অব্যক্ত

©Admin
0

সফলতাৰ দৌৰত থৰকাচুটি হেৰুৱা সমীৰৰ সময় নোহোৱা অৱস্থা। স্বাধীনচেতিয়া কৈ শূন্যৰ পৰা আৰম্ভ কৰা সমীৰৰ সফলতাৰ বাট যেন এতিয়া কাইঁটেৰে ভৰা । তথাপি সি ভাগৰি পৰা নাছিল।  অহৰহ এক সুন্দৰ ভবিষ্যতৰ দিশে তাৰ   কুচ-কাবাজ অব্যাহত ৰাখিছিল। সমীৰৰ এই যুজঁত চিৰলগৰী হৈ ঠিয় দিছিল অৰুণিমাই।  তাৰ পকেটৰ কাগজৰ লেখ-জোখ নৰখাকৈয়ে তাই প্ৰতিশ্ৰুতিবদ্ধ আছিল আজীৱন তাৰ সহচৰ হোৱাৰ। সময় বাগৰিছিল, সি আগবাঢ়িছিল । কিন্ত,  জীৱনৰ লৰ‍া-ধপৰ‍াত ক্ৰমাৎ যেন তাৰ হাতৰ পৰা অজানিতে খহি আহিব ধৰিছিল অৰুণিমাৰ হাত। সি অনুভৱ কৰা নাছিল, কিন্ত তাই বাৰুকৈয়ে অনুভৱ কৰিবলৈ লৈছিল তাইৰ বুকুত  এক অজানি ৰিক্ততা। তাক ক'ম ক'মকৈ থাকি যোৱা এইবোৰ কথাই তাইৰ টোপনি কাঢ়িছিল। হেপাঁহবোৰ হেঁচি হেঁচি চকুলো বোৱাইছিল। এদিন সকলো কথা কৈ পেলাম  বুলিয়ে  তাৰ ব্যস্ত দিনলিপিৰ পৰা অলপ সময় তাই আজুঁৰি আনিছিল।প্ৰতিনিয়ত আবদাৰবোৰৰ শেষত কথাষাৰ ক'ম বুলি ভাৱোতেই  দিনটোৰ ভাগৰুৱা দেহাৰে  ঢলি পৰা সমীৰ শুই পৰিছিল, ঠিক আনদিনাৰ দৰে। আনদিনাৰ দৰে সেই দিনাও  অৰুণিমাৰ হেঁচি ৰখা বুকুৰ বিষটে‍া অব্যক্ত  হৈয়ে  ৰৈছিল। দূৰভাষৰ সিটো পাৰে শুই পৰা সমীৰে সেইদিনাও কিন্ত তাইৰ অব্যক্ত বোৰ শুনিবলৈ অলপো হেপাঁহ কৰা নাছিল...

                                      
 🖋️বৰ্ণালী বৰগোহাঁই                                  লখিমপুৰ, অসম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)