চাহ খাই হৈ যোৱা পাছত আমি কেইটা সেইখিনিতে বহি আছো। বৰ্ষাৰ আইতাক আৰু মোমায়েক নিজৰ কামে কামে উঠি গৈছে। সময়তো চালো ২ বাজিছে। ঘৰ পোৱালৈ দেৰি হব গৈ। তেনেতে বৰ্ষাই ক"লে," মায়ে ফোন কৰিছিল নেকি"?
______ ওহু নাইকৰা
বৰ্ষা_______ হব তই ফাকি নিদিবি মই গম পালো। ক" কি কলে মায়ে।
মই প্ৰান্তিক দাৰ মুখলৈ চাইছো।কি কম ভাবি পোৱা নাই। প্ৰান্তিক দাই চকুৰ ইংগিততে মোক তাইক কথা খিনি কৈ দিবলৈ কলে।
কথা খিনি বৰ্ষা ক কলো। তাইৰ মাকৰ ওপৰত বহুত খং উঠিছে মোৰ লৈ ফোন কৰা কাৰণে। ভয়ো খাইছে মাকে কি কৰিব ঠিক নাই। পুলিচৰ কথা কি বুলি বা কয়।
" জীয়া আমি যাওঁ নেকি, তোমাৰো আকৌ দেৰি হব তাতে দূৰৰ ৰাস্তা"
স্বাগত দাই ক"লে
_________ অ যাওঁ তাকে মই এইক কম বুলি ভাবিছিলো।
_________ বৰ্ষা আমি যাওঁ দেৰি হলে মোকো মায়ে ঠিক চে দিব।
বৰ্ষা_______ ইমান সোনকালে যাৱ নে। মোৰ বেয়া লাগিব তহঁতি গুচি গ'লে।
________ যাওঁ অ পাছত নহলে অসুবিধা হব যাবলৈ। তাতে অচিনাকি বাট। এজনে আকৌ এতিয়া যাওঁতে চিনি পায় নে বা? কৰবাত সোমোৱাই দিলে জমিব আৰু।
প্ৰান্তিক দাৰ ফালে চাই কৈছোঁ।
তেওঁ হাঁহি দিলে।
" মই যেনিবা ৰাস্তা চিনি হে নাপাওঁ। বেছি কৈ কৈ থাকিলে লৈ যাম আকৌ আমাৰ ঘৰলৈ।"________ প্ৰান্তিক
________ অ কি কথা কৈছে সকলোৰে মুখৰ আগত। ইফালে সিফালে চালো বৰ্ষা আৰু স্বাগত দাই হাঁহি হাঁহি মোৰ লৈ চাই আছে। লাজ পাইছো বহুত। অলপ গহীন হৈ প্ৰান্তিক দাক উত্তৰ টো দি ল"লোঁ।
________ হব জানো কিমান চিনি পাই। এতিয়া লগত বৰ্ষা আহিছিল কাৰণে হে ঘৰ উলিয়াব পাৰিলে। এতিয়া চাম নহয় যাওঁতে কিমান চিনি পাই। আহোঁতে আকৌ সুধি সুধি কোনোবা হে আহিছিল।
প্ৰান্তিক________ ab bas bhi karo meri maa
তেওঁ হিন্দীত কথা ফাকি কৈ হাত যোৰ কৰি দিছে।
মোৰ হাঁহি উঠি গ"ল
_______ হব কাজিয়া কৰি নাথাকিব মোৰ লগত। তেনেতে বৰ্ষাৰ মামিয়েক আৰু আইতাক ভিতৰৰ পৰা ওলাই আহি আমাৰ ওচৰতে বহিল হি।
_______ আইতা ,মামি আমি যাওঁ ২ টা বাজিলেই।পাছত নহলে দেৰি হব গৈ।
আইতা_______ যোৱাই নে এতিয়াই।
"অ মই ভাত বনাইছিলো তোমালোকৰ কাৰণে ৰৱা দেৰি নহয় ভাত খাই যাবা" মামিয়েও ক"লে।
________ ভাত খোৱা লৈ ৰব নোৱাৰো মামী ঘৰ দূৰ নহয়। তাতে আমাৰ ঘৰো বেলেগ বেলেগ ঠাইত। একে ঠাইতে হোৱা হলেও বেলেগ কথা।
মামি________ ওম হয় বাৰু সেইটো। কিন্তু ইমান দূৰৰ পৰা আহিছা যেতিয়া ভাত কেইটা খাই যাব লাগিছিল।
" বেলেগ এদিন খাম খুৰী আকৌ আহি থাকিম নহয়"
বেছি কৈ জোৰ কৰি থকা দেৰি স্বাগত দাই কলে"
ঠিক আছে হব বুলি কৈ আইতা বাহিৰলৈ ওলাই আহিল।লগতে আমিও আহিলো। আমি যাবলৈ ওলোৱা দেখি মামা বাৰীৰ এচুকৰ পৰা ওলাই আহি মাত লগালে
_______ তোমালোক যোৱাই নেকি।ভাত খালা জানো?
" আমি খাবলৈ কৈছিলো কিন্তু দেৰি হব বুলি নাখাও কলে" আইতাই কলে।
_______ অ মামা আকৌ আহিম তেতিয়া খাই যাম।
মামা________ পিছে তোমালোকৰ ঘৰ কোন জেগাত কোৱা চোন।কথা পাতিবলৈ নাপালোঁৱেই নহয়।
প্ৰান্তিক দাই ঘৰৰ ঠিকনা টো দিয়াত মামাই চমু ৰাস্তা এটা প্ৰান্তিক দাক দেখাই দিলে। সেই ফালে গলে সোনকালে পাম গৈ।
_______ ঠিক আছে যাওঁ তেতিয়া আইতা মামা মামী থাকক দেই।
" ওম যোৱা আকৌ আহি থাকিবা" তিনিও কে যাওঁ কৈ আমি গাড়ীৰ ফালে গৈছো। লগত বৰ্ষাও। তাইৰ মনটো আকৌ বেয়া ।
______ থাক আমি যাওঁ। ফোন কৰি থাকিবি । কান্দিবলৈ কি হল আকৌ তোৰ। আমাক কিবা নাপাবি নেকি ?
কান্দি কান্দি মোক সাৱটি ধৰিছে তাই।
_________ হব চা এনেকৈ থাকিলে বেয়া হব।ইয়াত আছ" এতিয়া ভালকৈ থাক।
বৰ্ষা______ ওম চকুপানী খিনি মোহাৰি ললে।
প্ৰান্তিক দাই গাড়ী খন ঘুৰাই আনিছে।আমি উঠিব লৈছো।
স্বাগত______ অই বৰ্ষা নাকান্দিবা আমি আহি থাকিম।এতিয়া যদি কান্দি থাকা বহুত বেয়া পাম কিন্তু।
বৰ্ষা_______ ওম নাকান্দো।
মই গাড়ীত বহিব লওঁতেই বৰ্ষাই আকৌ মাতিলে।
বৰ্ষা________ জীয়া শুন!
মই পাছলৈ ঘূৰি দিলো তাই আহি আকৌ মোক সাৱটি ধৰি কলে , " আহি থাকিবি আৰু মোক বেয়া নাপাবি"
________ নাপাওঁ অ
" অই কান্দুৰি তুমি ও আমাৰ এইজনী কান্দুৰী নিচিনা হৈছা নেকি? বহুত বেয়া পাম হাঁহি দিয়া"
গাড়ীৰ ভিতৰৰ পৰা প্ৰান্তিক দাই কলে
তাই অকণমান কৈ হাঁহি দিছে।তাইক bye কৈ আমি যাবলৈ ললো।
বেচেৰীয়ে ৰৈ ৰৈ চাই আছে বহুত দূৰলৈকে।বেয়াও লাগিছে মোৰ। এফালে গাড়ীৰ কাষৰ গ্লাচ খনত স্বাগত দাই বহুত দূৰ লৈকে তাইক চাই গৈ আছে।মোৰ অলপ কৈ চকু পৰিল।
আগলৈ,,,,,
🖋️পূৰ্ণিমা হালৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ