মিছিংসকলৰ বসন্ত উৎসৱ প:ৰাগ বা নৰাছিগা বিহু-০১

©Admin
0


                
                
আৰম্ভণি:  ঋতুৰাজ বসন্ত হৈছে আনন্দ আৰু উৎসৱৰ ঋতু।বসন্ত ঋতুৰ আগমনৰ লগে লগেই অসমীয়াৰ মন মতলীয়া হৈ পৰে।অসমীয়া জাতীয় জীৱন সীমাহীন উলহ-মালহ আৰু উখল- মাখলেৰে আনন্দমুখৰ কৰি তোলে।বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ ৰীতি-নীতি,প্ৰথা-পৰম্পৰাৰে নিজা উৎসৱ নিজা ধৰণেৰে পালন কৰে।তাৰে ভিতৰত মিছিংসকলে পালন কৰা "আলি-আয়ে লৃগাং"ৰ পিছতেই প:ৰাগ উৎসৱ হৈছে অন্যতম যাক আমি মিছিংৰ "বসন্ত উৎসৱ" হিচাপে বিবেচিত কৰিব পাৰো।এই উৎসৱটিত নৃত্য গীতিৰে চৌপাশ মুখৰিত হৈ পৰে।
              সৰ্বসাধাৰণতে অসমীয়া মানুহৰ জীৱন আৰু জীৱিকাৰ ভিত্তি হৈছে কৃষি।সেয়ে উৎসৱ পাৰ্ৱনবোৰো কৃষিক ভিত্তি কৰিয়ে গঢ় লৈ উঠা দেখা যায়।আনকি উৎসৱৰ গীত মাতবিলাকো আৱেগ অনুভূতিৰে সৃষ্ট,য'ত  জীৱন যৌৱনৰ আনন্দ উল্লাস প্ৰকাশিত হোৱা দেখা যায়।ঠিক তেনেকুৱা এটা কৃষিভিত্তিক উৎসৱ হ'ল মিছিংৰ "প:ৰাগ বা নৰাচিগা" ।এই উৎসৱটি ধান চপোৱাৰ পিছত আয়োজন কৰা হয় বাবে বহুতে কৃষিভিত্তিক উৎসৱ বুলি কোৱাতকৈ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান বুলিহে ক'ব  খোজে।
পূৰ্বতে মিছিংসকলে আহু ধানৰ খেতি চপোৱাৰ পিছত আহিন কাতি মাহত পঃৰাগ উৎসৱ পাতিছিল যদিও পিছলৈ শালি ধানৰ খেতি চপোৱাৰ পিছত মাঘ-ফাগুন মাহত উদযাপন কৰিবলে লয়।বিশিষ্ট লেখক বসন্ত কুমাৰ দলে মন্তব্য দিয়ে যে -"it is generally celebrated at an interval of 5-10 years by a village,preferably in the month of Magha or Faguna(the 10th or eleventh month in the Assamese calender)".
      এই উৎসৱটি সাধাৰণতে তিনিদিনীয়া বা পাঁচদিনীয়াকৈ  সমূহীয়াভাৱে পালন কৰা হয়।তাহানিতে প্ৰতিবছৰে আয়োজন কৰিছিল যদিও বৰ্ত্তমান তিনিবছৰ,পাঁচবছৰ,দহবছৰ অথবা সুবিধা অনুযায়ী আয়োজন কৰা দেখা যায়।পঃৰাগ উৎসৱৰ আয়োজন গাওঁৰ মানুহে বহুদিনৰ আগৰ পৰাই প্ৰস্তুতি চলায়। কিয়নো ইয়াৰ বাবে যথেষ্ট পৰিমানৰ ধন আৰু সামগ্ৰীৰ প্ৰয়োজন।

                    (আগলৈ)

 🖋️ উত্তম লইং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)