পৃথিৱীৰ উপৰিভাগৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৪১৭ মিটাৰ তলত পৃথিৱীৰ আটাইতকৈ বেছি লৱনযুক্ত এভাগ পানী আছে। এই পানী ভাগত অত্যধিক নিমখ থকাৰ বাবে কোনো ধৰণৰ প্ৰাণী আৰু উদ্ভিদ পোৱা নাযায়। যাৰ বাবে এই পানীভাগক ডেড ছি বা মৃত সাগৰ বুলি নামকৰণ কৰা হৈছে। এই জলৰাশি জৰ্ডান আৰু ইজৰাইলৰ মাজত অৱস্থিত আৰু ই সৰ্বমুঠ ১,০১৮ বৰ্গ কিলোমিটাৰ আগুৰি আছে। জৰ্ডান নৈ মৃত সাগৰত পৰিছে। জৰ্ডান নৈৰ পানীত প্ৰতি এক লাখ লিটাৰত ৩৫ কিলোগ্ৰামকৈ লৱণ পোৱা যায়। এই নদীৰ পৰা বছৰে ৪,৫০,০০০ টন নিমখ জমা হৈ থাকে। সূৰ্য্যৰ তাপত পানী শুকোৱাৰ ফলত নিমখৰ পৰিমাণ বাঢ়ি গৈছে। বৰ্তমান এই পানীত ৩২% নিমখ আছে। এই জলৰাশিত মানুহ শুই থকাৰ দৰে উপঙি থাকিব পাৰে।
✍️শুভাংশী নেওগ
ছাত্ৰী, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়
সমাজতত্ত্ব বিভাগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ