মিছিংসকলৰ বসন্ত উৎসৱ পঃৰাগ বা নৰাছিগা বিহু (দ্বিতীয় খণ্ড)

©Admin
0
নামৰ ব্যুৎপত্তি
পঃৰাগ" বা "নৰাচিগা" শব্দৰ ব্যুৎপত্তিৰ ক্ষেত্ৰত  বিভিন্ন মত পাৰ্থক্য দেখা যায়।মিছিংসকলে পঃৰাগ উৎসৱৰ বাবে প্ৰস্তুত কৰি উলিওৱা বৃহৎ পৰিমানৰ আপং(মদ) খিনি ৰাখিবৰ বাবে অস্থায়ীভাৱে নিৰ্মাণ কৰা চাঙৰ ব্যৱস্থা  কৰা হয়।ইয়াক মিছিং ভাষাত 'আপং ৰাগনাম(চাং সাজি বা বান্ধি মদ ৰখা)' বুলি কোৱা হয়।বিশিষ্ট লেখক কেশৱ পাইটে এই আপং ৰাগনাম শব্দৰ আপঙৰ 'আ'  পূৰ্বপ্ৰত্যয় বিলুপ্ত হৈ 'প' ধ্বনিৰ লগত ৰাগ ধ্বনি যুক্ত হৈ  পঃৰাগ শব্দ গঠিত হৈছে বুলি ক'ব খোজে।


আকৌ বিশিষ্ট লেখক তথা গৱেষক ড° সদানন্দ পায়েঙে পঃৰাগত ব্যৱহাৰ হোৱা মদচকা "পঃবুম"  আৰু "পঃবৰ" শব্দৰ পৰা পৰাগ শব্দৰ উৎপত্তি হোৱা বুলি ধাৰণা কৰিছে।

বিশিষ্ট লেখক দীপক কুমাৰ দলেৰ মতে পঃৰাগৰ প প্ৰত্যয়টো পুঃপ জাৰপ  বা মৗঃপৰ পৰা আহিব পাৰে।তেনেকৈ ৰাগ প্ৰত্যয়টোৱে আনন্দৰ অৰ্থ বহন কৰে।

আকৌ লেখক হৰিনাৰায়ণ পেগুৰ মতে পঃমিন ৰাগনামৰ পৰা পঃৰাগ হ'ব পাৰে বুলি মন্তব্য দিয়ে।

সীতাৰাম দলেৰ  'পঃৰাগ' ঈৰ্ষক লেখাটোত কৈছে যে 'পঃবৰ ৰাগনাম' শব্দৰ পৰাহে পঃৰাগ শব্দৰ উৎপত্তি হোৱাৰ সম্ভাৱনা অধিক।পঃবৰৰ 'প' পূৰ্বপ্ৰত্যয় ৰাগনামৰ 'ৰাগ' ধ্বনিৰ সৈতে যুক্ত হৈ 'পঃৰাগ' শব্দৰ সৃষ্টি হ'ব পাৰে।পঃবৰ হৈছে চাইযুক্ত লাওপানী চাকিবৰ বাবে ব্যৱহাৰ কৰা বাঁহৰে নিৰ্মিত এমুৰ বহল আৰু আন মুৰে ঠেক বা বন্ধ ডাঙৰ হোৰা জাতীয় এবিধ সঁজুলি। আনহাতে পঃবৰৰ 'বৰ' পৰ প্ৰত্যয় আৰু ৰাগনামৰ 'নাম' ধ্বনি ঐহ্য বা বিলুপ্ত হৈ 'পঃৰাগ' শব্দ গঠিত হোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱৰি।

আন এটা কথাও মন কৰিবলগীয়া যে মদ্যপান কৰিলে ৰাগি বা নিচা লগাতো স্বাভাৱিক।সেইদৰে পঃৰ আপঙ(ছাইমদ)ৰ ৰাগি লগাটোও স্বাভাৱিক। গতিকে পঃৰ আপঙৰ ৰাগি লগা শব্দকেইটাৰ পৰা অৰ্থাৎ পঃৰ আপঙৰ পৰা "পঃৰ" শব্দটি আৰু নিচা বা ৰাগি লগাৰ পৰা "ৰাগ" শব্দটি একত্ৰিত হৈ "পঃৰাগ" বা "পৰাগ" (পঃৰ আপঙৰ ৰাগ) শব্দটিৰ উৎপত্তি হোৱা বুলিও ধাৰণা কৰিব পাৰি।
         পঃৰাগ উৎসৱক আমি নৰাচিগা বিহু বুলিও কওঁ।ধান চপোৱাৰ পিছত অথবা ধানৰ নৰাচিগা সময়ত এই উৎসৱ পতা হয় বাবে ইয়াক নৰাচিগা বিহু বুলি কোৱা হয়।আকৌ আন এটি দৃষ্টিভংগীৰেও চাব পাৰি যে যিহেতু এই উৎসৱটি ধান চপোৱাৰ সময়তে মুকলি ঠাইত বা আহল বহল পথাৰত গাওঁৰ সকলো সমবতে হৈ এঠাইত আনন্দত আত্মহাৰা হৈ নৃত্য গীতেৰে  আহাৰ ভোজন কৰে।গতিকে সেই নৃত্যত ভৰিৰ গছকত নৰা চিগা বাবে কাৰণবশঃত সেই উৎসৱটিৰ নাম "নৰাচিগা বিহু" বুলি কোৱাৰো থল আছে।

          (আগলৈ)
   
🖋️উত্তম লইং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)