কলেজীয়া জীৱনৰ অনুভৱ-০১

©Admin
0

স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলেজীয়া জীৱনত ভৰি দিলোঁ ৷ এটা মুক্ত আৰু স্বাধীনচিতীয়া পৰিৱেশৰ অনুভৱ হয় ৷

কলেজীয়া জীৱনত স্কুলৰ দৰে পদেপদে অনুশাসন নাই ৷

নতুন নতুন বন্ধু বান্ধৱ লগ পাওঁ ৷ তই মই সম্বন্ধেৰে বন্ধুত্ব সাৱলীল হয় ৷ যেতিয়া কলেজত অন্তৰংগ হয় তেতিয়া আপুনিৰ পৰা তুমি হয় ৷ হয়তো তুমিৰ পৰা তাইলৈ ৰূপান্তৰিত হয় ৷ শৈশৱৰ পৰা কৈশোৰ কাল সময়চোৱাত একোটাকৈ মনোমত  পৰম বন্ধু বিচৰা প্ৰৱণতা ৷ বন্ধু হ'ল তেওঁলোকেই যাৰ লগত ৰুচি- অভিৰুচি ৷ চিন্তা ধাৰা মিল থাকে ৷ কিন্তু সমস্যা হ'ল এই সংসাৰত প্ৰতিজন ব্যক্তিৰে ৰুচি- অভিৰুচি ৷ চিন্তা ধাৰা প্ৰায় বেলেগ বেলেগ ৷ গতিকে সেই অনুসাৰে ব্যক্তিৰ মানসিক চাহিদাও বেলেগ বেলেগ ৷ এটা সত্য কথা কওঁ যে মানুহ অকলসৰীয়া প্ৰাণী ৷ কৈশোৰৰ পৰা আমাৰ বন্ধুৰ প্ৰয়োজন ৷ স্কুলত গৈয়ে সৰ্বপ্ৰথমে আমি মনেমিলা বন্ধু এটা বিচাৰো কিন্তু কোনো এজনহে বন্ধু হয় ৷ এজনৰ সকলোৱে নহয় কিয় ? এই প্ৰশ্নৰ উত্তৰ দিয়া কঠিন ৷ কাৰণ এই বয়সত বন্ধুত্ব গঢ়া হয় আমাৰ অবচেতন মনৰপৰা ৷ যেনে অবচেতন মনৰপৰাই শিশুৰ ভাললগা, বেয়ালগা, ব্যক্তিগত পছন্দ অপছন্দ আদি গঢ় লৈ উঠে ৷ কাৰোবাৰ ৰঙা ৰং তো কাৰোবাৰ নীলা ৰং পছন্দ ৷ কোনোবাই আঙুৰ ভাল পাই তো কোনোবাই আপেল ভালপাই ৷ এই অবচেতন মনেৰেই পৰস্পৰৰ লিংগক আকৰ্ষণ কৰে ৷ 

                 আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)