পিতাই পদূলি এৰোতে
কাহানিও ভবা নাছিলোঁ
মই যলৈ গৈ আছো
সিও মোৰ ঘৰ নহয় ,
সপোনবোৰ দুৱাৰ দলিত ভৰি দিওতে
এৰি আহিলোঁ বাহিৰতে ,
আৰম্ভ হৈ পৰিল যান্ত্ৰিক জীৱনৰ
ভিন্ন মুখা পৰিহিত মাজত
মই গম নোপোৱাকৈ
কেতিয়া মোক মুখা পিন্ধাই দিয়া হল
আজিও বুজি নাপালোঁ ,
উচুপি উচুপি বিচাৰি ফুৰিছোঁ নিজক
দেখিছা নেকি কোনোবাই মোক ,
মোৰ মইজনীও
পিতাই ঘৰ এৰি আহিছিলো ,
জীৱনবোৰ কিয়
আনে বিচৰাৰ মতে জীয়াও ,
সপোনবোৰ কিয় সদায় সমাধিস্থ হয় ,
ভালপোৱাবোৰ কিয় আনে বিচৰাৰ দৰে পৣকাশ কৰিব লাগে ,
মৃত্যুৰ আগে কিয় এবাৰো
মই জনী হৈ জীয়াই থাকিব নোৱাৰে
নাৰীবোৰ পৃথিবীত
📝ডলী গোস্বামী
তেজপুৰ অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ