ক'ভিড-১৯ আৰু আমাৰ সমাজ

Rinku Rajowar
0
এইবাৰ আমাৰ নামঘৰত বৰসভা আৰু ভাওনাও নহ'ল । কিছু কিছু অঞ্চলত অনুষ্টুপীয়াকৈ পাতিছে । খেল পথাৰখনো উকা হৈ ৰ'ল। খেলুৱৈ দৰ্শক নাইকিয়া হৈ পৰিল । গাঁৱৰ বায়ন দাইটিৰ বহুত খং এইবাৰ ভাওনাত খোলটো বজাব নোৱাৰিলে । ওজা ককাইদেউৰ মনটো বহুত বেয়া ঢোলটো বিহুত ভালকৈ বজাব নোৱাৰিলে। নাই কিন্তু বিয়াবোৰতো ওজা চাপৰ এটাও বজাব নোৱাৰিলে ।  গায়ক ভাইটিয়ে সিদিনাটো কান্দিয়ে পেলালে কি যে হ'ল জীৱন জীৱিকা নাইকিয়া হ'ল, মঞ্চখনো নাইকিয়া হ'ল । ক'ভিডৰ কথা ক'লে হাঁহিবলৈ ধৰিছে গাঁৱৰ ৰাইজে, কি যে বস্তু!বেমাৰ নে ভেলেকি । কিছুমানে কয় আছে, কিছুমানে কয় নাই । যে বেমাৰী নহয় কৌদি । কিছুমানে কয় ৰাজনীতি কিছুমানে কয় কূটনীতি । কিছুমানে পায় তিৰস্কাৰ কিছুমানে পায় পুৰস্কাৰ। খেলি মেলি কতযে কি কথা । গাঁৱত আকৌ জৱকাৰ্ড আৰু ঘৰৰ ৰাজনীতিৰ হৈ-চৈ ।
         ক'ভিড -১৯ ৰ প্ৰভাৱত সমাজ জীৱনত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে ।

         🖋️ শ্ৰী উৎপল দাস
      কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)