জিলিকি উঠে
মোৰ চকুৰ মণিত মাথোঁ তোমাৰেই ছবি।
আঘোণ পুৱাৰ নিয়ৰতে গজালি মেলে
ভালপোৱাৰ বীজবোৰ
হৃদয়ৰ মাজত।
নীলা আকাশত উৰি ফুৰা
বগলীৰ জাকটি
চাই চাই
ভাল লাগে মোৰ
কিজানিবা তোমাৰ বতৰা লৈ আহিছে বুলি,
অস্ত যোৱা বেলিৰ পোহৰতে গোপনে ৰাখো
আশা-নিৰাশাৰ সম্ভাৰ।
✍️লক্ষ্মণ মানকী
ধুনীয়া 🌼
ReplyDelete