আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
আজি ইংৰাজী ২০২০ চনৰ আগষ্ট মাহৰ ২৫ তাৰিখ, মঙ্গলবাৰ। বছৰটোৰ ২৩৮তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১২৮ দিন বাকী। অসমীয়া লেখেৰে ১৯৪২ শকৰ ভাদ মাহৰ ৮ তাৰিখ।

✍ আজি উৰুগুৱেৰ স্বাধীনতা দিৱস। ১৮২৫ চনৰ আজিৰ দিনটোত দেশ খনে ব্ৰাজিলৰ পৰা স্বাধীনতা লাভ কৰে।

✍ আজি বেলাৰুচৰ স্বাধীনতা দিৱস। ১৯৯১ চনৰ আজিৰ দিনটোতে দেশ খনে ছোভিয়েট সংঘৰ পৰা স্বাধীনতা লাভ কৰে।

✍ ১৯৪২ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী হেমৰাম বৰাই পুলিচৰ গুলী খাই মৃত্যু বৰণ কৰে।

✍ ১৮৬৬ চনৰ আজিৰ দিনটোতে জীৱ বিজ্ঞানী টমাচ হাণ্ট মৰ্গানৰ জন্ম হয়।

✍ ১৮৬৭ চনৰ আজিৰ দিনটোতে বিদ্যুৎ চুম্বকত্ব আৰু বিদ্যুৎ ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অবদানৰ বাবে জনাজাত মাইকেল ফেৰাডেৰ মৃত্যু হয়।

✍ ২০১২ চনৰ আজিৰ দিনটোতে মহাকাশচাৰী তথা চন্দ্ৰপৃষ্ঠত ভৰি থঁওতা নীল আৰ্মষ্ট্ৰঙৰ মৃত্যু হয়।

✍ ১৮৮৮ চনৰ আজিৰ দিনটোতে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয়। পিছলৈ ইয়েই  অসম সাহিত্য সভালৈ পৰিগণিত হয়।

✍  ১৮৭৫ চনৰ আজিৰ দিনটোতে মেথিউ ৱেব ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।

✍ ১৯৮০ চনৰ আজিৰ দিনটোতে জিম্বাবোৱেই ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত হয়।

✍ ১৫২৪ চনৰ আজিৰ দিনটোতে ভাস্কো-দা-গামা তৃতীয় তথা অন্তিম বাৰলৈ ভাৰতলৈ আহিছিল।

✍ ১৯৬৬ চনৰ আজিৰ দিনটোতে মানৱ বিহীন মহাকাশ যান 'অৰবিটাৰ-১' য়ে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ পৰা পৃথিৱীৰ আলোকচিত্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰে।

✍ ২০১২ চনৰ আজিৰ দিনটোতে 'ভয়েজাৰ-১' মহাকাশযান সৌৰমণ্ডল পাৰহৈ অন্তৰীক্ষত প্ৰৱেশ কৰা প্ৰথম মহাকাশযান হিচাপে পৰিগণিত হয়।

সংগ্ৰহ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)