শিশুৰ লগত সম্পৰ্ক

Rinku Rajowar
0
👉শিশু সকল বৰ সংবেদনশীল। গতিকে শিশুৰ লগত সম্পৰ্ক কৰোঁতে পৱিত্ৰ মন,ভাৱ,চিন্তা ,হাঁহি মুখখীয়া মন লৈ সম্পৰ্ক কৰিব লাগে।
👉শিশুক কেতিয়াও ৰঙা চকুৰে নাচাব।পিতৃ -মাতৃ,অভিভাৱক, বা যিকোনো মানুহৰ বাবেই এইটো কথা প্ৰযোজ্য বুলি ভাবো।
👉আমি জানো বা অসমীয়া প্ৰবচন আছে যে খং নামেই চন্দাল। অৰ্থাৎ খঙৰ ফল কোনো কাৰণতেই কাৰো বাবে ভাল নহয়। 
👉খঙতে কৰা যিকোনো কৰ্মৰ নিগেটিভ ফল পোৱা যায়।
👉খঙেই শিশুৰ মনত বেয়া ও ভয় ভাৱৰ প্ৰভাৱ পেলোৱাৰ উপৰিও ঘৰখনত অশান্তি পৰিবেশ সৃষ্টি কৰে।শিশুৱে সৰুৰে পৰা বা সৰু‌তে এই খং বা অশান্তি দেখিলে নিজেও অভিমানী,জেদী, খঙাল হৈ পৰে আৰু ভৱিষ্যত জীৱনতো তাৰ প্ৰভাৱ পৰে।
👉মুখত হাঁহি ভাৱ ৰাখি শিশুৱে ভালপোৱা ধৰণে মাতত আৰু ব্যৱহাৰ কৰক।
👉হাঁহি মুখীয়া মানুহৰ মন শিশুৱে বুজি পাই বাবে ভাল অন্তৰৰ মানুহৰ লগত শিশুৱে সদাই সহজতে সম্পৰ্ক গঢ়ি তোলে।
👉 সুন্দৰ আকৰ্ষণে সকলোৰে লগত সম্পৰ্ক সুন্দৰ কৰাৰ দৰে শিশু সকলো মানুহৰ সুন্দৰ আকৰ্ষণ‌ৰ প্ৰতি আকৰ্ষিত হয়।
👉 কোনো শিশুৱে জন্ম লাভ কৰি কোনো সম্পৰ্ক‌ৰ কথা নাজানে।শিশুৰ মন শিশুৱে হয়।
👉মাতৃয়ে মাত্ৰ জানে শিশুৰ পিতৃ কোন। মাতৃয়ে শিশুক পিতৃ পৰিচয় দিয়ে।
👉 শিশুৰ মাতৃকো আনেই বা মাতৃয়ে নিজেই পৰিচয় দিয়ে।
👉 একেদৰেই ঘৰৰ আন আন সদস্যৰ লগত শিশুৰ কি সম্পৰ্ক লাগে মাতৃ পিতৃয়ে শিকোৱা দেখা যায়।
👉ককা;আইতা, বৰমা,বৰদেউতা,দাদা, বাইদেউ, পেহী, পেহা,খুড়া ,খুড়ী আদি বিভিন্ন সম্পৰ্ক‌বোৰ শিশু‌ক সৰুৰে পৰা পিতৃ মাতৃ বা জেষ্ঠ সকলেই শিকাৱ লাগে। 
👉কিছুমান শিশুৱে নিজৰ ককা আইতা কোন হয় নাজানে।আনকি নিজৰ দেউতাক‌ৰ মাক দেউতাক কোন সুধিলে নাজানে।এইটো নিশ্চয় পিতৃ মাতৃৰ ভুল।ককা-আইতা বুলি জানে কিন্তু দেউতাক‌ৰ পিতৃ বা মাকৰ পিতৃ বুলি নাজানে। এইটো কথাৰ বাস্তৱ প্ৰমাণ নিজেই পাইছো‌।
👉সম্পৰ্কবোৰ মানুহৰ জীৱনৰ একোটা অংগ স্বৰূপ।গতিকে সৰুৰে পৰা বা সৰুতে‌ই শিশুক সম্পৰ্ক বোৰ শিকাই বুজাই থাকিব লাগে।
👉সম্পৰ্ক বুলি ক‌ওতে ঘৰুৱা সম্পৰ্ক তথা বাহিৰৰ সম্পৰ্ক‌ৰ কথাটো আহে। তেনেকুৱা সম্পৰ্ক‌বোৰকো শিশু‌ক জানা হোৱাৰ পৰা শিকাই বুজাই দিয়াটো পিতৃ মাতৃ তথা অভিভাৱক‌ৰ দায়িত্ব বুলি ভাবো।  
👉 বিশেষকৈ সম্পৰ্ক‌বোৰৰ বিষয়ে মাতৃয়ে শিশুক শিকোৱা বুজোৱা‌টো উচিত বুলি ভাবো যিহেতু শিশুৱে বা সন্তানে মাতৃৰ কথা সাধাৰণতে ভালদৰে মানি লয়।
👉সুন্দৰ সু সম্পৰ্ক‌ই মানুহ‌ক সুন্দৰভাৱে ভৱিষ্যত জীৱন ধাৰণৰ পথ দেখুৱাই দিয়ে।

✏️দেৱৰাজ কলিতা
হেঙেৰাবাৰী, গুৱাহাটী-৩৬

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)