নীলাখামৰ চিঠি

©Admin
2
প্ৰতি,
        মৰমৰ,
                   মৰম ল'বা। লিখো বুলি তোমালৈ একলম লিখিব নোৱাৰোঁ । তথাপিও এই শেষ হওঁ হওঁ কলমেৰে কিবা এটা লিখো বুলি লৈছো। ফাগুনৰ বতাহজাকে বৰকৈ আমনি কৰিছে। পদুলিৰ পলাশজুপি আৰু শিমলুজুপিৰ ফুল তোলাই চোতালত শুকুলা সেঁন্দুৰী চাদৰৰ আৱৰণ পেলাইছে। আস! কি যে, কি যে মনোমোহা দৃশ্য । চোৱা শিৰ কপোঁৱা জাৰত মোৰ সোঁহাতৰ তৰ্জনী আঙুলিটোৰ বৰকৈ কঁপিব ধৰিছে। পুলৱামাৰ আত্মঘাতী বোমাৰ শব্দই মোৰ কাণ চাট্ মাৰি ধৰিছে। হয়তো ফাগুনৰ বতাহজাক বৰ জোঁৰকৈয়ে বলিছিল চাগে সেইদিনা। ১৪ ফ্ৰেব্ৰুৱাৰী, প্ৰেমৰ দিন, কিন্তু সেইদিনা তোমাৰ অভিমানহে বেছি আছিল । একেবাৰে গপত গংগাটোপ।  কফিনত সোমাই মাত্ৰ চাৰি চালকৰ বাহনত উঠাত হাড় কপোঁৱা জাৰত মই কেথাখনলৈও উত্তপ্ত হ'ব পৰা নাছিলো আৰু তুমি মাত্ৰ ত্ৰিৰংগাখন .........। বাহ্ জানানে সেইদিনা সকলোতে তোমালোকৰ ধ্বনি উচ্চাৰিত হৈছিল। সকলোতে কেৱল 'বীৰ শ্বহীদৰ পঞ্চমুখ । কিমানযে ভাল লাগিছিল'। মইও সুখ অনুভৱ কৰিছিলো স্বৰ্গৰ পাৰিজাত ফুল সুলভ মৰণ যে তোমাৰ কিন্তু কি কৰিবা অ' দুচকুৰ লোটক ধৰি ৰাখিব নোৱাৰিলো । কেনেকৈনো বিশ্বাস কৰি লওঁ সেওঁতাত গৰ্বৰে লোৱা তোমাৰ চিহ্নয়ে চিৰকালৰ বাবে নিচিহ্ন হৈ যাব । তোমাৰ ত্যাগক সন্মান জনাবলৈ আমাৰ ঘৰৰ চোতাল যে মানুহেৰে ভৰি পৰিছিল । কাৰোবাৰ হাতত ফুল, কাৰোবাৰ হাতত আকৌ গামোচা আৰু সকলোৰে হাতত এগালমান সমবেদনা । অহ, তোমাক কথা এটা কোৱা হোৱাই নাই, চৰকাৰেও আমাৰ ঘৰ খনলৈ পুঁজি আগবঢ়াইছে। কিন্তু কি জানা, মই মাত্ৰ 'যাচি দিয়া সোণৰ আদৰ নাই' ফঁকৰা ফাঁকিক অস্বীকাৰ কৰিছো। অ' আৰু এটা ভাল খবৰ আছে । তোমাৰ সোণটোও আগ্ৰহী দেশৰক্ষাৰ হঁকে যঁজিবলৈ। তুমি চাগে কথাটো গম পাই সুখী ন। মোক যে প্ৰায়ে কোৱা, 'মোক ল'ৰাই কি কৰে চাবা!!'  এতিয়া যেন সোণত সুৱগা চৰিল। তোমালোকৰ শত্ৰুৰো পতন ঘটিল। দেশৰ সেনাবাহিনী, চৰকাৰ আৰু বেলেগ চুবুৰীয়া ৰাষ্ট্ৰৰ সাজু হৈছে শত্ৰুক দমন কৰিবলৈ । তুমি চিন্তা নকৰিবা, দেশমাতৃ সুকলমে আছে মাত্ৰ যুঁজৰ  শংকা হে বাজিছে । আৰুনো কি লিখিম,  বহুত লিখিলোঁ । চিয়াঁহীও শেষ হওঁ হওঁ, শেতেলী খনেও ৰিঙিয়াই মাতিছে। মোৰ টোপনিও আহিছে। মোৰ টোপনিৰ বিষয়ে তুমি চাগৈ অপৰিচিত নহয়। শেষত মাত্ৰ এইটোৱেই কওঁ যে তোমাক হেৰুৱাই বৰ  অকলশৰীয়াহৈ পৰিলোঁ ।শিতানৰ গাৰুটিয়েও শুহিব নোৱাৰা হৈছেগৈ দুচকু লোটক। অকল মইয়ে নহয় জানানে বসুমতী আইয়েও‌ চকুলো ধৰি ৰাখিব পৰা নাই । কালিয়ে পৰা নেৰানেপেৰা বৰষুণ। 
       

                        ইতি
               তোমাৰ মৰমৰ


        
  ✒️ দিচা গগৈ  
আমগুৰি ,শিৱসাগৰ 

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment