ঘৰখন, সমাজ আৰু লগৰীয়া - শিশুৰ চৰিত্ৰ গঠনত কাৰক

Rinku Rajowar
0
ঘৰত শিশুৱে আচলতে ডাঙৰক অনুকৰণ কৰে । ঘৰৰ মানুহে যি ধৰণে উঠা, বহা, চলন-ফুৰণ, কথা কোৱা ভংগী, মানুহৰ প্ৰতি ব্যৱহাৰ আদিবােৰ ক'ব নোৱাৰাকৈ দেখি দেখি শিকে । শিশু বৰ  অনুকৰণপ্ৰিয় ।

সেইবাবে শিশুৰ আগত বেয়া শব্দ আদি ধেমালিতে হ'লেও ক'ব নালাগে ।

কেতিয়াবা মানুহৰ মাজতে ( কিছুমানে) শিশুৰ মুখত বেয়া মাত মতাই শুনিবলৈ বিছাৰে আৰু তেনে কৰাতো বৰ বেয়া ।
কাৰণ, সৰুতে তেওঁলোকে যি কথা বেছিকৈ ঘৰত কোৱা শুনা পায়,  তেনে শব্দ বা বাক্য শিকি লয় ।

উদাহৰণ হিচাপে, কিছুমান পৰিয়ালত চৰ মাৰি দিম, ঠাচকৈ এচৰ দিম ৰ', গোৰ মাৰি দিম আদিৰ দৰে কথাবােৰ শুনা যায় আৰু ডাঙৰৰ অনুৰূপ সৰুবােৰেওঁ তেনেদৰে ক'বলৈ শিকে ।

ধনী বা দুখীয়া বুলি কোনাে কথা নাই ভদ্ৰ মানুহৰ ঘৰত মাক-বাপেকৰ নম্ৰ -ভদ্ৰ মাত কথাবােৰ ল'ৰা-ছোৱালীয়েওঁ তেনেদৰে ক'বলৈ শিকে । 

কোনোৱা পৰিয়ালত দেখিছিলো --আইতাকে নিজৰ তপিনাতে চাপৰ এটা দি কৈছিল, " দৰকাৰ পৰিছে মই তাক টকা দিম " ।
তাৰ অলপ পিছতে নাতিনীয়েকেওঁ তপিনাত চাপৰ মাৰি কথা ক'বলৈ শিকিলে । সেই কথাবােৰ ডাঙৰ সকলে গুৰূত্ব দিব লাগিব যে- সৰু সৰু শিশুৰ আগত বেয়া মাত মতা, তেনে ধৰণৰ অশালীন কথা বা অংগী -ভংগী কেতিয়াওঁ দেখুৱাব নালাগে । শিশুৰ জীৱন কালত সেইবােৰ দেখিলে আপোনা -আপুনি মনত ৰৈ যায় আৰু অজানিতে আগতে জেষ্ঠজনৰ ক্ৰিয়া -কলাপবােৰ নকল কৰিবলৈ লয় ।

শিশুক সৰুৰে পৰাই কিছুমান কথা শিকাব লাগে ::
নিজৰ বস্তু নিজ স্থানত থোৱা
ডাঙৰক সন্মান কৰা 
নাকত যেতিয়াই -তেতিয়াই আঙুলি নিদিয়া (যিটাে ডাঙৰ মানুহেও ভুল কৰে)
শিক্ষকক সন্মান কৰা 
মানুহক ভাল ব্যৱহাৰ কৰা 
আনৰ কথাক ভেঙুচালি নকৰা
আৰু বহুতো ....।

শিশুৰ ভুল হ'লে  আঙুলিয়াই দিব লাগে আৰু বুজাই দিব লাগে । যেতিয়ালৈকে নোবোজে তেতিয়ালৈকে মৰমেৰে বুজি পোৱাকৈ বুজাই দিব লাগে । আধা বুজি পোৱাকৈ সাধাৰণতে বুজাৱ নালাগে ।

শিশুৰ শাৰিৰীক গঠনৰ লগতে মানসিক বিকাশাে সমানে গঢ় লৈ উঠে ।  শিশুৰ বিকাশৰ সময়ত যি পৰিৱেশে বিৰাজ কৰে -পাছতো সেই  পৰিৱেশৰ প্ৰভাৱ পৰে ।
সেইবাবে তেওঁলোকৰ বিকাশৰ সময়ত ভাল পৰিৱেশ দিয়াতো অত্যন্ত জৰুৰী ।
শিশুৱে ঘৰখনৰ বাদেওঁ সমাজখনৰ পৰাওঁ সামাজিক শিক্ষা লাভ কৰে । যদি সমাজখন সুস্থ হয় - সেই শিক্ষা সমাজৰ পৰা আহিব, আপোনা- আপুনি  ...॥ 

যদিহে সেই সমাজৰ মাজতে দুষ্ট কু-বুদ্ধিৰ সংগত পৰি কেতিয়াবা ভাল ল'ৰা এটাও বেয়া হৈ যাৱ পাৰে । সাধাৰণতে ঘৰৰ সময় খিনিৰ বাদে ল'ৰা -ছােৱালী সমনীয়াৰ মাজতে ডাঙৰ হয়  আৰু সেই সমনীয়া সকলৰ প্ৰভাৱে ল'ৰা - ছোৱালী নষ্ট হোৱা দেখা যায় ।

সেইবাবে কেতিয়াবা ভাল পৰিয়ালৰ ল'ৰা -ছোৱালীও বেয়া হৈ যায় । তেতিয়া মানুহে মাক -দেউতাকক দোষে । সমনীয়াৰ সংগয়ো উঠি অহা শিশুৰ চৰিত্ৰ গঠনত বহুত প্ৰভাৱ পেলায় । সেইবােৰৰ পৰা উলিয়াই আনি পুনৰ নীতি শিক্ষাৰে ভাল চৰিত্ৰ গঠন কৰাবলৈ কেতিয়াবা বহুত কষ্ট কৰিব লগীয়াত পৰে । 

ল'ৰা -ছােৱালীক আপুনি কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব । 
যদি আপুনি বেয়া ব্যৱহাৰ কৰে - তেতিয়া সিও আপোনাক বেয়া  ব্যৱহাৰ কৰিবলৈ সুবিধা পাব ; গতিকে তাক সেই সুবিধাকণ একেবাৰেই নিদিব ।
মৰমেৰে বুজালে বেছি বুজাৱ পাৰি ।
মৰমেৰে অৱাতে যোৱা শিশুকো উভতাই আনিব পাৰি ।
শিশুক শাস্তি দিলেও -মানসিকভাৱে আঘাত পোৱা শাস্তি দিব নালাগে । যদি বেছি আঘাত পোৱা বা আত্মসন্মানত  আঘাত পোৱা শাস্তি দিয়ে তেতিয়া শিশুৱে আত্মহত্যা কৰিবলৈ বাধ্য হয় ।
শাস্তি লঘু হ'ব লাগে ।
আৰু শিশুৱে বুজিৱ লাগিব যে সি বেয়া কাম কৰাৰ বাবে সি শাস্তিৰ যোগ্য বুলি নিজে বুজি উঠিৱ লাগিব ॥

তেনেকৈ স্কুলৰ পৰাওঁ শিশুৱে শিকে ।
শিশু, কৈশােৰত পোৱা পৰিৱেশে শিশুৰ মনত ভৱিষ্যত জীৱনলৈকে প্ৰভাৱ পেলায় । সুস্থবাতাবৰণে শিশুৰ ভৱিষ্যত আৰু চৰিত্ৰ গঠনত  বহুত প্ৰভাৱ পেলায় । 
তেওঁলোকক সৎ সাহসেৰে সাহসী হ'বলৈ শিকাব লাগে ।

শিশুৰ চৰিত্ৰ গঠনত এই তিনিও দিশৰ যঠেষ্ট অৰিহণা আছে বুলি ক'ব পাৰি ।

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)