ধাৰাবাহিক উপন্যাস ৰুণজুন (খণ্ড-২০)

: এইবাৰ পূজাত ঘৰলৈ দুইটা ল'ৰা  আৰু ৰিহণ আহিল -পূজাৰ পন্চমীৰ পৰা দশমীলৈকে ঘৰতে থাকিল ।
পুৱাৰ ব্ৰেকফাষ্ট কেতিয়াবা সকলােৱে একেলগে খায় আৰু ৰাতিৰ সাজ সকলােৱে বেলেগ বেলেগ ঠাইত নিজৰ বন্ধুৰ সৈতে খায় । নিয়ম নহলেও নিয়মৰ দৰেই  প্ৰায় হৈ গৈছে ।
ৰুণ যায় ৰিহণৰ ৰুমলৈ আৰু সোধে ভাত বাঢ়িমনে (?) -তাৰ প্ৰত্তুতৰত পালে - নালাগে আমাৰ চীফ চেক্ৰেটাৰী আহিব dinner আছে পূজাৰ অষ্টমীৰ দিনা ।  ল'ৰাবােৰতাে ল'ৰাই- পূজাত বহুত দিনৰ মূৰত ঘৰলৈ আহিছে, পূৰণি বন্ধুৰ সতে য'ত সুবিধা তাতেই ভাত খায় । ঘৰলৈ সকলােবােৰ অহা বা নহা একেটাই  কথা - তেনেকুৱাই হ'ল । ঘৰৰ ৰান্ধনিয়ে ভাত ৰান্ধি কিমান কুকুৰ কেইটাক দিব । বাকী ৰোৱাবােৰ ৰাস্তাৰ কুকুৰক বিলাই দিয়ে ।
  তেওঁলােক আহিলেও ৰুণে অকলেই সেইকেইদিনাে ভাত খাইছিল । কাৰো সময় নাই । সকলােবােৰেই ব্যস্ত নিজৰ নিজৰ কাম বা ব্যৱসায়ত । ৰুণে সিহঁত অহা কাৰণেই মাক -দেউতাকৰ ঘৰলৈ যোৱা নাছিল । পিছদিনা  ভাৱিলে ," নৱমীৰ দিনা পুৱাই সেৱা এটা কৰি  মাকৰ ঘৰৰ পৰাই এপাক গৈ আহিব । সেই মতেই তাই ওলাল মাকৰ ঘৰলৈ ।
আহি দেখিলে ভনীয়েকে ল'ৰা -ছােৱালী  আৰু স্বামীৰ সমন্নিতে আহি মাকৰ ঘৰ ৰজনজনাই আছে, কিন্তু নিজৰ পৰিয়ালৰ সম্বন্ধৰ বিভিন্নতাবােৰৰ কথা ভাৱি
ভিতৰি ভিতৰি মনত বৰবেয়া লাগি থাকিল ।
......আগলৈ...

🖋️মীনা পামে গাম 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send