প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাই চিক্কিম - পৃথিৱীৰ স্বৰ্গ

©Admin
0

ভাৰতৰ উত্তৰপুৰ্বাঞ্চল গঠন হৈছে আঠখন ৰাজ্যক ৷ এই আঠখন ৰাজ্যৰে নিজা নিজা বৈশিষ্ট আছে ৷ প্ৰত্যেকখন ৰাজ্যই ভাৰতবৰ্ষৰ বাকী ৰাজ্যৰ তুলনাত প্ৰাকৃতিক সৌন্দৰ্যৰ এক বিৰল বৈচিত্ৰ বিৰাজমান ৷

গতিকে মই আপোনাক লৈ যাম প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ চিক্কিম ৰাজ্যলৈ যাক পৃথিৱীৰ স্বৰ্গও বুলি কোৱা হয় ৷ 

চিক্কিমৰ যদি ভৌগোলিক পৰিসীমালৈ লক্ষ্য কৰা যায় ৷ চিক্কিমৰ পশ্চিমত নেপাল ৰাষ্ট্ৰ অৱস্থিত আৰু উত্তৰ তথা পুৰ্বত চীন তিব্বত স্বায়ত্ত্ব ক্ষেত্ৰ অৱস্থিত , দক্ষিণ পুবত ভূটান ৰাষ্ট আছে ৷ 

চিক্কিম ৰাজ্যত বৰফাবৃত পাহাৰ , বিশাল বিশাল বৃক্ষ আৰু পাৰম্পৰিক সম্পদৰেৰে চহকী এক সুন্দৰ দৃশ্য শোভাবৰ্ধন কৰি আছে ৷ চিক্কিমৰ ৰাজধানী গেংটকৰ পৰা ৩৮ কিলোমিটাৰ দুৰৈত স্তোমাগো বিল অৱস্থিত ৷ এই বিল চিক্কিমৰ পৰ্যটন স্থলৰ ভিতৰত এটা জনপ্ৰিয় আৰু মোহনী ঠাই ৷

শিলাবৃত পাহাৰৰ স্থলাকৃতিৰ ওখ ওখ পাহাৰেদি এটা একাবেঁকা ৰাস্তাৰে স্তোমাগো বিললৈ যাব পাৰি ৷ বৰফেৰে আবৃত পাহাৰৰ সৈতে এই বিলটোৰ দৃশ্য অতি মনোৰম দেখা যায় ৷

যুক্সোম চিক্কিমৰ সুন্দৰ চহৰৰ ভিতৰত অন্যতম ৷ কাৰণ এই যুক্সোম চহৰ পাহাৰৰ ওপৰত অৱস্থিত য'ত বৰফৰ পাহাৰ আৰু প্ৰকাণ্ড প্ৰকাণ্ড গছ দেখিবলৈ পোৱা যায় ৷া

চিক্কিমৰ নামচী চহৰ বিশুদ্ধ বতাহ আৰু সুগন্ধি বাবে বিখ্যাত ৷ যি প্ৰকৃতিৰ অনুপম দান মানৱ জগতৰ কাৰণে ৷


চিক্কিমৰ ৰাজধানী গেংটক কেতিয়াও সমাপ্ত নোহোৱা দেৱদাৰু গছ আৰু পৰ্যটক সকলক তৃপ্তিকৰ সেৱা শুশ্ৰূষা কৰাৰ বাবে জগত বিখ্যাত ৷ সচাকৈয়ে চিক্কিম ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত বহুত সুন্দৰ  আৰু চাই মন নভৰা ঠাই ৷ যদি আপুনি সময় পাই তেনেহলে নিশ্চয় এবাৰ চিক্কিমলৈ যাব ৷ গৈহে গম পাব চিক্কিমৰ সৌন্দৰ্যৰ মাদকতা


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)