তুমিয়েইতো কৈছিলা ....পলাশ
পূৰ্ণতাৰ পৰা শূন্য হোৱাৰ দুখত কিমান যন্ত্ৰণা
এতিয়াচোন তুমিয়েই....
হৃদয়ৰ দুৱাৰখন বন্ধ কৰিলা।
হেঁপাহৰ পদূলিত আৱেগেৰে
অগাদেৱা কৰিছিলোঁ
তুমি দেখোন দুৱাৰখনকে বন্ধ কৰি থ'লা।
বিয়পাই এজাক মিঠা সমীৰণ
সজীৱ কৰিছিলা দেহ -মন।
কিন্তু...
কিন্তু ..হঠাৎ কি-বা হ'ল...?
শীতৰ প্ৰকোপত সৰি ৰ'ল হৃদয়ৰ সেউজীয়াবোৰ।
মোৰ ভঙা কলিজাত আকৌ জগাই দিলা
ৰক্ত শিহৰণ।
হৃদয়ত বোৱাই বিষাদৰ বতাহ তুমি আতৰি গ'লা ...!!
এতিয়া মোৰ হৃদয়ৰ অসুখ
খবৰ জানো কৰিছা...?
তুমি এজোপা নিথৰ নাহৰ হৈ
চাই আছা মোৰ বিষাদগ্ৰস্ত মনটো...
সময়ৰ সন্ধিক্ষণত তুমিয়েই চুক্তি কৰিছিলা ।
এতিয়া হৃদয় ছাঁয়াচ্ছন
বিষাক্ত হৈ পৰিছে মন ...
থাকিম মাথোঁ তোমাৰ অপেক্ষাত প্ৰতি পল।
মধুৰ স্মৃতিবোৰ সুঁৱৰি ...
সময়ৰ সোঁতত এৰি দিম অশান্ত মনটোক
অসময়ে কৰিছে গধুৰ মোৰ স্বপ্নৰ বাট
বৰষুণজাকত তিতি মনটো ...
অনাকাংক্ষিত সন্ধিয়াত কঁপি উঠে।
পৰি ৰ'ল হৃদয়ৰ আধালিখা দস্তাবেজ
হৃদয়ৰ ধপধপনিবোৰত বিষাদৰ অশ্ৰু কণিকা
অসমাপ্ত হৈ ৰ'ল সপোনবোৰ।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ