আমাৰ শিশু আমাৰ ভৱিষ্যত

Rinku Rajowar
0
প্ৰতিজন শিশুৰ মাজতেই এটুকুৰা হীৰা নিহিত্ব হৈ থাকে।সেই হীৰা টুকুৰা বাছি উলিয়াই তাক জিলিকাই তোলাতো আমাৰ কৰ্তব্য। আমি ভালদৰে লক্ষ্য কৰিলে অনুভৱ কৰিব পাৰিম প্ৰতিজন শিশুৰ এটা অন্ত নিহিত্ব বিদ্যা থাকে। সকলোৰে বেলেগ বেলেগ। সেইয়া তেওঁলোকৰ জন্ম লগ্ন। যি কৰ্ম বা বিষয়ত তেওঁলোকৰ ৰাপ থাকে, আগ্ৰহ প্ৰকাশ কৰে,সহজে সমাধান কৰিব পাৰে, সেই বিদ্যাত যদি তেওঁলোকক আগুৱাই নিব পাৰো বিশ্ব দৰবাৰত এদিন তেওঁলোকে নিজৰ নাম খোদিত কৰিব পাৰিব।কৰ্মৰ ডাঙৰ সৰু নাই।সকলো যে ডাক্তৰ ইঞ্জিনীয়াৰ হব লাগিব সেইটোও নহয়।টকা পইচা সকলো নহয়।উচ্চ মানসিকতা বেছি দৰকাৰ।শেষত এটাই কওঁ প্ৰতিজন শিশু নিজ নামেৰে পৰিচিত হৈ সৎ কৰ্মৰে সফল হওঁক।এটুকুৰা হীৰা হৈ উঠক।সুযোগ এতিয়াও আছে।শেষ মানেই আৰম্ভণিৰ সূচনা।

🖋️ববিতা শইকীয়া।দেৰগাঁও। গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)