তাহানিৰ ল'ৰালি

©Admin
0
চাৰিজন ল'ৰা বন্ধুৱে গাঁৱৰ পুলটোত বহিলৈ আবেলি সময়ত বিভিন্ন আলোচনাত মগ্ন । আজি বিদ্যালয়ত কোন ছাৰে কাক মাৰিলে, অংকত কোনে কিমান নম্বৰ পালে অসমীয়াত কোনে কিমান নম্বৰ পালে, অসমীয়া বিষয়ৰ কথা আহিলে ৰমেনে তপৰাই মাতে মই অসমীয়াত ১০০ৰ ভিতৰত ইমান পালো । তাতে পঢ়াৰ আলোচনা শেষ হয় আৰু বেলেগ কথা আৰম্ভ হয় , যেনে ১০ টকাকে সকলোৱে উঠাই তেনিছ বল কিনি ক্ৰিকেট খেল খেলি কেইবা মাহৰ পাছত ক্ৰিকেট খেলৰ বাদদি ফোটবল খেলি ভাগৰি পৰি পথাৰত শোই বিভিন্ন আলোচনা কৰি কিৰিলি মাৰে । কাৰ বাৰিত কি আছে আৰু নৈ কানৰ বগৰি কেইযোপাৰ উথি লৈ ফৰমুঠি মাৰি বগৰি লৈ  ধাননিৰ মাজত জলকিয়া নিমস লৈ খোৱাৰ কথা । আম কথাল আদি খোৱা লগতে বহু বস্তু খোৱাৰ আলোচনা । বন্ধদিনত বিলত জাল বৰসি বোৱাৰ লগতে মাছ ধৰা কথা বোকাৰে লোটোৰি পোটোৰি হৈ পৰা কথা । ৰতিলে নপঢ়িলে পঢ়াৰশালিত পিতন খোৱা কথা । মহাভাৰত ৰামায়ণ টি ভিত চাবলৈ দেওবাৰে বহুত দূৰ গৈ নামঘৰত চোৱাৰ কথা ।     

      তাহানিৰ ল'ৰালিৰ কথা হয়টো এই মদকতাবো বৰ্তমান লৰা ছোৱালিয়ে পোৱা নাই । সেই পৰিবেশে সচাঁ মানুহ গঢ়িছিল । যান্ত্ৰিকতাৰ পৃথিবীত সকলোৱে সোমাই গৈছে, নিজৰ মাজতে থাকি গৈছে ।

    📝 শ্ৰী উৎপল দাস
      কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)