আমাৰ ঘৰ-বাৰী সকলোবোৰ
নৈৰ বুকুত জাহ গ'ল
কেতিয়ানো বান আহিল আমি
গমেই নাপালোঁ।
আমি কেনেবাকৈ নিজৰ প্ৰাণ বচাই
এই ওখ ঠাই ডোখৰ পালোঁহি
হাতত একো এটা বস্তু আনিবও
নোৱাৰিলোঁ।
আমাৰ এতিয়া থাকিবলৈ
ঘৰ খন নাইটো নাইয়ে বাৰু
খাবলৈয়ো একো এটা নাই অ'
সকলো শেষ হৈ গ'ল,
ল'ৰা ছোৱালী কেইটাৰ চাগে
বৰ ভোক লাগিছে
দুদিন ধৰি সিহঁতেও একো এটাকে
মুখত দিবলৈ পোৱা নাই
শুৱলৈ পোৱা নাই,
অনিদ্ৰা অনাসাৰে কটাইছে
বান বিভীষিকাৰ এই নিষ্ঠুৰ সময়।
আমাক সহায় কৰক
আমাক কিবা এটা খাবলৈ দিয়ক
নহ'লে আমি আৰু নাখায়-নবয়
জীয়াই থাকিব নোৱাৰিম
সকলো এনেকৈয়ে মৰিম।
✍️অজয় ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ