অপৰ্ণা লাভাকুমাৰ

©Admin
0
এনে মহিলাও থাকেনে? তেখেত মানুহনে? অকণমান সময় খৰছ কৰি পঢ়কচোন এই সত্য কথা।

অপৰ্ণা লাভাকুমাৰ। হয়তো এটি অচিনাকী নাম আমাৰ বাবে বা কোনো বিশেষত্ব নাই সেই নামটোত। আহক আজি আপোনালোকক সেই নামটোৰ আঁৰৰ এগৰাকী মানব ৰূপী দেৱদূতক চিনাকী কৰি দিওঁ।
     অপৰ্ণা লাভাকুমাৰ হ'ল কেৰেলা পুলিচৰ এগৰাকী senior officer. তেওঁ আন বহুতৰ বাবে কল্পনাতীত এনে এক কাম কৰি আছে যাৰ বিষয়ে জানিলে আপোনালোকৰ ভক্তিত শিৰ নত হৈ যাব। পুলিচৰ সাজত সেই মানুহগৰাকীৰ মূৰত আপুনি কোনো দিন ছুলি নেদেখে। আপুনি কি ভাবে? যে তেওঁৰ ছুলি কিবা ৰোগত আক্ৰান্ত হৈ সৰি গৈছে? নে তেখেতৰ সেয়া একক ষ্টাইল। কিন্তু ইয়াৰ এটাও কাৰণ নহয়।৪৬ বছৰ বয়সৰ মহিলা গৰাকীৰ আছে জানু লম্বিত ঘনঘোৰ একোচা ছুলি। কিন্তু তেখেতে সেই ছুলি মুণ্ডন কৰি পেলাই কিছু শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ। তেখেতে পুলিছৰ চাকৰিৰ লগতে স্কুলত শিশু সকলক নানা সচেতনতা মূলক প্ৰশিক্ষণ দিয়াৰ কামো কৰিছিল,এদিন দেখিলে যে এটি  পঞ্চম মানত পঢ়ি থকা শিশুৰ মূৰত এদালো ছুলি নাই আৰু শিশুটিৰ কেশহীনতাৰ বাবে লগৰ বহু সমনীয়াই তাক জোকাইছিল। আচলতে শিশুটো কৰ্কট ৰোগাক্ৰান্ত শিশু আছিল আৰু কেম'থেৰাপিৰ প্ৰভাবত তাৰ ছুলিবোৰ সৰি গৈছিল।
    অপৰ্ণা লাভাকুমাৰ তাত খন্তেক সময়ো নৰৈ ওচৰৰ এখন চেলুনলৈ গ'ল আৰু গৈ নিজৰ আঠুলৈ পৰা ঘন ছুলিখিনি মুণ্ডন কৰি পেলালে। সেই ছুলিৰে তেখেতে উইগ বনাব দিলে যাতে কৰ্কট ৰোগাক্ৰান্ত শিশুয়ে তেওঁৰ ছুলিৰে নিৰ্মিত উইগ পিন্ধি জীৱনৰ হেৰুৱা ৰং ঘূৰাই পাব পাৰে। এটা উইগ বনাবৰ বাবে ৪০০ গ্ৰাম ছুলিৰ প্ৰয়োজন। তেখেতে প্ৰতিবাৰেই ছুলিবোৰ মুণ্ডন কৰি উঠা পাছত সোনকালে ন ছুলি গজাবলৈ,সেই ছুলিবোৰ সোনকালে দীঘল আৰু শক্তিশালী কৰিবলৈ নানা উপকৰণ আৰু পৰিচৰ্য্যা কৰে আৰু ছুলিবোৰ গজি দীঘল হলেই সেয়া মুণ্ডন কৰি কৰ্কট ৰোগাক্ৰান্ত শিশুৰ বাবে দান কৰে।
     কেৰেলা পুলিচৰ ইউনিফৰ্মৰ নিয়ম অনুসৰি কোনো পুলিচে ছুলি মুণ্ডন কৰিব নোৱাৰে, কিন্তু অপৰ্ণা লাভাকুমাৰৰ উদ্দেশ্য মহৎ হোৱা বাবে উচ্চতম কৰ্তৃপক্ষই তেওঁক ছুলি মুণ্ডন কৰি থাকিবলৈ অনুমতি প্ৰদান কৰে।
    অকল এয়াই নহয় অপৰ্ণা লাভাকুমাৰে ইয়াৰ আগতেও ২০০৮ চনত বাতৰিৰ শিৰোনামা দখল কৰিছিল নিজৰ মহানতাৰ বাবে। এটি দুখীয়া পৰিয়ালৰ মহিলা এগৰাকীৰ হস্পিটেলত মৃত্যু হৈছিল। মৃত শৰীৰটো হস্পিটেলখনে তেওঁৰ সন্তানৰ হাতত অৰ্পন কৰা নাছিল কিয়নো তাৰ আগতে হস্পিটেলৰ বিল ৬০ হাজাৰ টকা পৰিশোধ কৰিব লাগিব পৰিয়ালে। কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ বাবে সিমান টকা পৰিশোধ কৰা সম্ভব নাছিল। সেই খবৰ পায় অপৰ্ণা লাভাকুমাৰ হস্পিটেলখনলৈ যায় আৰু নিজৰ হাতৰ সকলো সোণৰ খাৰু হস্পিটেলৰ কৰ্তৃপক্ষক অৰ্পন কৰি মহিলা গৰাকীৰ শৱদেহ হস্পিটেলৰ পৰা মোকলাই সন্তানৰ হাতত চমজাই দিয়ে। এই ক্ষেত্ৰত অপৰ্ণা লাভাকুমাৰে কয় যে, " নিজৰ মৃত মাকৰ শৱদেহটো সন্তান সকলে চাব নোৱাৰা বেদনাতকৈ মোৰ সোণৰ খাৰু কেইযোৰ বহু সৰু"
                       

    সেই গৰাকীয়েই অপৰ্ণা লাভাকুমাৰ। নাৰীৰ সৌন্দৰ্য্য কেশগুচ্ছ। যি গৰাকী নাৰীয়ে নিজৰ বাহ্যিক সৌন্দৰ্য্যলৈ লক্ষ্য নকৰি  কৰ্কট ৰোগাক্ৰান্ত শিশুৰ নামত সেই কেশ দান দি আহিছে , যি গৰাকী আৰক্ষীয়ে আৰক্ষী পোচাকৰ আঁৰত এখনি সুকোমল দিব্য আত্মা কঢ়িয়াই ফুৰে,তেওঁ জানোঁ মানুহ?
     সেয়ে হয়তো তেখেতৰ বিষয়ে কোৱা হয়, This female cop from Kerala is nothing less than An angel
     সঁচাই মানব ৰূপী দেৱদূত গৰাকী সকলোৰেই আদৰ্শ আৰু শ্ৰদ্ধাৰ পাত্ৰ। 
   বহু নেতিবাচক খবৰ বা বিষয় বতাহৰ বেগত শ্বেয়াৰ হয়; আহকচোন এনে ধনাত্মক খবৰবোৰ শ্বেয়াৰ কৰি এক ধনাত্মক পৰিবেশ গঢ়ি তোলোঁ।সেয়ে তেখেতলৈ সন্মান জনাই আৰু সেই মহিয়সী নাৰীৰ গৰিমা বিস্তাৰিত কৰা উদ্দেশ্যে গৌৰৱেৰে পোষ্টটো শ্বেয়াৰ কৰিব পাৰে।

সংগ্ৰহ: ফেচবুকৰ পৰা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)