ৰুণজুন (খণ্ড-২২) ধাৰাবাহিক উপন্যাস

Rinku Rajowar
0
ৰুণজুন আৰু ৰিহণৰ আলিচান  ঘৰ । বৃহৎ ল'ন । ফুলেৰে সুশােভিত  বাগান। বিলাসিতাৰ সকলাে প্ৰয়ােজনীয় সুবিধা থকা ঘৰ । নাই একোৰে অভাৱ ।

এগৰাকী নাৰীয়ে নিজৰ ঘৰ-বাৰী এৰি স্বামীৰ ঘৰকে নিজৰ ঘৰ বুলি
গােটেই জীৱন অতিবাহিত কৰে ,তেতিয়া স্বামীকে সুখ -দুখৰ জীৱন সংগী হিচাপে লয় ।   নিজৰ আবেগ, ভালপােৱা , বেয়াপোৱা সকলােবােৰ শ্বেয়াৰ য়াৰ কৰিব বিচাৰে , যদিহে শ্বেয়াৰ  কৰিব নােৱাৰে তেতিয়া অন্তৰ্দন্দত ভূগে ।ৰুণৰ ক্ষেত্ৰতাে  তেনেকুৱাই হৈছে ।
পুৰুষে নাৰীক আৰু নাৰীয়ে পুৰুষক একাে কথা লুকুৱাব  নালাগে । যদি খােলাখুলিকৈ মনৰ কথা স্পস্টকৈ নকয় তেতিয়াই সন্দেহৰ বীজ জন্ম হয় আৰু মনত অশান্তিৰ সৃষ্টি হয় ।যাক যুগ্ম জীৱনত অৰ্ধঅংগ হিচাপে মানি লৈছিল সেইতাে  প্ৰাপ্যমতে পোৱা নাছিল ।
অৰ্ধাংগিনী। ই সাধাৰণ শব্দ নহয় । ৰুণে তাইৰ অৰ্ধঅংগৰ পৰা প্ৰাপ্যখিনি নােপোৱাৰ বাবেই জীৱনতাে শান্তিৰে থাকিব পৰা নাছিল । ৰুণে বিছাৰিছিল - ৰিহণৰ পৰা মানসিক সান্নিধ্য ।
     পতি -পত্নীৰ মাজৰ কথাখিনি আনৰ আগত কোৱাৰ প্ৰয়ােজনবােধ কৰা নাই ।  কাৰণ তেওঁলােক দুয়ােজনৰ মাজৰহে কথা ।

কিন্তু,পত্নীয়ে পতিৰ পৰা যি বিচাৰে - সেইবােৰ নাপালেও, ক'বতাে নোৱাৰে বা কৈ মেলি  মৰম বিছাৰি লোৱা কথা নহয় । মানসিক টান থাকিলে  কেতিয়াও পুৰুষ
আতৰি যাব নােৱাৰে, নিশ্চয় তেওঁ আন কিবা কাৰণত অধিক ব্যস্ত হৈ গৈছে , তেনে কাৰণাে হব পাৰে ।
পুৰুষৰ ব্যস্ততাৰ বাবে যদি এগৰাকী নাৰীক নিসংগ কৰি দিয়ে - সেই নাৰী গৰাকীৰ মনৰ অৱস্থা কি হ'ব পাৰে সেয়া ভূক্তভােগীয়েহে জানিব !
প্ৰতিজন বিবাহিত পুৰুষে এইকথা হৃদয়ংগম কৰিব লাগে ।
আজিৰ সমাজত এগৰাকী নাৰীয়ে যদি  পুৰুষক তেনেদৰে Neglect কৰিলেহেঁতেন - তেতিয়া সমাজখনে  নাৰীগৰাকীক
শান্তিৰে থাকিব দিলেহেঁতেন নে?
কিমান কি আখ্যা দিলেহেঁতেন তাৰ সীমা নাই ! যদি ৰুণে ৰিহণক Neglect  কৰাহেতেন কিমান প্ৰশ্ন- উত্তৰৰ সন্মুখীন হ'লে হয় !
হয়তু তাইক ঘৰৰ পৰাই উলিয়াই দিলে হয়।
কিন্তু, ৰুণ যে নাৰী - সেই কাৰণে সহি সহি জীৱনতাে পাৰ কৰিব (?) লাগে । এগৰাকী নাৰীয়ে সহিবইযে লাগে  বা সহে একমাত্ৰ পুত্ৰ -পুত্ৰীৰ বাবে ।  সহি সহি যেতিয়া সহ্যৰ সীমা পাৰ হৈ যায় তেতিয়া কিছুমানে আত্মহত্যা কৰে বা কিছুমান মানসিকভাৱে দুৰ্ব্বল হৈ যায় আৰু তেতিয়াই জীৱনত আশ্ৰয় বিচাৰে।

দিনতাে মনত গুজৰি - গুমৰি থকা কথাবােৰ ভাবি থাকোতে ৰুণে গমকে নাপালে ।
সন্ধ্যাবেলা অলপ ল'নতে কিবা আলােচনীখন লৈ বহি আছিল । আধা পােহৰ - আধা আন্ধাৰৰ মাজত বহি থাকোতেই নিবেদিতাহঁত সোমাই আহিল ।
তেওঁলােকক ড্ৰইং ৰুমত বহোৱালে । নিবেদিতাই 
যােৱাকালিৰ কথামতে ল,ৰাতােৰ অন্নপ্ৰাসনত মাতিবলৈ আহিছে । বুধবাৰে  অন্নপ্ৰাসন ।
লগৰ ছােৱালী নিবেদিতা ।
কলেজত একেলগে পঢ়িছিল । দুয়াে বহুদিনৰ মুৰত লগ পাই বৰ অন্তৰংগভাৱে কথা পাতিলে ।  অমল  খুৰাৰ পকৰী বনােৱা খাই নিবেদিতা প্ৰশংসাত মুগ্ধ ।
গধূলিতাে অলপ সময় বান্ধৱীৰ স'তে থাকি তাইৰ ভাল লাগিল ।

ৰাতি আকৌ ৰুণ ল'নতে বহি থাকিল  । বহুত কিবাকিবি ভাবি থাকিল ।
মনটোৰে সিদ্ধান্ত ল'লে- নাই মই আৰু বেলেগকৈ থাকিম । নিজাববীয়াকৈ কিবা এটা কৰাৰ কথা ভাবিলে  ।
ৰাতিৰ সাজ সৰু পুত্ৰ মুনৰ
লগত বহি খালে ।  সেই ৰাতি মুনৰ সতে কথা পাতিলে  -ঘৰৰ কথা ।
সি কাইলৈ যাবগৈ । তাৰ  কলেজ খুলিছে ।  নিশা সকলাে কথা সামৰি তাই
শুবলৈ ল'লে ।
---- আগলৈ-----

🖋️মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)