বানান ভেদে অৰ্থ বেলেগ হোৱা কিছু শব্দৰ চৰ্চা

©Admin
0
যি পুথি পঢ়িলে অসমীয়া ভাষাৰ ধ্বনি শুদ্ধ কৈ উচ্চাৰণ কৰাৰ উপৰিও ক'ব আৰু লিখিব পাৰি সেই পুথিক ব্যাকৰণ বোলে। অসমীয়া ভাষাৰো নিজা ব্যাকৰণ আৰু অভিধান আছে, ই নিজা বৈশিষ্ট্যৰে মহীয়ান। চমু অৰ্থত অসমীয়া ভাষাৰ এক কালিকা আছে। ভাষাৰ প্ৰয়োগ, শব্দ বিন্যাস, বাক্য গাঁথনি আৰু উচ্চাৰণত এই কালিকা অনুভৱ কৰা যায়। অসমীয়া ভাষাত আখৰ জোটনি আৰু উচ্চাৰণ ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয়, কেতিয়াবা উচ্চাৰণ একে হ'লেও আখৰ জোটনি ভেদে ভিন্ন ভিন্ন অৰ্থ প্ৰকাশ কৰা শব্দ অসমীয়া ভাষাৰ ভঁৰালত আছে, সেইবোৰ শব্দকে আকৌ সম্মোচ্চাৰণ শব্দ বোলে। এনে শব্দবোৰৰ বানান পঢ়াৰ সময়ত ভালকৈ লক্ষ্য কৰিব লাগে। তেনেদৰে লিখোঁতে বানানৰ ক্ষেত্ৰত সচেতন নহ'লে এনেবোৰ শব্দই বাক্যৰ অৰ্থত বিসংগতি আনি দিব পাৰে। তাৰে কিছুমান শব্দ তলত উল্লেখ কৰা হ'ল।
শব্দ          অৰ্থ
কাহ- এবিধ ৰোগ
কাঁহ- এবিধ ধাতু

কঠা- মাটি কালিৰ পৰিমাণ বিশেষ (২৮৮০ বৰ্গ ফুট)
কথা-আলাপ
কথা- বহুত ফটা কাপোৰ সী লোৱা নিহালি

কোণ-চুক, দুডাল ৰেখা মিলিত হৈ উৎপন্ন কৰা চুক
কোন- অনিৰ্দিষ্ট বা অনিশ্চিত ব্যক্তি

কম-তাকৰ
ক'ম-'ক' ধাতুৰ ৰূপ বিশেষ
কেৰাহি-এফলীয়া,বেঁকা(দৃষ্টি)
কেৰাহী- ৰন্ধাৰ পাত্ৰ
কৰি-অসমাপিকা ক্ৰিয়া,কড়ি
কৰী-হাতী

কাজি-বিচাৰক
কাজী-শিপিনী

অটল- স্থিৰ 
অতল-দ'

হাত- হস্ত
হাট-নিদিষ্ট দিনত বস্তুবোৰ কিনা কৰা ঠাই

চাল-কৌশল
ছাল-বাকলি

গিৰি-পৰ্বত
গিৰী-গৰাকী

আবাস-বাসস্থান
আভাস- ইংগিত

বচন-কথা
বসন- কাপোৰ

বাণ-কাঁড়
বান-বাঢ়নী পানী (প্লাৱন)

ভু- বুজ
ভূ-পৃথিৱী

শৰ- এবিধ পহু
সৰ- তপচোৱা গাখীৰত হোৱা চামনি

ভে়ঁট- পানীত হোৱা এবিধ ফুল
ভেট- আগচি ধৰ

শাপ- শাও
সাপ- এবিধ সৰীসৃপ

পানী- জুলীয়া পদাৰ্থ বিশেষ
পাণি- হাত

সংসাৰ-ঘৰ, গৃহস্থী
সংহাৰ- নাশ কৰা

বাহ-চৰাইৰ বাহ
বাঁহ- এবিধ গছ

স্ৰোতা-সোঁত থকা
শ্ৰোতা- শুনোঁতা

স্বন-শব্দ
শ্বন-কুকুৰ

নাৰী-ৰমনী
নাড়ী-ধমনি

শকত-ডাঙৰ পুষ্ট
শাপ- গাড়ী

তদুপৰি একাধিক অৰ্থ থকা শব্দ
অংক-গণিত,নাটৰ ভাগ, চিন, সংখ্যা
আখান- বিৰক্তি, বহুত আম গছ থকা ঠাই
কুমাৰ- কম বয়সীয়া ল'ৰা, পুত্ৰ,এটা জাতি, ৰজাৰ ল'ৰা
কমা-এবিধ যতি,টুটা,কপাহৰ আহ সুবৰ্ণশিকক, উপাৰ্জন কৰা
গুৰু-শিক্ষক, মান্যলোক, গধুৰ, ডাঙৰ
বৰ- দৰা, এবিধ গছ, এবিধ ভজা খাদ্য, ডাঙৰ, স্বামী বাছি লোৱা,দেৱতা আদিৰে দিয়া আশীৰ্বাদ, অতিশয়, তলতীয়া হোৱা

📝সমীৰণ কুমাৰ দাস
অধ্যক্ষ, কনক চন্দ্ৰ জাতীয় বিদ্যালয়,লেকাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)