঢ়ি অভিজ্ঞতাবোৰ আহৰণ  কৰি লোৱা  । ডিগ্ৰী  -ডিপ্লমা চাৰ্টিফিকেটবোৰ বহুমূলীয়া  সম্পদলৈ পৰিৱৰ্তন কৰা  য'ত পৰিলেই  তোমাৰ মনৰ আশা পূৰণ হয় । যদি চাৰ্টিফিকেটবোৰ  পেলনীয়া কাগজ হৈ ৰ'বলৈ হয় ; কষ্ট কৰা সময়কণো নিৰ্থক হৈ ৰ'ব। তুমি আহৰণ কৰা অভিজ্ঞতাই তুমি  চৌদিশে এটা প্ৰকৃত দীপাংক হৈ জ্যোতি  দিব পাৰিবা। নিজৰ সন্তানক  চকু দিব পাৰিবা । এখন দামী বিদ্যালয়ত পঢ়াব নোৱাৰিলেও  ; তোমাৰ  সন্তানে  পঢ়া বিদ্যালয়তখনেই দামী হৈ উঠিব । চিন্তা  নকৰিবা  তুমি  সকলো ঠিক হৈ  যাবা । তোমাৰ  ধৈৰ্য্য  শক্তি আছে । প্ৰেমো কৰা  নিজৰ  সম্পত্তিৰ ৰেখাডালো আগবঢ়াই নিয়া । প্ৰেমৰ অবিহনে জীৱন বৃথা । কিন্তু  প্ৰেম হ'ব লাগে জীৱন গঢ়া ; ভঙা নহয় । প্ৰেম কৰিবলৈ তাত য'ত  তুমি  হতাশাত নোভোগা । য'ত তোমাৰ ত্যাগবোৰ অথলৈ নাযায় । এবাৰ কিতাপৰ লগত প্ৰেমৰ প্ৰস্তাৱ ৰাখা । যদি এই প্ৰস্তাৱত  সহাৰি পোৱা  , তোমাৰ  জীৱনৰ প্ৰতিটো কোঁহে কোঁহে  প্ৰেমৰ কলি  পাবা । জীৱনত  বিচৰা বস্তুটো নাপালেও দুখ কৰিব নালাগে ।সেইটোৰ গৰাকী তুমি  হ'ব নোৱাৰাকৈয়ে সৃষ্টি  হৈছে ।কিন্তু তাৰ গৰাকী হ'ব নোৱাৰা কাৰণবোৰ অন্বেষণ কৰি  আনাগত তেনে বস্তুৰ গৰাকীৰ হ'বলৈ প্ৰয়াস কৰিব লাগে । বাৰু এতিয়া  কোৱা চুন ?  কি  বিয়া  পাতিবাই  নেকি ককমাইনাটো ? কথাবোৰ  মা -পাপাই  জানে  নাই  ?।"
" ছাৰ, নাজানে । নাই  নাপাতো । মই আগৰ দৰে থাকিম । পূৰ্বৰ সময়বোৰেই ভালে আছিল । অধিক বন্ধুত্বৰ লগত সময় কটোৱা যে বিপদ আহে বুজিলোঁ । সৰু কালছোৱাই ভাল আছিল । কোনো লগেই মদ,ভাং,চিগাৰেট  খাবলৈ জোৰ নকৰিছিল ।কেনেবাকৈ খালেও ঘৰত কৈ দিম বুলি কৈছিল । তাতোতকৈ  ভাল আছিল বেয়া কাম কৰিলেই ছাৰ-বাইদেউহঁতৰ গালিবোৰ আৰু কোববোৰ । যৌৱনত ভৰি দিলে দেখোন এই সকলোবোৰ মনৰ পৰা  হেৰাই যায় । ছাৰ-বাইদেউসকল আৰু জ্যেষ্ঠসকল  যে আমাৰ জীৱন আটাইতকৈ ভাল বন্ধু পাহৰি যাওঁ  বাল্যকাল এৰাৰ পাছতে ।  "
" চোৱা , তোমাৰ  সুখৰ বাবে মা -দেউতাই কি কৰা নাই । যিমান পাৰে তোমালোকক সুখী কৰি ৰাখিবলৈ বিচাৰিছে । তোমাৰ মা-দেউতাৰ মুখ দুখন দেখি মোৰ বৰ  দুখ লাগিছিল যেতিয়া তুমি  ভিতৰলৈ সোমাই আহিছিলা । দুয়োজনে লাজত ৰঙা-জঙা পৰি তল মূৰ কৰি দিছিল । তোমাৰ ওপৰত মোৰ বিশ্বাস আছে ভৱিষ্যতে তুমি আৰু এনেকুৱা নকৰা । কাৰণ তুমি মোৰ ছাত্ৰ আৰু মোৰ বিশ্বাস । তোমাক  লৈ মই গৌৰৱ কৰোঁ ।টিউচনত কোনো ছাত্ৰ- ছাত্ৰীয়ে পঢ়াত হেমাহি কৰিলে,তোমাৰ  কথা কওঁ তোমালোকৰ দৰে দীপাংকৰ  নাছিল । তোমালোকেও  দীপাংকৰ দৰে ভাল ছাত্ৰ-ছাত্ৰী হ'বলৈ যত্ন কৰাঁ ।
" ছাৰ , কাইলৈৰ মদ ,ভাং , চিগাৰেট  সকলোকে  এঘৰীয়া কৰিম । আগৰ দৰেই  সময়বোৰ কটাম।"
" মনত খুব আনন্দ লাগিল , তোমাৰ  কথাবোৰ  শুনি । মনত ৰাখিবা কিন্তু কোৱা যিমান সহজ কৰা দেখোৱাটো তাতকৈ বহু গুণ কঠিন । ভাল কামত আগবঢ়ালোকক পাছফালৰপৰা হাকুটি লৈ টনা মানুহো  বহু ।সেয়ে কঠিনতাক সৰল বুলি লৈ যন্ত্ৰণাক ৰথৰ সাৰথি কৰি ল'ব পাৰিলেই তুমি খোজবোৰ আগবঢ়াই দিব পাৰিবা ।মই তোমাৰ কাষত সকলো সময়তে আছোঁ। বহু নিশা হৈছে ।যোৱা  শুই থাকাগৈ । পুৱা মই কল কৰিম । ভাত খাই শোবা কিন্তু ।"
" অ ছাৰ , গুড নাইট । ঘৰত গৈ পালে মিছ কল এটা দিব।" 
" ঠিক আছে যোৱা । তোমাৰ  বিচনাৰ পলবোৰ মধুময় হওঁক  ।
          দুয়ো নিজৰ নিজৰ ঘৰ মূৱা হৈ গুচি গ'ল। দীপাংকৰ  জীৱনৰ এটি বেঁকা পথটি পোন হৈ  গতি কৰিল ।

📝মিণ্টু দোলাকাষৰীয়া
জিলা:  ডিব্ৰুগড়
বৃত্তি: সহ-শিক্ষক কমাৰ গাঁও হাই স্কুল

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send