অসমীয়া ভাষাত সাধাৰণতে কৰা ভুলসমূহ

Rinku Rajowar
1
অসমীয়া ভাষাটো বহুতে, বিশেষকৈ ৰাজনৈতিক নেতা আদিয়ে বৰকৈ ভুল কৰা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক নেতাসকলে বক্তব্য ৰাখে, 'শ্ৰদ্ধেয় ৰাইজসকল' ইয়াত ৰাইজ শব্দটোৱে বহুবচন, সেয়ে 'সকল' প্ৰযোজ্য নহয়। 'আদৰণী'(welcome)  শব্দটো ভুল।'আদৰণি'হে হ'ব লাগে। ই বিশেষ্যবাচক শব্দ। "আদৰণী সমিতি" বুলিলে আদৰণী শব্দটোৰ পাছত সমিতি শব্দটোৰ বাবে বিশেষকৈ ৰূপান্তৰিত হৈছে। সেয়ে ঈ-কাৰ হৈছে। সখি আৰু সখী দুয়োটাই শুদ্ধ, কাৰণ পুৰুষবাছক সখি বুজায় আৰু স্ত্ৰী লিংগ সখী। হাজাৰ আৰু হেজাৰ দুয়োটা শব্দই শুদ্ধ। কিছুমান শব্দ একে, উচ্চাৰণ কিন্তু ভিন্ন। মধূৰ্ণ 'ণ' আৰু দন্ত্য 'ন' যুক্ত শব্দই অৰ্থ বেলেগ বেলেগকৈ বুজায় ।চোৱা,বীণা (এবিধ বাদ্যযন্ত্ৰ)। কিন্তু বিনা (ব্যতিৰেক),দণ্ড (লাঠি),দ্বন্ধ(যুগল, যুদ্ধ),বাণী(বাক্য),বানি(প্ৰস্থ),পাণ(এবিধ লতাৰ পাত),পান(জুলীয়া দ্ৰব্য),কাণী(কণাৰ স্ত্ৰী লিংগ),কানি(কাপোৰ),কোণ(দুভাগ ৰেখা বা পৃষ্ঠা কৰা চুক),কোন(এটা প্ৰশ্নবোধক শব্দ),পানী(জুলীয়া পদাৰ্থ),পাণি(হাত),আদি অনেক শব্দ আছে। পুৰুষবাচক বিশেষ্য আৰু বিশেষণ ক্ৰমে স্ত্ৰীবাচক বিশেষ্য পগলা-পাগলী,অজলা-আজলী হ'ব।তেন্তে আজিকালি আমি দেউতা শব্দৰ সলনি 'পাপা' কঁও,পাপা-পাপী হ'ব, সাৱধান।কোৱা-কাউৰী,ভেকোলা-ভেকুলী,বক-বগলী,পুং লিংগ আৰু স্ত্ৰী লিংগ। আজিকালি সৰু জন্তু আৰু চৰাইবাচক শব্দবিলাকৰ বহুততে পুং লিংগৰ ব্যৱহাৰ কমি আহিছে। স্ত্ৰী লিংগ শব্দটোকে আজিকালি উভয়লিংগ হিচাপে ব্যৱহাৰ কৰা হয়। যেনে-এটা ছাগলী,এজনী ছাগলী,এটা কাউৰী, এজনী কাউৰী ইত্যাদি।
            চন্দ্ৰবিন্দু ব্যৱহাৰৰ ক্ষেত্ৰত বহুতো ভুল দেখা পোৱা যায়। চন্দ্ৰবিন্দু অনুনাসিক ধ্বনি চিন। কোনো বৰ্ণক নাকেৰে উচ্চাৰণ কৰিবলগীয়া হ'লে আমি সেই বৰ্ণটোৰ ওপৰত চন্দ্ৰবিন্দু দিওঁ।মৃত ব্যক্তিৰ নামৰ সন্মুখত স্বৰ্গীয় শব্দৰ সলনি এই(ঁ) কেতিয়াবা প্ৰয়োগ কৰা হয়। যদিও স্বৰ্গৰ ধাৰণা ধূসৰ হৈ অহাৰ লগে লগে এই প্ৰয়োগো ক্ৰমে কমি আহিছে।ভঁৰাল শব্দটো লিখিলে 'ভ' টোৰ ওপৰত ঁ প্ৰয়োগ হয়। মই গান গাওঁ আৰু জকাই এখন গাওঁ।গাওঁ ক্ৰিয়া, গাঁও বিষেশ্য সেয়ে ঁ প্ৰয়োগ মন মইনাৰ মৌকোঁহ।কৰিছানে?  নেওগ শব্দটোৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়। চন্দ্ৰবিন্দুৰ প্ৰয়োগত বৰ সাৱধান হোৱা উচিত। লিখিব লাগে সঁফুৰা কিন্তু লিখা হয় সফুঁৰা ,ই ভুল। প্ৰায় সমোচ্চাৰিত শব্দত চন্দ্ৰবিন্দু প্ৰয়োগে শব্দটোৰ অৰ্থ বেলেগ সূচায়। যেনে: আচল(প্ৰকৃত), আঁচল (কাপোৰৰ আগ), আহত (আঘাতপ্ৰাপ্ত), আঁহত( অশ্বত্থ গছ), পুৱা (প্ৰভাত), পুঁৱা (তাপ), বাৰী (গছ-গছনি থকা ঠাই), বাঁৰী (বিধৱা), হত(নিহত),হঁত(বোৰ) ইত্যাদি  ।

'_' হাইফেন চিনৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। যুৰীয়া শব্দ বুজাবলৈ হাইফেন চিন ব্যৱহাৰ হয়। যেনে-অকণ- অকণিহঁত, ছাত্ৰ -ছাত্ৰী। ঠিক তেনেধৰণে শিশু সাহিত্যিক শব্দটোৰ ব্যৱহাৰ মন কৰিবলগীয়া। ৬০ বছৰীয়া এগৰাকী শিশু সাহিত্যিক আৰু ১৪ বছৰীয়া এজন শিশু  সাহিত্যিকৰ পাৰ্থক্য কি হ'ব পাৰে। শিশু সাহিত্যিক হ'ল-কম বছৰীয়া অৰ্থাৎ ১৪ বছৰীয়া শিশু সাহিত্যিক।' -' চিন দিলে যি শিশুৰ বাবে লিখে অৰ্থাৎ বয়স্ক লোকে লিখা শিশু -সাহিত্যিক। থোৰতে ক'বলৈ হ'লে,"চিৰ চেনেহী মোৰ ভাষা জননী "ৰ বিষয়ে অনেক শব্দ ভাণ্ডাৰ আছে।

🖋️সমীৰণ কুমাৰ দাস 
অৱসৰপ্ৰাপ্ত শিক্ষক, জকাই উচ্চ মাধ্যমিক বিদ্যালয়। 


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment