ক'ভিড ১৯ সংক্ৰমণৰ সময় আৰু আমাৰ বাবে শিক্ষণীয় পাঠ-০১

Rinku Rajowar
0
বিশ্বত বিভিন্ন সময়ে-সময়ে ভিন্নধৰণৰ মহামাৰীয়ে মানৱজাতিৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। এইবিলাকে মানৱ জীৱন তথা সমাজ জীৱনৰ সকলো স্তৰতে ব্যাপক পৰিবৰ্তনৰ সূচনা কৰিছে। সাম্প্ৰতিক সময়ত ত্ৰাসৰ সৃষ্টি কৰা এনে এটা মহামাৰী হৈছে ক'ভিড ১৯।
               ক'ভিড ১৯ হৈছে এটা সংক্ৰামক ৰোগ, যিটো SARS-CoV-2 (Severe Acute Respiratory Syndrome Coronavirus 2) দ্বাৰা হয়।২০০৩ চনত এইবিধ ভাইৰাছ চিনাক্তকৰণ কৰা হৈছিল। বাদুলি বা তেনে প্ৰাণীৰ দ্বাৰা এই ৰোগ সংক্ৰমিত হয় বুলি জানিবলৈ পোৱা গৈছিল। এই ভাইৰাছ পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ চীনৰ গুৱাংদং(Guangdong) ত ২০০২ চনত মানুহৰ শৰীৰত দেখা দিছিল আৰু প্ৰায় ৮০০ লোক এই ৰোগত আক্ৰান্ত হৈছিল।
               সাম্প্ৰতিক সময়ত ক'ভিড ১৯ এ সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য মতে ২০১৯ চনৰ ৩১ ডিচেম্বৰত চীনৰ হুবেই প্ৰদেশৰ য়ুহান চহৰত অজানিত কাৰণত নিউোনিয়া হোৱা দেখা গৈছিল আৰু এইটো SARS-CoV-2 ৰ দ্বাৰা হোৱা বুলি জানিব পৰা গৈছিল। এই মহামাৰী চীনত আৰম্ভ হৈ অন্যান্য ঠাইসমূহলৈও বৰ্ধিত হাৰত বিয়পি পৰে। ২০১৯ চনৰ ১৭ নৱেম্বৰত এই ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী পোৱা যায়। বৰ্তমানলৈকে সমগ্ৰ বিশ্বত ২,৪৯,৫৫,৯২২ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু ৮,৪২,২০৭ জন লোকৰ মৃত্যু হৈছে।
               ব্যক্তিৰ নিকট সম্পৰ্ক; কাহ- হাঁচি মাৰিলে ওলোৱা পানীৰ কণিকা আদিৰ জৰিয়তে এই ৰোগ দ্ৰুতগতিত সংক্ৰমিত হৈছে। চীনৰ পাছত ক্ৰমান্বয়ে আমেৰিকা, ইটালী, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড , পাকিস্তান, বাংলাদেশ, ভাৰতকে ধৰি ২১৩ খন দেশলৈ সংক্ৰমিত হৈছে । বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰী তাৰিখে আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা আৰু ২১ মাৰ্চ তাৰিখে ক'ভিড ১৯ ক বৈশ্বিক মহামাৰীৰূপে স্বীকৃতি দিয়ে। দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত বিশ্বৰ বাবে অন্যতম এক ভয়াৱহ প্ৰত্যাহ্বান হৈ দেখা দিছে। স্বাস্থ্য সংকটৰ উপৰিও সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, ৰাজনৈতিক, ধৰ্মীয় আদি সকলো সামাজিক দিশতে সংকটৰ সৃষ্টি কৰিছে। ইয়াৰ লগে-লগে সমগ্ৰ বিশ্ব অনিশ্চিত ভৱিষ্যতৰ দিশে খোজ দি আহিছে।
(আগলৈ)
               
✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)