ৰৈ যা সোঁৱৰণী

©Admin
0
ঐ তই  আজিকালি কবিতা নিলিখ কিয়?
:সময় নাই মোৰ।
:কিয়?
:অংকত মেজৰ লৈছো বুজিছ।ছয়খন পেপাৰৰ পৰীক্ষা দিব লাগিব এইবাৰ।কবিতা লিখিলে ৰোমাণ্টিক টাইপ ফিলিং এটাই দিগদাৰি কৰি থাকে।টপলজি,ৰিয়েল এনালাইছিছ,ডিফাৰেঞ্চিয়েল ইকুৱেছন  এইবোৰে মোৰ টোপনি হৰণ কৰিছে বুজিছ।কবিতা লিখি পেনপেনাই থাকিলে নহ'ব ।ভৱিষ্যতৰ কথা আছে।তই নুবুজিবি সেইবোৰ।গহীনাই কয় সি।
:গণিত প্ৰণামো তোমাক।হাতযোৰ কৰি দেখুৱাই কেঁকোৰা চুলিখিনি জোকাৰি দুবৰিয়ে ডিপাৰ্টমেণ্টৰ ফালে খোজ ল'লে ।পিছফালৰ পৰা চাই ৰোৱা আকাশৰ তাইৰ চুলিখিনিলৈ অগৰা গুটি এটা দলিয়াই দিয়াৰ তীব্ৰ হেঁপাহ এটাই উকমুকাই উঠে।সুঁহুৰি এটাই আহি বুকুৰ ফেৰেঙনিত ওলমি ৰয়।
কলিজা দুফাল কৰি কেনি যোৱা তুমি
ধূলিয়ৰি গৰখীয়া বাট 
একোকে নেদেখি..
 আকৌ কবিতাই আমনি কৰে তাক!জোৰ কৰি শলখা মাৰে সি বুকুৰ বৰঘৰৰ!বি প্ৰেক্টিকেল আকাশ নিজকে কয় সি।
হোষ্টেলৰ খিড়িকীৰ ফাঁকেৰে উৰ্ধমুখী আমলখিৰ ডাল এটাই তাৰ চকুত ধৰা দিয়ে।ঠিক যেন তাৰ সপোনটো..জীৱন গঢ়াৰ..নাভাগৰাৰ..এজাপ কেকোঁৰা চুলিয়ে মাজে মাজে ডোলা দি যায়.ভোমাৰাকলীয়া অবাক অবাক চকুহালে সুধি যায় 'কবিতা  কিয় নিলিখ?'
কবিতা মন গ'লেই লিখিব পাৰি নেকি! একো নুবুজে এইজনীয়ে..তথাপি কিয়  এই অবাধ অহা যোৱা??
অংকত খেলিমেলি কাহানিও হোৱা নাই তাৰ।যোৱা দুবছৰৰ ৰিজাল্ট খুবেই ভাল।তৃতীয় বৰ্ষৰ বাবে যেন দুগুণ উছাহেৰে পঢ়িছে সি।কবিতা ভাল পায় সি।নিজক প্ৰকাশ কৰাৰ আটাইতকৈ সহজ উপায়। 
ৰুমলৈ আহি দুবৰিয়ে বেগটো দলি মাৰি ভোৰভোৰাই উঠে গহীণ হৈ দেখুৱাব আহিছে।কবিতা নিলিখে!আজিৰ পৰা নামাতোৱেই তাক।অংক পঢ়িছে ডাঙৰ মানুহ হ'ব!আমিবোৰ মানুহেই নহয়! 
গুলপীয়া চুৰিদাৰযোৰ পিন্ধি আহি আছে দুবৰি।চুৰিদাৰযোৰে দুবৰিক তুলি ধৰিছে নে দুবৰিয়ে চুৰিদাৰযোৰক তুলি ধৰিছে সি ঠিক ধৰিব পৰা নাই!
তাৰফালে নোচোৱাকৈয়ে গুচি যায় তাই।
সুঁহুৰি এটাই আকৌ জোকাই থৈ যায় তাক!অগৰা গুটি এটা পোৱাহেঁতেন!ৰঙাজিঞা এটা হৈ উৰি যায় তাৰ ভাৱনাৰ চিলা..
কেলকুলাচত বন্দী হয় জীৱনৰ সংজ্ঞা...
হোষ্টেলৰ লেণ্ডলাইনটোৰ কাষত পাৰ হয় কেইবাটাও বিষণ্ণ আবেলি। 
অংকবোৰ বাৰে বাৰে ভুল হয়। সূত্ৰবোৰ বাৰে বাৰে পাহৰি যায় সি।সূত্ৰ ভুল হ'লে জীৱন ভুল..অংক ভুল..
এৰালচিগা সপোনেতো নাজানে
 হালধীয়া হোৱা হেঁপাহৰ অনুস্বৰ বিসৰ্গ---
তিনিবাৰ এৰি  এৰি ৰিং হোৱা ফোনটো আহিলেই বাকীবোৰে চিঞৰে "আকাশ আহি গ'ল আহি গ'ল"।ফোনটো আকাশে নধৰিলে কাটি দিয়ে দুবৰিয়ে।সেয়েহে এই আবেলিৰ অনন্ত অপেক্ষা.. ফোন আহে.. সিপাৰত নিৰৱতা..হ'লেও কোনো কথা নাই! আকৌ জীপাল হয় আকাশ!অংকবোৰ শুদ্ধ হয়.. কবিতাবোৰে জোকাই থৈ যায়।আজি দুবছৰে কোনেও কাকো সোধা নাই কি নাম এই অপেক্ষাৰ।
হোষ্টেলৰ ৰাতিবোৰ ক্ৰমাৎ উজলি আহে। পৰীক্ষাবোৰ চমু চাপি আহে।ৰাতিহে বাঢ়ে পঢ়াৰ চিন্তা. .দিনত যেন পৃথিৱীৰ সমস্ত ব্যস্ততা ..কোনোৱে ছিলেবাছৰ পৰা আৰম্ভ কৰে,কোনোৱে ৰিভিজনৰ পৰা আৰম্ভ কৰে!ব্যস্ততা একেই!মাজতে প্ৰেম আৰু কবিতায়ো ভূমুকি মাৰে।।
 ফুটুকীয়া হেঁপাহে কুটি খাই হিয়া..তুমিতো নাজানা প্ৰিয়া..
গণিতে কবিতা লিখে ডিনেমিকছৰ বহীত! হোষ্টেলত তাক গণিত বুলিয়েই মাতে!
ৰুমমেট অসমীয়া মেজৰে ডিম বয়ল কৰি খুৱাই!গণিতত কষ্ট বেছি বোলে!!মাজে মাজে হোষ্টেল এৰি যোৱাৰ দুখটোৱেও উক দি উঠে..
পৰীক্ষাবোৰ শেষ হয়..দূৰণিৰখিনিয়ে ৰাতিৰ বাছৰ টিকট কৰে..ৰুমবোৰ লাহে লাহে উদং হয়।ঘৰমুখী হয় এজাক যৌৱন..প্ৰতিশ্ৰুতিৰে..নাপাহৰাৰ..পুনৰ লগ পোৱাৰ..উদং কোঠাবোৰে সামৰি থয় কাহানিও নজহা নপমা কথাবোৰ...ৰান্ধনী দাদাজনে কয় "তোমালোক গুচি গেলি মোৰ বয়া লাগবু হা"।আমলখি জোপাইয়ো যেন তাক শুভকামনা জনায় কাহানিও নাভাগৰাৰ..
ৰওঁ বুলিলেইতো ৰৈ দিয়া  নাযায়
 যিদৰে এৰো বুলিলেও এৰি যাব  নোৱাৰি সোঁৱৰণীৰ পাৰঘাট।
পুৱাৰ বাছত দুবৰি যাবগৈ।শুই উঠিয়েই তাইৰ হোষ্টেলৰ সমুখত ৰয়গৈ সি।
:বাছত তুলি দিম ব'ল।
:বিদায় দিবলৈ একদম উৰি আহিলি ন? খুউব ভাল পালি ন? কামোৰজনী যামগৈ।
: কি বুলি ক'লে ভাল পাবিনো তই?
:হ'ব দে।বেগটো ধৰ।চকুহালত অজস্ৰ কৌতুক তাইৰ।কাগজ এখন আগবঢ়াই দিয়ে তালৈ।ঘৰৰ লেণ্ডলাইনৰ নাম্বাৰটো ল।তিনিবাৰ এৰি এৰি ৰিং কৰিবি ।ময়েই ধৰিম। 
: সদায় খবৰ ল'ম তোৰ।
:ঘৰৰ ঠিকনাটো পিছত দিম যদি তই দৰকাৰী বুলি ভাৱ! 
: তোৰ ঘৰত গৈ থিয় হ'বলৈ নিজে থিয় হ'ব নালাগিব জানো!
:থিয় হোৱাটো ডাঙৰ কথা নহয় বুজিছ ।ৰৈ থকাৰ ব এৰি যোৱাৰ অজুহাতটোহে ডাঙৰ কথা।কবিতা তইহে লিখ।তইহে বুজিবি ভালকৈ।
কেকোঁৰা চুলিখিনি জোকাৰি  দুবৰি যায়গৈ কাহানিও নিলিখা এটা কবিতাৰ সম্ভাৱনা হৈ। আমলখি এজোপা হৈ থিয় হোৱাৰ হেঁপাহ এটাই কুণ্ডলী পকাই মেৰিয়াই ধৰে তাক...শিপা হৈ মাটি খামুচি লোৱাৰ ..নাভাগৰাৰ..(সমাপ্ত)

🖊️ জ্যোৎস্না হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)