কুশলে আছা চাগৈ | মৰম ল'বা দেই | তোমালোকৰ মৰমৰ বাবেই চাগৈ মইও কুশলে আছো | আমাৰ অতি মৰমৰ আলোচনী অসমীয়া সাহিত্যৰ চানেকী অসমৰ একমাত্র দৈনিক ই আলোচনী এই আলোচনীখনে মানে আমি ডাঙৰ খিনি সকলোৱে মিলি তোমালোকৰ মাজত লুকাই থকা সুপ্ত প্রতিভা সমূহ বিকাশ কৰাৰ সুবিধা দিয়াৰ উদ্দেশ্য আগত ৰাখি প্রতি দেওবাৰে তোমালোকৰ বাবে এটা শিতান ৰখা হৈছে তাত তোমালোকৰ লেখা প্রকাশৰ ব্যৱস্থা ৰখা হৈছে | লিখিবাচোন | এতিয়াৰে পৰা অভ্যাস কৰিলেহে কিজানি অনাগত সময়ত আমি তোমালোকৰ মাজৰ পৰাই দ্বিতীয় গৰাকী বীৰেন্দ্র কুমাৰ ভট্টাচাৰ্য , মামণী ৰয়চম গোস্বামী , হোমেন বৰগোহাঁই ওলাই | শিলৰ দৰে কঠিন পদাৰ্থ এটাও ঘঁহি থাকিলে যদি ক্ষয় যায় , তেন্তে তোমালোকে যে নোৱাৰিবা সেইটো হ'ব পাৰে নেকি ? লিখি উঠি ঘৰৰ ডাঙৰক দেখুৱাবা তাৰ পিছত আলোচনীত দিবা , আমি পঢ়িম কিমান যে ভাল লাগিব নহয় জানো |
মইনাহঁত যোৱা সংখ্যাত মই তোমালোকৰ কাৰণে কিবা এটা লিখিছিলো | পঢ়িছানে বাৰু ? কেনে পালা বাৰু সেই বিষয়েও লিখিবাচোন | এইবাৰু মই তোমালোকৰ বাবে এটা বেলেগ ঘটনা লৈ লিখিবলৈ লৈছো | তোমালোকে ভাল পাবা | ভাবিছো তোমালোকৰ কামত আহিব | জীৱনত কিবা এটা শিকিবা |
এগৰাকী মাকে তেখেতৰ ল'ৰাটোক পঢ়াই আছে.....
Jhony Jhony
Yes papa
Eating Sugar
No papa.......
Baa Baa Black Sheep
Have you any wool
Yes Sir, Yes Sir
Three Bags Full......
ল'ৰাটোৱে সুন্দৰ কৈ পঢ়িব পাৰা বাবে তাক কৈছে..Very good. আমাৰ বাবু ভাল ল'ৰা দেই | মিছেও মোক কৈছে নহয় | তুমি আৰু ভালদৰে পঢ়িবা দেই | মন দি পঢ়িবা | তাৰ পিছত ডাঙৰ চাকৰি কৰিবা , চাকৰি কৰি বাবুৱে এটা ধুনীয়া ডাঙৰ ঘৰ সাজিবা , তাত এখন লন থাকিব , এখন গাড়ী কিনিবা , তাত আমি উঠি খুউব ফুৰিম, সেইটো ঘৰত বাবু থাকিব , মই থাকিম , পাপা থাকিব, নহয় বাবু |
এইবাৰ বাবুৱে ক'লে নহয় | তোমালোকক মই গাড়ীটো উঠিবলৈ নিদিওঁ আৰু মোৰ ঘৰতো থাকিবলৈ নিদিওঁ | তাত কেৱল মই থাকিম | মাকে থতমত খালে | তথাপি কলে কিয় বাবু ? অমাক থাকিব নিদিয়া ? তেতিয়া আমি বুঢ়া হ'ম , তোমাৰ লগত নাথাকি ক'ত থাকিম | কিয় ককহঁত য'ত আছে তাত থাকিবা | মই ডাঙৰ হৈ চাকৰি কৰি ঘৰ সাজিম , তোমালোকক বৃদ্ধাশ্রমত থৈ তাত মই থাকিম | তোমালোক তাতে থাকিবা |
থুকাথুকি মাতেৰে কলে বাবু তুমি...., চকুৰে চকুলো নিগৰিছে | ল'ৰাটোৱে কৈ গ'ল পাপাই চাকৰি কৰি ঘৰ সাজি ককা, আইতাহঁতক কিয় বৃদ্ধাশ্রমত থৈছে, গতিকে মইও তোমালোকক তাতে থৈ দিম | তোমালোক তাতে থাকিবা | মাকে আৰু তাক একো কব নোৱাৰিলে |
এইবোৰ কথাবাৰু তাক কোনে শিকালে ? পৰিবেশে নহয়নে বাৰু ?
গতিকে মইনাহঁত তোমালোকে ইয়াৰ পৰা কিবা শিকিলানে ? তোমালোকে কেতিয়াও এনে কাম নকৰিবা দেই | নকৰো বুলি সংকল্প ল'বা | মা-দেউতাত বুজাবা ককা আইতাহঁতক তেনে নকৰিবলৈ | তোমালোকেও মা-দেউতাক অবহেলা নকৰিবা | যদি সকলোৱে তেনে কৰে তেতিয়াতো সেই অনুষ্ঠানবোৰৰ প্রয়োজনেই নাথাকিব | পঢ়ি কেনেপালা চানেকিৰ শিশুচৰাত লিখিবাচোন |
বহুত মৰমেৰে
তোমালোকৰ খুড়া
✏️ হেমেন হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ