দুবেলাত এমুঠি খাই জীয়াই থকা দেখিছো
তাকে চাই জীয়াই আছো !
উচ্চ-নীচ কৰি কৰি
মনক তৃপ্তি দিয়া দেখিছো
তাকে চাই জীয়াই আছো !
সাধাৰণ কথাক অসাধাৰণ কৰি
তুমি কোন, মই কোন কৰা দেখিছো
তাকে চাই জীয়াই আছো !
ভাৰ্চুয়েল জগতত জ্ঞান বিলোৱা
বাস্তৱ জগতত গাখীৰত পানী মিলোৱা দেখিছো
তাকে চাই জীয়াই আছো !
সাম্যতাৰ কথা কৈ কৈ
সু্যোগ পালে অসমানতাক সাৱতি ধৰা দেখিছো
প্ৰেমৰ নামত মানুহে মানুহক বিক্ৰী কৰা দেখিছো
স্বাধীন দেশত পৰাধীনতা দেখিছো
ধৰ্ম আৰু অধৰ্মৰ ৰণত
মানৱতাৰ বলি দেখিছো
তাকে চাই চাই জীয়াই আছো !
প্ৰত্যেকেই জ্ঞানী, প্ৰত্যেকেই মূৰ্খ
প্ৰত্যেকেই মহান
জীৱশ্রেষ্ঠৰ খোৱা-কামোৰা
জীৱশ্রেষ্ঠৰ লগত
তাকে চাই চাই কেতিয়াবা হাঁহিছো !
📝ধোৰোম চুলা বড়ো
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ