আধৰুৱা প্ৰেম কাহিনী খণ্ড - ২৩

©Admin
0

" আধৰুৱা প্ৰেম কাহিনী " ত যোৱা সংখ্যাত - সত্যম দোকানলৈ যায় খোৱা সামগ্ৰী কিনিবলৈ কিন্তু দোকানীয়ে প্ৰথমে দোকানত প্ৰৱেশ কৰিব দিয়া নাছিল বুজাই দিয়া পাছত দোকানীয়ে সত্যম বহিবলৈ চকীখন আগবঢ়াই দিয়ে ৷ সত্যম নিতুৰ সৈতে ফোনত কথা পাতে ৷ সত্যম ঘৰলৈ গৈ ৰন্ধনত লাগে আৰু ভাত খাই ডায়েৰী কলমৰ সৈতে বহে - এতিয়া আগলৈ পঢ়ক

ডায়েৰীখন সামৰি সত্যম অলপ জিৰণি লবলৈ বিচনাত দীঘল দি পৰিল আৰু দিবাকৰহঁতৰ গাওঁ খনত কটোৱা সোণালী ক্ষণবোৰ মনত পেলাবলৈ আৰম্ভ কৰিলে 

" সেই গাওঁ আৰু গাওঁখনৰ লোক সচাকৈয়ে বৰ মৰমীয়াল আছিল বিশেষকৈ নিতু যিয়ে মোক ৰাজুদাৰ ঘৰখন দেখােৱাই দিছিল আৰু মই ভৱাই নাছিলো যে নিতু আৰু 

 মোৰ মাজত সুমধুৰ প্ৰেমময় সম্পৰ্ক গঢ়ি উঠিব বুলি , তাই মোৰ হিয়াৰ আমঠু হৈ পৰিল আৰু কিয় নবহ তাই ইমান ধুনীয়া মৰমলগা চেহেৰাটো মিচিকিয়া হাঁহিৰ সৈতে কোৱা কথাবোৰ প্ৰতিটো শব্দই হৃদয়স্পৰ্শী গতিকে তাইক মই মোৰ ঘৰৰ লখিমী কৰি আনিম এয়া কিন্তু মোৰ ঠিৰাঙ কথা তাৰ কাৰণে মই সকলো ফালৰপৰা সাজো আছো লাগে পৰিণাম যিয়ে নহওক কিয় ৷ নিতু আৰু মোৰ প্ৰেমৰ মাজত কোনেও বাধা দিব নোৱাৰে আৰু যদি কোনোবাই ভুলটো আমাৰ প্ৰেমৰ শত্ৰুৰৃপে থিয় দিয়ে তেনেহলে তাক মই দমণ কৰাটো নিশ্চিত ৷ 

কিন্তু তাই বা কি কৰে মোৰ সৈতে বিয়াত বহিব নে বাপেকৰ পছন্দৰ দৰাৰ লগত বিয়া হব সেইটোহে চিন্তনীয় বিষয় যায় কি নহওক সময়ত দেখা যাব ৷

সম্পূৰ্ণ লকডাউনৰ সময়ত ৰাজু দাৰ পৰিয়ালবৰ্গৰ মৰম চেনেহ আৰু অতিথি সৎকাৰৰ কথাও মই জীৱনত পাহৰিব নোৱাৰো সেই ঘৰখন একেবাৰেই মোৰ আপোন হৈ পৰিল বিশেষকৈ মৰমৰ দিবাকৰ বেচেৰা মই হঠাৎ গুচি অহাত মনত বৰ দুখ পাইছে ৷ কেনেকৈ দুখ নাপাব সিহঁতৰ ঘৰৰ সদস্যৰ ভিতৰত দিবাকৰে মোৰ লগত বেছিভাগ সময় কটাইছে কোনোবা এটা দিনত তাক এপাক পুনৰ লগ ধৰিব লাগিব তাৰ মনটো পাতলাবলৈ ৷ "

সত্যমে দীঘলীয়া উশাহ লৈ চকুহাল মুদি টোপনি যাবলৈ চেষ্টা কৰিলে ৷ সেই সময়তে ফোনটো বাজি উঠিল সত্যমে ফোনটো ৰিচিভ কৰিলে 

" অ মাইকেল কোৱা "

মাইকেলঃ ভালে আছা সত্যম ?

সত্যমঃ হয় মুঠামুঠিকৈ চলি আছো , বাৰু তোমাৰ কোৱা 

মাইকেলঃ মোৰ ভালেই আচলতে মোৰ ফোন কৰাৰ উদ্দেশ্যটো আছিল ইতিমধ্যে আধৰুৱা প্ৰেমকাহিনী চিনেমাখনৰ ৰিলিজ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 

সত্যমঃ সুন্দৰ কথা বাৰু তাৰিখটো ?

মাইকেলঃ অহা ২৭ আগষ্ট তাৰিখে গুৱাহাটী গল্ডেন চিনেমা হলত প্ৰথমে ৰিলিজ কৰা আৰু যিহেতু কৰ'না মহামাৰীৰ সংকটৰ নিবাৰণৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই সেই দিশত দৃষ্টি ৰাখি চছিয়েল ডিছটেণ্ট বজাই ৰাখি একাদিক্ৰমে অসমৰ বাকীবোৰ চিনেমা হলত সেই একেদিনাই ৰিলিজ দিয়া হব লগতে এমেজন প্ৰায়মটো ৰিলিজ দিয়া হব ইতিমধ্যে প্ৰমোখন ফেচবুক, ইউটিউবত এৰি দিয়া হৈছে ৷

সত্যমঃ দিয়া অতি উত্তম কথা তোমালোকৰ পৰিশ্ৰমৰ অতিশীঘ্ৰে ফল ওলাব ৷

মাইকেলঃ এয়া কি কৈছা আমাৰ পৰিশ্ৰমৰ কথা নাই তোমাৰ নিচিনা ডাইৰেক্টৰৰ কাৰণেহে এইবোৰ সম্ভৱ হৈছে বাৰু মই ফোন কাটিছো সোনকালে দেখা হব ২৭ আগষ্টত গুৱাহাটীত ৷

সত্যমঃ অকে 

ফোন কটাৰ পাছত নিজকে কবলৈ ধৰিলে

" অন্তত সেই ক্ষণ আহি পৰিল যিক্ষণৰ বাবে মই অপেক্ষা কৰি আছিলো ৷ মোৰ সপোন বাস্তৱত পৰিণত হবলৈ মাত্ৰ সাতদিনৰ ব্যৱধান আছে ৷ এই খবৰটো ৰাজুদাক জনাই দিওঁ লগতে নিতুকো সুখবৰটো দি আচৰিত কৰি দিওঁ "

এইবুলি কৈ সত্যমে মিঃ ৰাজুলৈ ফোন লগালে 

সত্যমঃ হেল্প ৰাজুদা কেনে আছে ?

মিঃ ৰাজুঃ ভালে আছোঁ দিয়া , তোমাৰ খবৰ কোৱা 

সত্যমঃ মইতো ভালে আছোঁ , মই আপোনাক সুখবৰ এটা দিবলৈ ফোন কৰিছিলোঁ ৷

মিঃ ৰাজুঃ এই ভয়ংকৰ পৰিস্থিতিত কিনো সুখবৰ ওলাল আকৌ বাৰু কোৱাচোন সুখবৰটো কিনো?

সত্যমঃ সুখবৰ টো দিম বাৰু তাৰ আগতে আপোনাৰ ফোন লাউড্স্পীকাৰত দিয়ক আৰু নবৌ আৰু দিবাকৰক কাষত মাতি লওক ৷

মিঃ ৰাজুঃ ঠিক আছে ৰ'বা সিহঁতক মাতি লওঁ ( মিঃ ৰাজুৱে ঘৈণীয়েক  আৰু দিবাকৰক মাতিলে )

মিঃ ৰাজুঃ অ আমি তিনিও আছোঁ এতিয়া কোৱা 

সত্যমঃ মোৰ চিনেমা খনৰ ৰিলিজ তাৰিখ ওলাল নহয়

মিঃ ৰাজু হয় নেকি? সুন্দৰ বাৰু তাৰিখটো কোৱা ?

সত্যমঃ অহা ২৭ আগষ্টত গুৱাহাটীত যাবলৈ সাজো থাকিব ৷

দিবাকৰঃ বাং দিবাকৰ দা কি মজা কথা তাৰমানে আপোনাক চিনেমাৰ পৰ্দাত দেখিবলৈ পাম হিপ্পীপ হুৰে ( এই খবৰ পাই দিবাকৰ মন উৎফুল্লিত হৈ উঠিল )

দিবাকৰঃ সত্যম দা এই কথা মই আমাৰ গাঁৱৰ সকলোকে জনাওগৈ আপুনি দেউতাৰ লগত পাতক কথা ৷

এইবুলি কৈ দিবাকৰ বাহিৰলৈ ওলাই যায় ৷

মিঃ ৰাজুঃ শুনিলা সত্যম তোমাৰ গুচি যোৱাৰ পাছত মৰহি যোৱা দিবাকৰ নামৰ ফুলপাহ পুনৰ সতেজ হৈ উঠিল ৷

সত্যমঃ হয় আপুনি ঠিকেই কৈছে এনেকৈ দিবাকৰৰ উৎসাহী আৰু আনন্দিত মন হোৱাটো মই কামনা কৰোঁ বাৰু এতিয়া থৈছো ২৭ তাৰিখে ৰাতিপুৱা পাঁচটা বজাত মই গাড়ী লৈ আপোনালোকক ৰিচিভ কৰিবলৈ যাম সাজো হৈ থাকিব ৷

সত্যমে ফোন কাটি বাথৰুমত সোমাল ৷ মিঃ ৰাজুৱে ঘৈণীয়েকলৈ চাই ক’লে 

দেখিলা মালতী পৰিশ্ৰমৰ ফল , এদিন নহয় এদিন আহিবই কিছুদিন অপেক্ষা কৰিব লাগে কিন্তূ ফলফল ওলোৱাটো নিশ্চিত এতিয়া যোৱা এই সুখবৰ উপলক্ষে আজি মালপোৱাকে বনোৱা ল’ৰাটোৰো মন আনন্দিত "

ঘৈণীয়েকে ক’লে

" নিশ্চয় মোৰ বংহৰদেউ মোৰ মনটোও আজি আনন্দিত সোণটোৰ মনৰ উৎফুল্লতা দেখি মই বনাও গৈ আপুনি সোণক মাতি আনক "

মিঃ ৰাজু দিবাকৰক বিচাৰি ওলাই গ"ল আৰু ঘৈণীয়েকেও পাকঘৰত সোমাল ৷

               আগলৈ

 

📝 দুলাল ৰবিদাস




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)